মুখ্যপৃষ্ঠা » খবৰ

» অসম

»বিজেপিৰ অসম প্ৰদেশৰ সামাজিক মাধ্যমৰ নতুন ৰাজ্যিক কোষ গঠন

বিজেপিৰ অসম প্ৰদেশৰ সামাজিক মাধ্যমৰ নতুন ৰাজ্যিক কোষ গঠন

News18 Assam | News18-Assam
Updated:October 12, 2021, 12:20 AM IST
বিজেপিৰ অসম প্ৰদেশৰ সামাজিক মাধ্যমৰ নতুন ৰাজ্যিক কোষ গঠন
দেৱান ধ্ৰুৱজ্যোতি মৰলক পুনৰ সংবাদ কোষৰ দায়িত্ব 

দেৱান ধ্ৰুৱজ্যোতি মৰলক পুনৰ সংবাদ কোষৰ দায়িত্ব 

  • Share this:

ভাৰতীয় জনতা পার্টী, অসম প্রদেশৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ নির্দেশমর্মে গঠন হ'ল ৰাজ্যিক বিজেপিৰ ছ'চিয়েল মিডিয়া কোষ ৷ দলটোৰ অন্যতম সাধাৰণ সম্পাদক তথা সাংসদ পল্লৱলােচন দাস স্বাক্ষৰিত এক দলীয় জাননী মর্মে সামাজিক মাধ্যমৰ প্ৰভাৰী পৱিত্র মাৰ্ঘেৰিটা আৰু আহ্বায়ক পলাশ লাহনৰ নেতৃত্বত গঠিত নতুন ৰাজ্যিক কোষত সহ-আহ্বায়ক হিচাপে ইন্দ্ৰজিৎ টাকে, প্রদ্যুৎ পল শর্মা আৰু ললিত শৰ্মাক নিযুক্তি দিয়া হৈছে।


অসমৰ বিভিন্ন প্ৰান্তৰ ৩৩গৰাকী ছ'চিয়েল মিডিয়াৰ বিশেষজ্ঞক লৈ গঠিত ৰাজ্যিক ছ'চিয়েল মিডিয়াৰ এই কোষৰ অধীনত বিজেপিৰ ৪০খন সাংগঠনিক জিলা আৰু ৪০০টা মণ্ডলৰ প্রায় ৮ সহস্রাধিক ছ'চিয়েল মিডিয়াৰ কৰ্মীয়ে দলৰ কেইবালক্ষ ছ'চিয়েল মিডিয়াৰ কাৰ্যকৰ্তাৰ কাম–কাজ আগবঢ়াই নিব। উল্লেখ্য যে বিশ্বৰ ৰাজনীতিত বিজেপিৰ ছ'চিয়েল মিডিয়াৰ কার্যক্রম বিশেষভাৱে চৰ্চিত হৈ আহিছে আৰু অসমৰ বিজেপিৰ স্থানাে এইক্ষেত্ৰত অন্যতম শীর্ষত।


উল্লেখ্য যে যােৱা ৬ অক্টোবৰ তাৰিখে ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ অনুমােদন ক্ৰমে  ৰাজ্যিক বিজেপিৰ সংবাদ কোষৰ তালিকা ঘােষিত হৈ যায়। দেৱান ধ্ৰুৱজ্যোতি মৰলক পুনৰ সংবাদ কোষৰ আহ্বায়ক অৰ্পণ কৰাৰ লগতে  ঋতুপর্ণ তামুলী ফুকন, ডঃ ভাস্বতী চক্ৰৱৰ্তী, কৃষ্ণা নাথ আৰু ঘনশ্যাম দলেক সংবাদ কোষৰ সহঃ আহ্বায়ক আৰু আহ্বায়িকা হিচাপে নিযুক্তি প্রদান কৰিছে। ঠিক একেদৰে অসমৰ ভিন ভিন অঞ্চলৰ পৰা ৰাজ্যিক সংবাদ কোষৰ ১৪জনক সদস্য হিচাপে নিযুক্তি  দিছে।

Published by: Gautam Barman
First published: October 12, 2021, 12:20 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি