মুখ্যপৃষ্ঠা »খবৰ »অসম »ASSAM BJP : বিৰামহীন বিজেপি! ৰাজ্যিক কাৰ্যালয়ত অনুষ্ঠিত ২০২৩ বৰ্ষৰ প্ৰথমখন ক'ৰ কমিটীৰ বৈঠক

ASSAM BJP : বিৰামহীন বিজেপি! ৰাজ্যিক কাৰ্যালয়ত অনুষ্ঠিত ২০২৩ বৰ্ষৰ প্ৰথমখন ক'ৰ কমিটীৰ বৈঠক

২৪ জানুৱাৰীত মৰিগাঁৱত বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক, ২০২৩ক সংগঠনৰ বৰ্ষ হিচাপে লৈ অসম বিজেপিৰ ক'ৰ কমিটীৰ গুৰুত্বপূৰ্ণ বৈঠক।

২৪ জানুৱাৰীত মৰিগাঁৱত বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক, ২০২৩ক সংগঠনৰ বৰ্ষ হিচাপে লৈ অসম বিজেপিৰ ক'ৰ কমিটীৰ গুৰুত্বপূৰ্ণ বৈঠক।

২৪ জানুৱাৰীত মৰিগাঁৱত বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক, ২০২৩ক সংগঠনৰ বৰ্ষ হিচাপে লৈ অসম বিজেপিৰ ক'ৰ কমিটীৰ গুৰুত্বপূৰ্ণ বৈঠক।

  • Share this:
বিজেপিৰ বাবে প্ৰতিটো দিন প্ৰতিটো নিৰ্বাচনেই গুৰুত্বপূৰ্ণ ৷ সংগঠনৰ ওপৰত সদায় গুৰুত্ব দিয়া দলটোৰ বাবে ২০২৪ৰ লোকসভা নিৰ্বাচন কিমান বেছি গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে সেয়া দলটোৰ নিৰৱচ্ছিন্ন কৰ্মসূচীয়েই প্ৰমাণ কৰিছে ৷ ২০২৪ৰ সাধাৰণ নিৰ্বাচনলৈ সাজু হোৱা দলটোৰ অসমৰ নেতৃত্বই ২০২৩ বৰ্ষটোক 'সংগঠনৰ বৰ্ষ' আৰু 'উন্নয়নৰ বৰ্ষ' হিচাপে লৈ আগবাঢ়িছে ৷

সোমবাৰে অসম প্ৰদেশ বিজেপিয়ে বশিষ্ঠস্থিত কাৰ্যালয়ত অনুষ্ঠিত কৰিলে ২০২৩ বৰ্ষৰ প্ৰথমখন ক'ৰ কমিটীৰ বৈঠক ৷ ক'ৰ কমিটীত থকা সভাপতি ভৱেশ কলিতা, মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল,কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী,সাংগঠনিক সাধাৰণ সম্পাদক ফণীন্দ্ৰনাথ শৰ্মা,সাংসদ কুইন ওজা,পল্লৱ লোচন দাস,মন্ত্ৰী ৰণজিৎ কুমাৰ দাস,দলটোৰ নেতা দীপ্লু ৰঞ্জন শৰ্মা,পুলক গোহাঁই, বিমল অশ্বোৱাল,বিজুলী কলিতা মেধি,ৰতন টেৰণ আৰু আমন্ত্ৰিত সদস্য পৱন শৰ্মা উপস্থিত থকা বৈঠকখনত স্থান পালে সমষ্টি পুনৰ নিৰ্ধাৰণৰ বিষয়টোৱে ৷

সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াত হ'বলগীয়া সালসলনিৰ এক পূৰ্বাভাস দিলে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ পুনৰ নিৰ্ধাৰণৰ প্ৰক্ৰিয়াত চৰকাৰে লোৱা সিদ্ধান্তত দলটোৰ লাভ-লোকচানৰ এক আভাস দিয়া বুলি দলৰ এক সূত্ৰই জানিবলৈ দিছে ৷ সমষ্টি পুনৰ নিৰ্ধাৰণৰ লগে লগে বৰ্তমানৰ বহু নেতাৰ ৰাজনৈতিক ভৱিষ্যতক লৈ থকা খোকোজা দূৰ কৰিলে মুখ্যমন্ত্ৰীয়ে ৷

সমষ্টি পুনৰ নিৰ্ধাৰণে বিজেপিৰ ৰণকৌশল কিদৰে সলনি কৰিব আহি থকা সময়ত তাৰো বিস্তৃত আলোচনা হোৱা বুলি জানিব পৰা গৈছে ৷ ক'ৰ কমিটী বৈঠক সামৰাৰ পিছত সমষ্টি পুনৰ নিৰ্ধাৰণক লৈ দলীয় নেতৃত্বই মুখ নুখুলিলেও আন কেতবোৰ আলোচনা হোৱা বিষয় সদৰী কৰিলে সংবাদ মাধ্যমত ৷

"আজি আমি গুৰুত্বসহকাৰে সংগঠনৰ কথাহে আলোচনা কৰিছোঁ ৷ বুথ শক্তিশালীকৰণৰ বাবে আমি ১২৬টা সমষ্টিতে নিযুক্তি দিছিলোঁ প্ৰভাৰী ৷ মই খোদ দুটা নিশা নাহৰকটীয়াত কটাই আহিছোঁ ৷ ইতিমধ্যে ১১০জন প্ৰভাৰীৰ প্ৰতিবেদন লাভ কৰিছোঁ ৷ প্ৰতিবেদনসমূহৰ ওপৰত প্ৰেজেণ্টেচন দি বৈঠকত বিস্তৃত আলোচনা হৈছে আমাৰ ৷ বুথ সভাপতিসকলক দলৰ কাৰ্যালয়লৈ মাতি পৃথকে প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হ'ব ৷" —এইদৰে ক'লে সভাপতি কলিতাই।

অসম প্ৰদেশ বিজেপিৰ সভাপতি ভৱেশ কলিতাই লগতে কয়- "লোকসভা যোজনাক লৈও আমাৰ আলোচনা হৈছে৷ ইতিমধ্যে লোকসভা যোজনাৰ ভিত্তিত কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৱে বৰপেটাক লৈ প্ৰতিবেদন দিছে ৷ সেই ভিত্তিতে শীঘ্ৰেই আন এগৰাকী কেন্দ্ৰীয় মন্ত্ৰীয়ে নগাঁৱত লোকসভা প্ৰৱাস কৰিব৷ মন্ত্ৰীগৰাকীয়ে বটদ্ৰৱা থান,মহা মৃত্যুঞ্জয় মন্দিৰত বিস্তৃত কাৰ্যসূচীত অংশ লোৱাৰ লগতে এক বৃহৎ ৰেলীতো ভাগ ল'ব৷ আমি এই বছৰটোক সংগঠনৰ বৰ্ষ আৰু উন্নয়নৰ বছৰ হিচাপে লৈছোঁ ৷ কোনো ৰেষ্ট নোহোৱাকৈ আমি ২০২৪ৰ নিৰ্বাচনলৈকে কাম কৰি যাম ৷"

ইফালে অহা ২৪ জানুৱাৰীত মৰিগাঁৱত বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক অনুষ্ঠিত হ'ব বুলি এই বৈঠকৰ পিছতে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে৷ আনহাতে এই একেটা দিনতে দিল্লীত ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাৰ উপস্থিতিত ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদকক লৈ থকা আন এখন বৈঠকৰ বাবে ক'ৰ কমিটীৰ বৈঠকত উপস্থিত নাছিল মঙলদৈৰ সাংসদ দিলীপ শইকীয়া৷ জানিব পৰা মতে, দিল্লীৰ বৈঠকখনত জি টুৱেণ্টী আৰু চলিত বৰ্ষৰ বিধানসভা নিৰ্বাচনসমূহৰ লগতে ২০২৪ৰ লোকসভা নিৰ্বাচনক লৈ চলিল আলোচনা ৷

শেহতীয়া বাতৰি