মুখ্যপৃষ্ঠা » খবৰ

» অসম

»ড্ৰাগছ ব্যৱসায়ত জড়িতৰ অভিযোগত বিজেপি নেতাক বহিষ্কাৰ। অসামাজিক-বেআইনী কামৰ পৰা বিৰত থাকিবলৈ সকীয়নি সকলো নেতা-কৰ্মীক।

ড্ৰাগছ ব্যৱসায়ত জড়িতৰ অভিযোগত বিজেপি নেতাক বহিষ্কাৰ। অসামাজিক-বেআইনী কামৰ পৰা বিৰত থাকিবলৈ সকীয়নি সকলো নেতা-কৰ্মীক।

News18 Assam | News18-Assam
Updated:June 14, 2021, 5:56 PM IST
ড্ৰাগছ ব্যৱসায়ত জড়িতৰ অভিযোগত বিজেপি নেতাক বহিষ্কাৰ। অসামাজিক-বেআইনী কামৰ পৰা বিৰত থাকিবলৈ সকীয়নি সকলো নেতা-কৰ্মীক।
জ্যেষ্ঠ নেতাৰ সৈতে কোনো সদস্যৰ ফটো থকাটোৱেই ঘনিষ্ঠ হোৱাটো নুবুজায় বুলি স্পষ্ট কৰি দিয়ে ভবেশ ডেকাই । 

জ্যেষ্ঠ নেতাৰ সৈতে কোনো সদস্যৰ ফটো থকাটোৱেই ঘনিষ্ঠ হোৱাটো নুবুজায় বুলি স্পষ্ট কৰি দিয়ে ভবেশ ডেকাই । 

  • Share this:
ড্ৰাগছ ব্যৱসায়ত জড়িত থকাৰ অভিযোগ উত্থাপন হোৱাৰ পিছতে ৰঙিয়াৰ বিজেপি কৰ্মীক তৎকালীনভাৱে বহিষ্কাৰ কৰিলে উত্তৰ কামৰূপ বিজেপিয়ে ।

শুকুৰবাৰে ৰঙিয়া আৰক্ষীয়ে অভিযান চলাই ৰঙিয়াৰ উদিয়ানাৰ নিবাসী তথা বিজেপি নেতা প্ৰদীপ চৌধুৰীক ড্ৰাগছ ব্যৱসায়ত জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছিল । তাৰ পিছতে বিজেপিয়ে সংবাদমেল যোগে প্ৰদীপ চৌধুৰীক দলৰ পৰা বহিষ্কাৰ কৰে। প্ৰদীপ চৌধুৰী বিজেপিৰ নেতা নাছিল, এগৰাকী সাধাৰণ কৰ্মীহে আছিল বুলি মন্তব্য কৰে উত্তৰ কামৰূপ বিজেপিৰ উপ সভাপতি ভবেশ ডেকাই ।

বিজেপি এটা বৃহৎ দল, বিজেপি দলত অন্তৰ্ভুক্ত কৰাৰ মুহূৰ্তত কোনে কি কৰে সেয়া চোৱা হোৱা নাছিল । কিন্তু অনাগত দিনত নতুন কৰ্মীক অন্তৰ্ভুক্ত কৰিলে প্ৰথমে চৰিত্ৰ আৰু কি কৰ্ম কৰে তাৰ ওপৰত গুৰুত্ব দিয়া হ'ব বুলি সংবাদমেলত কয় ভবেশ ডেকাই ।

আনহাতে আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হোৱা প্ৰদীপ চৌধুৰী সাংসদ দিলীপ শইকীয়া, প্ৰাক্তন মন্ত্ৰী তথা ৰঙিয়া সমষ্টিৰ বিধায়ক ভবেশ কলিতা, বিজেপি নেতা যতীন বৰা, নিপন ভূঞা, লিতন কলিতাৰ ঘনিষ্ঠ নহয় বুলি মন্তব্য কৰে বিজেপি নেতাজনে। জ্যেষ্ঠ নেতাৰ সৈতে কোনো সদস্যৰ ফটো থকাটোৱেই ঘনিষ্ঠ হোৱাটো নুবুজায় বুলি স্পষ্ট কৰি দিয়ে ভবেশ ডেকাই ।
Published by: Manjumoni Borah
First published: June 14, 2021, 5:56 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি