এগৰাকী অসমীয়া অভিনেত্ৰীৰ আন্তঃৰাষ্ট্ৰীয় সাফল্যত উৎসাহিত হৈ আনগৰাকী অসমীয়া অভিনেত্ৰীয়ে জনালে শুভেচ্ছা। টৰণ্টো আন্তঃৰাষ্ট্ৰীয় মহিলা চলচ্চিত্ৰ মহোৎসৱত 'চেমখোৰ' নামৰ কথাছবিৰ বাবে 'শ্ৰেষ্ঠ অভিনেত্ৰী বঁটা' (Best Actress Award) লাভ কৰিবলৈ সক্ষম হোৱা অভিনেত্ৰী আইমী বৰুৱাক অভিনেত্ৰী তথা বিজেপি নেত্ৰী আঙুৰলতা ডেকাই বিজেপিৰ মহিলা মৰ্চাৰ হৈ শুভেচ্ছা জ্ঞাপন কৰে।
ডেকাই অসমীয়া নাৰীৰ প্ৰতিভা তথা দক্ষতাই বিভিন্ন ক্ষেত্ৰত ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত প্ৰতিষ্ঠা লাভ কৰি উজলি উঠাটো প্ৰতিগৰাকী অসমীয়াৰ বাবে অত্যন্ত প্ৰেৰণা আৰু উৎসাহজনক কথা বুলি উল্লেখ কৰে।
আজি ভাৰতীয় জনতা পাৰ্টী, অসম প্ৰদেশ মহিলা মৰ্চাৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন তথা সম্বৰ্ধনা জ্ঞাপন কৰে আঙুৰলতা ডেকাই৷ সম্বৰ্ধনা জ্ঞাপন কৰি অভিনেত্ৰীগৰাকীয়ে আইমী বৰুৱাৰ সফলতা প্ৰসংগত কয় যে এই সকল অসমীয়া আদৰ্শৱান নাৰীয়ে নিজৰ সৃজনশীল কৰ্মৰাজিৰে প্ৰতিটো প্ৰজন্মক উদ্বুদ্ধ কৰি আহিছে৷
ডেকাই কয়– 'অসমৰ পৰা প্ৰথমবাৰলৈ ট'ৰন্টো আন্তঃৰাষ্ট্ৰীয় মহিলা চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ অভিনেত্ৰী তথা পৰিচালিকাৰ বঁটা লাভ কৰা আইমী বৰুৱা ডাঙৰীয়ানীৰ এই ঈৰ্ষণীয় সফলতাৰ প্ৰেৰণাই অসমৰ নাৰী সমাজ আৰু নৱ প্ৰজন্মক যথেষ্ট প্ৰভাৱিত কৰিব৷ আইমী বৰুৱা ডাঙৰীয়ানীৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ৷'
উল্লেখ্য, 'চেমখোৰ' (‘Semkhor’) আইমী বৰুৱা (Aimee Baruah)ৰ দ্বাৰা পৰিচালিত প্ৰথমখন ডিমাচা ভাষাৰ চলচ্চিত্ৰ (Dimasa film)। এই চলচ্চিত্ৰখনে টেগৰ ইণ্টাৰনেচনেল ফিল্ম ফেষ্টিভেলতো ৩টা শিতানত সন্মান লাভ কৰিছিল।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|