অসম–মিজোৰাম সীমান্তৰ প্ৰকৃত তথ্য লুকুৱাইছে ৰাজ্য চৰকাৰে ৷ সঠিত তথ্য পোহৰলৈ অহাৰ ভয়ত কংগ্ৰেছ প্ৰতিনিধি দলক যাব নিদিলে ঘটনাস্থলীত ৷ সেয়ে ঘটনাস্থলীলৈ যোৱা প্ৰতিনিধি দলটোক আদবাটৰ পৰাই ওভতালে ৷ –গুৱাহাটীত উপস্থিত হৈ এই গুৰুতৰ অভিযোগ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ ৷
ৰাজ্যত ক'ভিডময় পৰিৱেশত জনতাক গৃহবন্দী কৰি ৰখাৰ সময়তে অসমত মিজোৱে চলাইছে আগ্ৰাসন ৷ শেহতীয়া অক্টোবৰ মাহৰ পৰাই সীমান্তত ক্ৰমাৎ বৃদ্ধি পাইছে এই আগ্ৰাসনৰ ভয়াবহতা ৷ উপযুক্ত সময়ত ৰাজ্য চৰকাৰে ব্যৱস্থা ল'লে নিশ্চয়কৈ প্ৰতিৰোধ কৰিবলৈ সক্ষম হ'লহেঁতেন ৷ NEDA প্ৰসংগক লৈ দেৱব্ৰত শইকীয়াৰ দাবী– দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহে নেডা গঠনৰ জৰিয়তে উঃপূঃৰ সমস্যা সমাধা হ'ব বুলি কৈছিল ৷ কিন্তু তাৰ বিপৰীত মন্তব্য এতিয়া নেডাৰ আহ্বানক তথা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৷
মুখ্যমন্ত্ৰীৰ এনে মন্তব্য হাস্যকৰ বুলি আখ্যা দেৱব্ৰত শইকীয়াৰ ৷ ইপিনে কংগ্ৰেছৰ প্ৰতিনিধি দলৰ স'তে সংগ দিয়া কংগ্ৰেছৰ সীমান্ত বিভাগৰ প্ৰাক্তন মন্ত্ৰী চিদ্দিক আহমেদৰ দাবী– আমি বহু বছৰ পূৰ্বে সীমান্তত বিশেষ নিৰাপত্তাৰ দাবী তুলিছিলো৷ যিটো সেইসময়ৰ মন্ত্ৰীগৰাকীৰ কাৰ্যকালত প্ৰস্তাৱ লোৱা হৈছিল ৷ সেই কাম পুনৰবাৰ কৰাৰ আহ্বান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ৷
ইপিনে মিজোৰামৰ এগৰাকী সাংসদে ৰাজ্যসভাৰ বাহিৰত কৰা মন্তব্যক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে দেৱব্ৰত শইকীয়াই ৷ অসাংবিধানিক মন্তব্য কৰা এনে সাংসদগৰাকীৰ সাংসদ পদ কৰ্তনকে ধৰি দেশদ্ৰোহী গোচৰ আৰু বিশেষ অধিকাৰ ভংগ কৰাৰ দাবী তোলে কংগ্ৰেছ নেতা দেৱব্ৰত শইকীয়াই।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|