মুখ্যপৃষ্ঠা » খবৰ

» অসম

»আহোম সম্প্ৰদায়ৰ বিৰুদ্ধে আপত্তিজনক পোষ্ট শ্বেয়াৰ কৰি চৰ্চিত হোৱাৰ অপচেষ্টা! গ্ৰেপ্তাৰ হ’ল বিজেপিৰ পালি নেতা দুৰ্ল্লভ নাথ

আহোম সম্প্ৰদায়ৰ বিৰুদ্ধে আপত্তিজনক পোষ্ট শ্বেয়াৰ কৰি চৰ্চিত হোৱাৰ অপচেষ্টা! গ্ৰেপ্তাৰ হ’ল বিজেপিৰ পালি নেতা দুৰ্ল্লভ নাথ

News18 Assam | News18-Assam
Updated:October 7, 2020, 5:57 PM IST
আহোম সম্প্ৰদায়ৰ বিৰুদ্ধে আপত্তিজনক পোষ্ট শ্বেয়াৰ কৰি চৰ্চিত হোৱাৰ অপচেষ্টা! গ্ৰেপ্তাৰ হ’ল বিজেপিৰ পালি নেতা দুৰ্ল্লভ নাথ
মঙলবাৰে নিশা লখিমপুৰ আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰে।

মঙলবাৰে নিশা লখিমপুৰ আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰে।

  • Share this:
বিতৰ্কিত কথা বতৰাৰে সংবাদ শিৰোণাম দখল কৰিবলৈ অহৰহ চেষ্টা চলাই থকা বিজেপিৰ আই টি চেলৰ পালি নেতা দুৰ্ল্লভ নাথৰ বেয়া দিন যেন আৰম্ভ হৈছে! চৰকাৰৰ কথা-বতৰাক সমালোচনা কৰিলেই নানা অপবাদেৰে ছচিয়েল মিডিয়াত পোষ্ট শ্বেয়াৰ কৰা দুৰ্ল্লভ নাথক মঙলবাৰে গ্ৰেপ্তাৰ কৰে লখিমপুৰ আৰক্ষীয়ে।

অসমৰ এটা বিশেষ সম্প্ৰদায়ৰ সৈতে আহোম সকলক তুলনা কৰি ছচিয়েল মিডিয়াত আপত্তিজনৰ পোষ্ট শ্বেয়াৰ কৰিছিল দুৰ্ল্লভ নাথে। আহোম সম্প্ৰদায়ক এনেদৰে ৰাজহুৱাকৈ তুচ্ছ-তাচ্ছিল্ল কৰাত দুৰ্ল্লভ নাথৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল তাই আহোম যুৱ পৰিষদে।

বৰ্তমান লখিমপুৰ আৰক্ষীয়ে সোধা-পোছা কৰি আছে দুৰ্ল্লভ নাথক। জানিব পৰা মতে, দুৰ্ল্লভক মুকলি কৰি দিবলৈ এতিয়া বিজেপিৰ একাংশ নেতাই হেঁচা প্ৰয়োগ কৰিছে লখিমপুৰ আৰক্ষীক।

ইয়াৰ পূৰ্বে গৰ্গ চেতাৰ্জী নামৰ এজন লোকে আহোম সকলক তুচ্ছ-তাচ্ছিল্য কৰি মন্তব্য কৰিছিল ছচিয়েল মিডিয়াত।
Published by: Himangshu Bhuyan
First published: October 7, 2020, 5:17 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি