‘মই সোণোৱালৰ মানুহ, মই হিমন্তৰ মানুহ- এইবোৰ নচলিব বিজেপিত’- কাক উদ্দেশ্যি এই মন্তব্য বিজেপিৰ ৰাষ্ট্ৰীয় সাংগঠনিক সম্পাদকৰ?

News18 Assam | News18-Assam
Updated:August 27, 2020, 9:47 PM IST
‘মই সোণোৱালৰ মানুহ, মই হিমন্তৰ মানুহ- এইবোৰ নচলিব বিজেপিত’- কাক উদ্দেশ্যি এই মন্তব্য বিজেপিৰ ৰাষ্ট্ৰীয় সাংগঠনিক সম্পাদকৰ?
২০২১ৰ নিৰ্বাচনী তৎপৰতাৰে অসমলৈ আহিল বিজেপিৰ ৰাষ্ট্ৰীয় সাংগঠনিক সাধাৰণ সম্পাদক বি এল সন্তোষ ৷ অসমত উপস্থিত হৈয়ে ইখনৰ পিছত সিখন বৈঠকত মিলিত হ’ল বি এল সন্তোষ।

২০২১ৰ নিৰ্বাচনী তৎপৰতাৰে অসমলৈ আহিল বিজেপিৰ ৰাষ্ট্ৰীয় সাংগঠনিক সাধাৰণ সম্পাদক বি এল সন্তোষ ৷ অসমত উপস্থিত হৈয়ে ইখনৰ পিছত সিখন বৈঠকত মিলিত হ’ল বি এল সন্তোষ।

  • Share this:
ৰাজ্যৰ  বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান মাহ বাকী আছে। নিৰ্বাচনকলৈ এতিয়া তত্‍পৰ হৈছে ৰাজ্যিক বিজেপি। ২০২১ৰ নিৰ্বাচনী তৎপৰতাৰে অসমলৈ আহিল বিজেপিৰ ৰাষ্ট্ৰীয় সাংগঠনিক সাধাৰণ সম্পাদক বি এল সন্তোষ ৷ অসমত উপস্থিত হৈয়ে ইখনৰ পিছত সিখন বৈঠকত মিলিত হ’ল বি এল সন্তোষ। বি এল সন্তোষে দিয়া মন্ত্ৰণাৰ পিছতে এতিয়া আত্মবিশ্বাসী অসম প্ৰদেশ বিজেপি।

চৰ্চা চলিছিল যে, ২০২১ৰ নিৰ্বাচনৰ পূৰ্বে সমষ্টিত গণভিত্তি হেৰুওৱা বহু বিধায়কে সলনি কৰিব বিচাৰিছে সমষ্টি। এই কথাৰ উমান পোৱাৰ পিছতে সকীয়নি ৰাষ্ট্ৰীয় সাংগঠনিক সাধাৰণ সম্পাদক বি এল সন্তোষৰ ৷ বি এল সন্তোষৰ প্ৰশ্ন- সেইজন কেনে ধৰণৰ নেতা, যি মাত্ৰ এটা কাৰ্যকালতে সমষ্টি সলনি কৰিবলগীয়া হৈছে?’

কেৱল সমষ্টি কেন্দ্ৰীক কথাই নহয় লবী কেন্দ্ৰীক ৰাজনীতিৰ পৰা যাতে সকলো আঁতৰি থাকে তাকো স্পষ্ট কৰি দিলে বি এল সন্তোষে । ‘মই সোণোৱালৰ মানুহ, মই হিমন্তৰ মানুহ’ এইবোৰ বিজেপিত নচলিব" সকলোকে এক হৈ থাকি মিছন ১০০ প্লাচ সফল কৰিবলৈ উদগনি দি আন এক সকীয়নি বি এল সন্তোষৰ— "ডিচেম্বৰলৈকে টিকট বিচাৰি দুৱাৰে দুৱাৰে ঘূৰা বন্ধ ৷ খবৰ পালেই টিকট প্ৰত্যাশীক দিয়া হ'ব নিগেটিভ মাৰ্ক।’ এয়া অৱশ্যে বন্ধ দুৱাৰৰ ভিতৰৰ খবৰ ৷

আনহাতে বি এল সন্তোষৰ সৈতে বৈঠক সমাপ্ত কৰি চৰকাৰ গঠন কৰাৰ অংগীকাৰ মুখ্য মুখপাত্ৰ ৰূপম গোস্বামীৰ ৷ ৰূপম গোস্বামীয়ে কয় যে, "এসপ্তাহ জোৰা জন্মদিন পালন কৰা হ'ব প্ৰধান মন্ত্ৰী মোদীৰ ৷ ১৪ ছেপ্তেম্বৰৰ পৰা হ’ব সপ্তাহ জোৰা জন্মদিন। ১৫ছেপ্তেম্বৰত জন্মদিন প্ৰধানমন্ত্ৰীৰ মোদীৰ ৷ ২৫ছেপ্তেম্বৰত দিনদয়াল উপাধ্যায়ৰ জন্মদিন ৷ সেই দিনটোত বুথে বুথে কৰা হ'ব দলীয় পতাকা উত্তোলন ৷ দিনদয়াল জীৰ ওপজা দিনৰ লগত সংগতি ৰাখি ২৫ ছেপ্তেম্বৰৰ পৰা ২ অক্টোবৰলৈ আত্মনিৰ্ভৰশীল সপ্তাহ পালন কৰা হ'ব ৷ ৪ ছেপ্তেম্বৰত  গুৱাহাটীতে ৰাজ্যিক কাৰ্যনিবাহক সভা অনুষ্ঠিত হ'ব ৷ য'ত আমি ১০০দিনীয়া নিৰ্বাচনৰ ৰণ কৌশল প্ৰস্তুত কৰিম ৷ আমাৰ ৪২লাখ কাৰ্যকৰ্তাই এটাকৈ ভোট আনিলেও আমি ৮৪লাখ ভোট লাভ কৰিম ৷ চৰকাৰ আমাৰে হ'ব সেয়া নিশ্চিত ৷’ এনেদৰে কয় ৰূপম গোস্বামীয়ে।
Published by: Himangshu Bhuyan
First published: August 27, 2020, 9:47 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading