মুখ্যপৃষ্ঠা » খবৰ

» অসম

»কোৰোণা প্ৰট'কল ভংগ কৰি বিজেপিৰ জন আশীৰ্বাদ যাত্ৰা! থানাই থানাই এজাহাৰ দাখিল AJPৰ, উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হ'ব দুৰ্নীতি বিৰোধী যুৱ শক্তি অসম

কোৰোণা প্ৰট'কল ভংগ কৰি বিজেপিৰ জন আশীৰ্বাদ যাত্ৰা! থানাই থানাই এজাহাৰ দাখিল AJPৰ, উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হ'ব দুৰ্নীতি বিৰোধী যুৱ শক্তি অসম

News18 Assam | News18-Assam
Updated:August 22, 2021, 4:27 PM IST
কোৰোণা প্ৰট'কল ভংগ কৰি বিজেপিৰ জন আশীৰ্বাদ যাত্ৰা! থানাই থানাই এজাহাৰ দাখিল AJPৰ, উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হ'ব দুৰ্নীতি বিৰোধী যুৱ শক্তি অসম
জন আশীৰ্বাদ যাত্ৰা নহয়,জন ঠাট্টা যাত্ৰা এয়াঃদুৰ্নীতি বিৰোধী যুৱ শক্তি অসম

জন আশীৰ্বাদ যাত্ৰা নহয়,জন ঠাট্টা যাত্ৰা এয়াঃদুৰ্নীতি বিৰোধী যুৱ শক্তি অসম

  • Share this:
কোৰোণা এনে ভয়াৱহ সময়ৰ মাজতে বিজেপিয়ে ৰাজ্যজুৰি আৰম্ভ কৰিছে জন আশীৰ্বাদ যাত্ৰা। কেন্দ্ৰীয় মন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণৰ পিছতে সৰ্বানন্দ সোণোৱালে বহুকেইখন জিলাক সামৰি জনতাৰ আশীৰ্বাদ লোৱাৰ নামত জন আশীৰ্বাদ যাত্ৰাত ভাগ লৈছে। বিজেপিৰ কৰ্মকৰ্তাই ব্যাপক ভাবে ৰোড শ্ব কৰি আদৰিছে কেন্দ্ৰীয়মন্ত্ৰীগৰাকীক। কিন্তু এই আশীৰ্বাদ যাত্ৰাৰ সময়ত ব্যাপক হাৰত কোভিড প্ৰটকল উলংঘা কৰাৰ অভিযোগ আনিছে ৰাজ্যৰ একাংশ দল-সংগঠনে।

জন-আশীৰ্বাদ যাত্ৰাত কোভিড প্ৰটোকল ভংগ কৰা নেতাসকলৰ বিৰুদ্ধে অসম জাতীয় পৰিষদে বিভিন্ন থানাত এজাহাৰ দাখিল কৰিছে৷ গুৱাহাটীৰ দিছপুৰ থানাত আজি বিয়লি  দলৰ কেন্দ্ৰীয় সমিতিয়ে দাখিল কৰে এজাহাৰ।

ইফালে বিজেপিৰ আশীৰ্বাদ যাত্ৰাৰ বিৰুদ্ধে গৰজি উঠিছে দুৰ্নীতি বিৰোধী যুৱ শক্তি অসম।  সংগঠনটোৰ অভিযোগ- সৰ্বানন্দ সোণোৱালক আদৰাৰ নামত  আশীৰ্বাদ যাত্ৰা অনুষ্ঠিত কৰি কোভিড বিধি উলংঘা কৰা হৈছে। সংবাদমেল যোগে সংগঠনটোৰ বিষয়-ববীয়াই কয় যে,' SOP ৰ নিয়ম,ক'ভিড বিধি কেৱল সৰ্ব-সাধাৰণ ৰাইজৰ বাবেহে নেকি? সংবাদমেলত DGP মহোদয়ে কৈছিল SOP ৰ নিয়ম উলংঘা কৰিলে ATTEMPT TO MURDER গোচৰ ৰুজু কৰিব। এতিয়া প্ৰশ্ন হয় সৰ্বানন্দ সোণোৱালৰ বিৰুদ্ধে এই গোচৰ ৰুজু কৰিবলৈ অসম আৰক্ষীয়ে সাহস গোটাব পাৰিবনে?'

জন আশীৰ্বাদ যাত্ৰা নহয়,জন ঠাট্টা যাত্ৰা এয়াঃ

সংগঠনটোৱে জন আশীৰ্বাদ যাত্ৰাক জন ঠাট্টা যাত্ৰা নাম দিয়ে। কয় যে, 'এই সময়ত ঢোল বজাই,নাচনী নচুৱাই কৰা এই পৰিবেশ আমি মানি নলও। আমি বিহু এৰিলো, মুছলমানে ঈদ এৰিলে। জনতাই সকলো মানি চলিছে। সৰ্বানন্দ সোণোৱাল অহা ২৪ ঘণ্টা পাৰ হ'ল কিন্তু এতিয়াও কোভিডত মৃত্যু হোৱা সকলৰ বাবে এটা শব্দও নক'লে, সমবেদনা জ্ঞাপন নকৰিলে। সেয়েহে আমি উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হম।'
Published by: Himangshu Bhuyan
First published: August 22, 2021, 4:21 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি