২০১৯ৰ লোকসভা নিৰ্বাচনত বিজেপি মিত্ৰজোঁটে ৯খন আসন লাভ কৰাৰ বিপৰীতে ৫খন আসনত সন্মুখীন হৈছিল পৰাজয়ৰ ৷ আশা কৰিও কলিয়াবৰ সমষ্টিত অগপ প্ৰাৰ্থী মণিমাধৱ মহন্ত আৰু বৰপেটাত কুমাৰ দীপক দাসক জয়ী কৰাব নোৱাৰিলে বিজেপি মিত্ৰজোঁটে ৷ এইবাৰ পিছে মিত্ৰদল অগপলৈ বাট নাচাই নিজৰ হাতত নথকা পাঁচটা সমষ্টিতে বিজেপিয়ে নিযুক্তি দিছে পৰ্যবেক্ষক ৷
নিৰ্বাচনৰ বাবে প্ৰতিটো সময়তে সাজু থকা দেখা গৈছে গেৰুৱা দল বিজেপিক (Assam BJP)৷ সন্মুখত থকা দুখনকৈ স্বায়ত্ত পৰিষদৰ নিৰ্বাচনৰ লগতে পৌৰ সভা আৰু তিনিটাকৈ পৌৰ নিগমৰ নিৰ্বাচনৰ বাবে প্ৰস্তুতি তুংগত শাসকীয় দলটোৰ ৷ ইয়াতে শেষ নাই, বিজেপিয়ে ২০২৪ৰ লোকসভা নিৰ্বাচনলৈও নিজকে সাজু কৰিছে গেৰুৱা বাহিনীয়ে ৷
২০১৯ৰ লোকসভা নিৰ্বাচনত দহখন আসনত নিজা প্ৰাৰ্থী দিয়াৰ বিপৰীতে মিত্ৰদল অগপক চাৰিখন আৰু বিপিএফক এৰি দিছিল কোকৰাঝাৰ আসনখন ৷ কিন্তু এইবাৰ অগপই নাপাব পাৰে কলিয়াবৰ (Koliabor Constituency) আসনখন ৷ কিয়নো, বিজেপিয়ে নিৰ্বাচনলৈ মাজত দুটা বছৰ থাকোঁতেই কলিয়াবৰ, নগাঁও,বৰপেটা, ধুবুৰী আৰু কোকৰাঝাৰত নিযুক্তি দিছে পৰ্যবেক্ষক ৷
ৰাজ্যসভাৰ সাংসদ, কেন্দ্ৰীয় মন্ত্ৰী তথা প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল (Sarbananda Sonowal)ক পৰ্যবেক্ষকৰ দায়িত্ব দিছে কলিয়াবৰত৷ "কলিয়াবৰত আমাৰ সাংসদ নাই ৷ সেই বুলি আমি বহি থাকিলে নহ'ব ৷ কলিয়াবৰত কি হ'ব কি নহ'ব সেয়া আমি নজৰত ৰাখিব লাগিব৷ সাংগঠনিক ভেটি আগতকৈও সুদৃঢ় কৰিব লাগিব ৷ কলিয়াবৰত সেয়ে ৰাজ্যসভাৰ সাংসদ তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালক পৰ্যবেক্ষক হিচাপে নিযুক্তি দিয়া হৈছে ৷ বৰপেটা চাব ভুৱনেশ্বৰ কলিতাই ৷ ধুবুৰীৰ দায়িত্ব ভুবনেশ্বৰ কলিতা আৰু ৰামেশ্বৰ তেলীৰ ৷ কোকৰাঝাৰৰ দায়িত্ব সাংসদ ডাঃ ৰাজদীপ ৰয়ক আৰু নগাঁৱৰ দায়িত্ব সাংসদ কামাখ্যা প্ৰসাদ তাছাক অৰ্পণ কৰা হৈছে ৷" —ফণীন্দ্ৰনাথ শৰ্মাই কয়।
উল্লেখ্য যে কলিয়াবৰ লোকসভা সমষ্টিত বিজেপিৰ সাংগঠনিক ভেটি যথেষ্ট শক্তিশালী ৷ ২০১৪ত বিজেপি প্ৰাৰ্থী মৃণাল শইকীয়া কম ভোটৰ ব্যৱধানতহে পৰাজিত হৈছিল ৷ ইফালে অগপ-বিজেপিয়ে পৃথককৈ পঞ্চায়ত নিৰ্বাচন খেলি অগপতকৈ অধিক পঞ্চায়ত দখল কৰিছিল ৷ অপ্ৰিয় সত্য যে ২০১৯ৰ নিৰ্বাচনত বিজেপিৰ শক্তিশালী ভেটিৰ বাবেহে কলিয়াবৰত শক্তিশালী যুঁজ দিব পাৰিছিল অগপৰ প্ৰাৰ্থী গৰাকীয়ে ৷ বিজেপিৰ এই কুচকাৱাজ দেখি ২০২৪ত কলিয়াবৰত যে বিজেপিৰ প্ৰাৰ্থীয়েই থাকিব সেয়া স্পষ্ট হৈ পৰিছে ৷
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|