অসম কঁপোৱা 'কা' বিৰোধী আন্দোলন আচলতে আছিল নাটক। হয়, বহুতে দাবী কৰি থকাৰ দৰে এয়া জাতি ৰক্ষাৰ আন্দোলন নাছিল! আছিল কেৱল নাটক।
'কা' বিৰোধী আন্দোলনক নাটক আখ্যা দিছে প্ৰাক্তন বিধায়িকা আঙুৰলতা ডেকাই। ২০১৯ বৰ্ষৰ ডিচেম্বৰত আৰম্ভ হোৱা 'কা' বিৰোধী আন্দোলনৰ দুবছৰৰ হও হও অৱস্থাত পুনৰ ওলাল 'কা' আন্দোলনৰ প্ৰসংগ। বটদ্ৰৱাৰ প্ৰাক্তন বিধায়িকাগৰাকীয়ে আজি তেজপুৰত বিজেপিৰ কাৰ্যালয়ত উপস্থিত হোৱাৰ পিছতে এই মন্তব্য কৰে।
বিজেপিৰ মহিলা মৰ্চাৰ সভানেত্ৰীৰ দায়িত্বত থকা আঙুৰলতা ডেকাই কয়– "'কা' আন্দোলন যে নাটক আছিল সেয়া ইতিমধ্যে সকলোতে পৰিগণিত হৈ গৈছে। 'কা' আন্দোলনক লৈ যি ব্যৱস্থা কৰিলে সেয়া নাটক আছিল। আজি বহুকেইগৰাকী 'কা' আন্দোলনকাৰীয়ে বিজেপিত যোগদানো কৰিছে। গতিকে 'কা' আন্দোলনক নাটক বুলিয়েই ক'ব লাগিব ন!"
উল্লেখ্য, আঙুৰলতা ডেকা (Angoorlata Deka)ই অসমৰ ৰাইজে উন্নয়ন বিচাৰে বুলি উল্লেখ কৰি প্ৰসংগক্ৰমে কয় যে 'কা' বিৰোধী আন্দোলন (anti-CAA movement) ৰ বিষয়টো এতিয়া পুৰণি ইছ্যু। ৰাইজে সকলো বুজি পাইছে আৰু বহুসংখ্যক ভোটৰ ব্যৱধানত বিজেপিক জয়ী কৰাইছে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|