সম্পৰ্ক অভিযানঃ পদ্মশ্ৰী ডাঃ ইলিয়াছ আলী, লক্ষ্মীনন্দন বৰাৰ বাসগৃহত কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৰ নেতৃত্বত দলে বলে বিজেপি নেতা!

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিৰ্দেশ অনুসৰি বিগত লোকসভা নিৰ্বাচনৰ আগৰ পৰাই বিজেপি নেতৃত্বই সমগ্ৰ দেশতে অব্যাহত ৰাখিছে জন সম্পৰ্ক অভিযান

News18-Assam
Updated:September 22, 2019, 4:17 PM IST
সম্পৰ্ক অভিযানঃ পদ্মশ্ৰী ডাঃ ইলিয়াছ আলী, লক্ষ্মীনন্দন বৰাৰ বাসগৃহত কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৰ নেতৃত্বত দলে বলে বিজেপি নেতা!
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিৰ্দেশ অনুসৰি বিগত লোকসভা নিৰ্বাচনৰ আগৰ পৰাই বিজেপি নেতৃত্বই সমগ্ৰ দেশতে অব্যাহত ৰাখিছে জন সম্পৰ্ক অভিযান
News18-Assam
Updated: September 22, 2019, 4:17 PM IST
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিৰ্দেশ অনুসৰি বিগত লোকসভা নিৰ্বাচনৰ আগৰ পৰাই বিজেপি নেতৃত্বই সমগ্ৰ দেশতে অব্যাহত ৰাখিছে জন সম্পৰ্ক অভিযান। ব্যতিক্ৰম নহয় ৰাজ্যিক বিজেপিও। ইতিমধ্যে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালকে প্ৰমুখ্য কৰি ৰাজ্যিক বিজেপিৰ শীৰ্ষ স্থানীয় নেতা সকলে ৰাজ্যৰ বিভিন্ন ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তি সকলক সাক্ষাৎ কৰি চৰকাৰৰ উন্নয়নমূলক কাম কাজৰ কিছু খতিয়ান দাঙি ধৰাৰ লগতে বিভিন্ন দিশত দিহা পৰামৰ্শ গ্ৰহণ কৰিছে।



বিজেপিৰ জন সম্পৰ্ক অভিযানৰ অংশ হিচাপে দেওবাৰে কেন্দ্ৰীয় ক্ৰীড়া আৰু যুৱ কল্যাণ, সংখ্যালঘু পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰী শ্ৰী যুত কিৰণ ৰিজিজু, ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসকে প্ৰমূখ্য কৰি বহু কেইজন বিজেপিৰ জ্যেষ্ঠ নেতা উপস্থিত হৈ সমাজৰ বিভিন্ন স্তৰৰ বিশিষ্ট ব্যক্তিৰ বাসগৃহত উপস্থিত হৈ সম্পৰ্ক অভিযান অংশ হিচাপে মতবিনিময় কৰে।



ডাঃ ইলিয়াছ আলীৰ বাসগৃহত উপস্থিত হয় কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজু। কেন্দ্ৰীয় ক্ৰীড়া আৰু যুৱ কল্যাণ, সংখ্যালঘু পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰী শ্ৰী যুত কিৰেণ ৰিজিজু, ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসকে প্ৰমূখ্য কৰি বহু কেইজন বিজেপিৰ জ্যেষ্ঠ নেতা উপস্থিত আলীৰ সৈতে কিছু সময় বাৰ্তালাপ কৰে। লক্ষ্মীনন্দন বৰাৰ বাসগৃহতো উপস্থিত হয় কেন্দ্ৰীয় মন্ত্ৰী সহ বিজেপি নেতৃত্ব৷



ইয়াৰ পিছতে দলটো উপস্থিত হয়  গিলবাৰ্টচন চাংমাৰ কাহিলীপাৰাস্থিত বাসগৃহত।

 
আৰু চাওক পৰৱৰ্তী বাতৰি