• Home
  • »
  • News
  • »
  • assam
  • »
  • আঙুৰলতাক জোনবাইৰ সাধু শুনোৱা মানুগৰাকী আৰু নাই, আবেগিক আঙুৰলতাই লিখিলে – ‘তৰাবোৰৰ মাজত সুখেৰে থাকক...’

আঙুৰলতাক জোনবাইৰ সাধু শুনোৱা মানুগৰাকী আৰু নাই, আবেগিক আঙুৰলতাই লিখিলে – ‘তৰাবোৰৰ মাজত সুখেৰে থাকক...’

এক আবেগিক পোষ্টত আঙুৰলতা ডেকাই লিখিছে, ‘‘মৰমৰ আইতাই আজি আমাক এৰি কোনোবা নেদেখা দূৰণিলৈ গুচি গ’ল।’’

এক আবেগিক পোষ্টত আঙুৰলতা ডেকাই লিখিছে, ‘‘মৰমৰ আইতাই আজি আমাক এৰি কোনোবা নেদেখা দূৰণিলৈ গুচি গ’ল।’’

এক আবেগিক পোষ্টত আঙুৰলতা ডেকাই লিখিছে, ‘‘মৰমৰ আইতাই আজি আমাক এৰি কোনোবা নেদেখা দূৰণিলৈ গুচি গ’ল।’’

  • Share this:
বিজেপি নেত্ৰী তথা অভিনেত্ৰী আঙুৰলতা ডেকাৰ আইতাকৰ (মাকৰ মাক) দেহাৱসান। বৃহস্পতিবাৰে ইহলীলা সম্বৰণ কৰে আঙুৰলতাৰ আইতাকে। এই কথা ছচিয়েল মিডিয়াযোগে প্ৰকাশ কৰিছে আঙুৰলতা ডেকাই। এক আবেগিক পোষ্টত আঙুৰলতা ডেকাই লিখিছে, ‘‘মৰমৰ আইতাই আজি আমাক এৰি কোনোবা নেদেখা দূৰণিলৈ গুচি গ’ল। মাথোঁ ৰৈ গ’ল জীৱন বাটত কাহানিও পাহৰিব নোৱাৰা আইতাৰ সন্নিধ্যৰ মধুৰ স্মৃতিবোৰ।

আঙুৰলতা ডেকাই ছচিয়েল মিডিয়া পোষ্টত লিখিছে, ‘‘মৰমৰ আইতাই (মাৰ মাক) আজি আমাক এৰি কোনোবা নেদেখা দূৰণিলৈ গুচি গ'ল৷ মাথোঁ ৰৈ গ'ল জীৱন বাটত কাহানিও পাহৰিব নোৱাৰা আইতাৰ সান্নিধ্যৰ মধুৰ স্মৃতি বোৰ৷ গৌৰৱেৰে কওঁ, আন বহুতৰ দৰেই মইও সৰুতে আইতাৰ পৰা জোনবাইৰ দেশৰ সাধুবোৰ শুনিয়েই ডাঙৰ হৈছোঁ৷ সেয়েহে নাতিনী হিচাপে মোৰ জীৱনতো আইতাৰ মধুৰ সান্নিধ্যৰ প্ৰভাৱ অনস্বীকাৰ্য৷ পৃথিৱীৰ পোহৰ দেখিয়েই আইতাৰ সান্নিধ্যৰে মোৰ জীৱনৰ বহু প্ৰাপ্তি আৰু হয়টো আইতাও সেই সকল ভাগ্যৱানৰ মাজৰে এগৰাকী যিয়ে নিজৰ পৰা মোৰ মা আৰু মোৰ মাজেদি নমামীলৈকে চাৰিটা প্ৰজন্মৰ মৰম আৰু অভিজ্ঞতা বুকুত বান্ধি জীৱন সামৰাৰ সৌভাগ্য হ'ল৷ ঈশ্বৰক প্ৰাৰ্থনা জনাইছোঁ, তাহানিতে ৰাতিৰ আকাশত আইতাই আঙুলিয়াই দেখুৱাই যোৱা জোনবাইৰ দেশৰ সেই তৰা বোৰৰ মাজৰ এটা তৰা হৈ আইতা বৰ সুখেৰে থাকক৷ আমি ইয়াৰ পৰাই আইতাক সদায় চাই থাকিম আৰু মনৰ কথাবোৰ ক'ম৷ শেষ বিদায় জনালোঁ আইতা তোমাক৷ ঔঁম শান্তি।’’


আঙুৰলতা ডেকাৰ এই পোষ্টত বিভিন্নজনে গভীৰ সমবেদনা জ্ঞাপন কৰাৰ লগতে আইতাৰ বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰিছে।
Published by:Sanjay Kumar Das
First published: