তৰ্ক মাৰ নৌযাওতেই আকৌ এবাৰ মুখ খুলিলে বদৰুদ্দিন আজমলে।
তৰ্ক মাৰ নৌযাওতেই আকৌ এবাৰ মুখ খুলিলে বদৰুদ্দিন আজমলে।
যিমানেই নিৰ্বাচনৰ দিন চমু চাপিছে, সিমানেই বদৰুদ্দিন আজমলৰ মুখত শুনিবলৈ পোৱা গৈছে মছজিদৰ প্ৰসংগ। কেইদিন পূৰ্বে এখন ৰাজহুৱা সভাত ইছলামধৰ্মীয় লোকক উদ্দেশ্যি উচতনিমূলক মন্তব্য কৰিছিল ধুবুৰীৰ সাংসদগৰাকীয়ে। পুনৰ বিজেপি চৰকাৰ গঠন হ'লে মছজিদ ভাঙিব বা মুছলমান লোকৰ ওপৰত আক্ৰমণ কৰিব বুলি চূড়ান্ত সাম্প্ৰদায়িক মন্তব্য কৰিছিল বদৰুদ্দিন আজমলে।
আজমৰ এই মন্তব্যৰ পিছতে ৰাজ্যজুৰি সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়াৰ। অস্তত্ৱিত পৰিছিল কংগ্ৰেছ, আঞ্চলিক গণ মৰ্চাও। কিন্তু এই বিতৰ্ক মাৰ নৌযাওতেই আকৌ এবাৰ মুখ খুলিলে বদৰুদ্দিন আজমলে।
প্ৰতিক্ৰিয়া প্ৰকাশ কৰিবলৈ গৈ আজমলে কয় যে, 'কিমান মছজিদ ভাঙিব, সেই তালিকা আছে বিজেপি-আৰ এছ এছৰ হাতত। সেই কথা সমগ্ৰ পৃথিৱীয়ে জানে। তালিকা অনুযায়ী ভঙা হৈছিল বাবৰি মছজিদ। ইমামৰ ওপৰত চলিছে অত্য়াচাৰ। উত্তৰ প্ৰদেশত ভঙা হৈছে মছজিদ। এয়া কোনো নতুন কথা নহয়। বিজেপিয়ে মছজিদ ভাঙিলে দোষ নহয়, কিন্তু তাৰ বিৰুদ্ধে মাত মাতিলেই ভুল। আৰু সেই কথাকে মই ৰাজহুৱা সভাত কৈছিলো।'
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|