உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • Majuli By Election: মাৰ্চত মাজুলীত উপ-নিৰ্বাচন, কোন হ'ব সৰ্বানন্দ সোণোৱালৰ উত্তৰসুৰী? ভূবন গাম নে আন কোনোবা? 

    Majuli By Election: মাৰ্চত মাজুলীত উপ-নিৰ্বাচন, কোন হ'ব সৰ্বানন্দ সোণোৱালৰ উত্তৰসুৰী? ভূবন গাম নে আন কোনোবা? 

    Majuli By Election: উপনিৰ্বাচনৰ দিন ঘোষণা কৰাৰ দিনাই শাসকীয় বিজেপি দলে ঘোষণা কৰিব প্ৰাৰ্থীৰ নাম 

    Majuli By Election: উপনিৰ্বাচনৰ দিন ঘোষণা কৰাৰ দিনাই শাসকীয় বিজেপি দলে ঘোষণা কৰিব প্ৰাৰ্থীৰ নাম 

    Majuli By Election: উপনিৰ্বাচনৰ দিন ঘোষণা কৰাৰ দিনাই শাসকীয় বিজেপি দলে ঘোষণা কৰিব প্ৰাৰ্থীৰ নাম 

    • Share this:
    মাৰ্চত মাজুলীত অনুষ্ঠিত হ'ব বিধানসভাৰ উপনিৰ্বাচন (Majuli By Election: ) ৷ বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী তথা ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল (Sarbananda Sonowal)ৰ উত্তৰসুৰী হ'ব কোন? নাম চৰ্চাত আছে বহুকেইজন নেতাৰ ৷ এইফালে, ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই ক'লে, নিৰ্বাচনৰ দিন ঘোষণাৰ দিনাই প্ৰাৰ্থীৰ নাম ঘোষণা কৰিব বিজেপিয়ে ৷

    ৰাজ্যৰ অন্যতম হাই প্ৰফাইল সমষ্টি মাজুলী (Majuli) বিধানসভা ৷ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰতিনিধিত্ব কৰি যোৱা মাজুলী সমষ্টিৰ উপনিৰ্বাচনত বিজেপি (BJP)য়ে কাক প্ৰক্ষেপ কৰিব তাকে লৈ ৰাজনৈতিক মহলত চলিছে চৰ্চা ৷ প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ দৌৰত শীৰ্ষত আছে বিজেপি নেতা ভূবন গাম (Bhuban Gam) ৷ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma), অভিভাৱক মন্ত্ৰী বিমল বৰা, নিৰ্বাচনী পৰ্যবেক্ষক ডা৹ ৰণোজ পেগু, সাংগঠনিক সাধাৰণ সম্পাদক ফণীন্দ্ৰনাথ শৰ্মা, সভাপতি ভৱেশ কলিতাকে ধৰি বিজেপিৰ শীৰ্ষ নেতৃত্বৰে আছে ভূৱন গামৰ মধুৰ সম্পৰ্ক ৷ মাজুলীত বিশেষ ভূমিকা লৈ অহা সত্ৰৰ সৈতেও গামৰ আছে সু-সম্পৰ্ক ৷ যদিহে সাংসদ প্ৰদান বৰুৱাক মাজুলীত প্ৰক্ষেপ কৰা নহয়, ভূবন গামৰ দিছপুৰ (Dispur) যাত্ৰাৰ পথ একপ্ৰকাৰ প্ৰশস্ত ৷

    এইখিনিতে উনুকিয়াব পাৰি যে বিজেপি নেতৃত্বই প্ৰদান বৰুৱাক প্ৰক্ষেপ কৰি পুনৰ আন এক উপ নিৰ্বাচন পাতি অযথা শক্তি ক্ষয় কৰিবলৈ এইসময়ত নিবিচাৰিব ৷ যদিহে প্ৰদান বৰুৱা বা ভূৱন গামক দলে প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ নকৰে, বৰ্তমানৰ দেউৰী স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী মাধৱ দেউৰী হ'ব পাৰে বিজেপিৰ তৃতীয় পছন্দ ৷ কিন্তু মাজুলীত ফেক্টৰ হোৱা মিচিং ভোটাৰৰ বিপৰীতে দেউৰী ভোটাৰৰ সংখ্যা ১৫শৰ ভিতৰত ৷ এই দিশবোৰ চালে ভূৱন গামেই এতিয়া প্ৰাৰ্থিত্ব পোৱাৰ সম্ভাৱনা অধিক ৷

    অৱশ্যেই হেমচন্দ্ৰ দলে, নৃপেন কামান, বিতোপন দলে, ৰাজশেখৰ দলে, লোকনাথ কুটুম আদিও সমষ্টিটোৰ টিকট প্ৰত্যাশী ৷ ইফালে মিত্ৰদল গণশক্তিয়ে বিচাৰিছে  দেৱজিৎ পাটিৰক ৷ নিৰ্বাচন আয়োগে দিন ঘোষণা কৰাৰ লগে লগে বিজেপিয়েও ঘোষণা কৰিব প্ৰাৰ্থীৰ নাম ৷

    "নিৰ্বাচনলৈ আমি সাঁজু হৈ আছোঁ ৷ প্ৰাৰ্থীও আমাৰ ঠিক হৈ আছে ৷ দেওবাৰে মাজুলীৰ ১৬৪টা বুথতে প্ৰধানমন্ত্ৰীৰ মন কী বাত শুনিছে ৷ ৰাইজ আমাৰ সৈতে আছিল আৰু আছে ৷ নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ দিনাই আপোনালোকে আমাৰ প্ৰাৰ্থীৰ নাম গম পাব ৷" ৰাজ্যিক সভাপতি  ভৱেশ কলিতাৰ এই মন্তব্য

    যোৱা অক্টোবৰত বিধায়ক পদ ত্যাগ কৰি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৰাজ্যসভালৈ যোৱাৰ পিছৰে পৰা খালী হৈ থকা মাজুলী সমষ্টিৰ উপনিৰ্বাচনৰ ওপৰত দৃষ্টি নিৱদ্ধ আছে সকলোৰে ৷ উল্লেখ্য যে সমষ্টিটোত কংগ্ৰেছৰ মিত্ৰদল অসম জাতীয় পৰিষদৰ প্ৰাৰ্থীয়ে কৰিব বিজেপিৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা।
    Published by:Manjumoni Borah
    First published: