ছচিয়েল মিডিয়াত শেহতীয়াকৈ ব্যাপক ভাবে চৰ্চিত হৈছে নগাঁৱৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ। আৰক্ষী বিষয়াগৰাকীৰ সততাক বহুতে প্ৰশংসা কৰা দেখা গৈছে। ধুবুৰীৰ পৰা বদলি হৈ নগাঁৱলৈ অহাৰ পিছৰে পৰা ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে আৰক্ষী অধীক্ষকগৰাকীৰ কেইবাটাও ভিডিও।
কিন্তু শেহতীয়াকৈ আনন্দ মিশ্ৰৰ সন্দৰ্ভত মঙলদৈৰ প্ৰাক্তন সাংসদ ৰমেন ডেকাই ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰা এটা পোষ্টকলৈ সৰ্বত্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । আৰক্ষী বিষয়াগৰাকীৰ জনপ্ৰিয়তাক কৃত্ৰিম আৰু সংবাদ মাধ্যমৰ সৃষ্ট বুলি অভিহিত কৰি ক্ষোভ উজাৰিছে প্ৰাক্তন সাংসদগৰাকীয়ে। লগতে বিচাৰিলে NIAৰ তদন্ত।
আনন্দ মিশ্ৰ ধুবুৰীৰ আৰক্ষী অধীক্ষক হিচাপে থকাৰ সময়ছোৱাৰো উচিত তদন্ত বিচাৰিলে প্ৰাক্তন সাংসদগৰাকীয়ে। সাংসদগৰাকীৰ মতে, উচিত তদন্ত হ'লে বহু ৰহস্য পোহৰলৈ আহিব। উল্লেখ্য যে, ধুবুৰীত আৰক্ষী অধীক্ষক হিচাপে ১০ মাহ কৰ্মৰত আছিল আই পি এছ আনন্দ মিশ্ৰ।
Published by: Himangshu Bhuyan
FIRST PUBLISHED : June 07, 2021, 14:19 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।