• Home
  • »
  • News
  • »
  • assam
  • »
  • Assam Assembly Election 2021: কোন সমষ্টিত কোনে পাব বিজেপিৰ টিকট? বৃহস্পতি আৰু শুকুৰবাৰে বিজেপিৰ নিৰ্বাচন কমিটীৰ বৈঠক, ভাগ ল'ব প্ৰধানমন্ত্ৰীয়েও

Assam Assembly Election 2021: কোন সমষ্টিত কোনে পাব বিজেপিৰ টিকট? বৃহস্পতি আৰু শুকুৰবাৰে বিজেপিৰ নিৰ্বাচন কমিটীৰ বৈঠক, ভাগ ল'ব প্ৰধানমন্ত্ৰীয়েও

কোন সমষ্টিত বিজেপিয়ে প্ৰতিদ্বন্দিতা কৰিব, কোন সমষ্টি মিত্ৰদললৈ এৰিব? এইলৈ এতিয়াও চুড়ান্ত পৰ্যায়ত উপনীত হ'ব পৰা নাই বিজেপিৰ নেতৃত্ব।

কোন সমষ্টিত বিজেপিয়ে প্ৰতিদ্বন্দিতা কৰিব, কোন সমষ্টি মিত্ৰদললৈ এৰিব? এইলৈ এতিয়াও চুড়ান্ত পৰ্যায়ত উপনীত হ'ব পৰা নাই বিজেপিৰ নেতৃত্ব।

কোন সমষ্টিত বিজেপিয়ে প্ৰতিদ্বন্দিতা কৰিব, কোন সমষ্টি মিত্ৰদললৈ এৰিব? এইলৈ এতিয়াও চুড়ান্ত পৰ্যায়ত উপনীত হ'ব পৰা নাই বিজেপিৰ নেতৃত্ব।

  • Share this:
কোন সমষ্টিত বিজেপিয়ে প্ৰতিদ্বন্দিতা কৰিব, কোন সমষ্টি মিত্ৰদললৈ এৰিব? এইলৈ এতিয়াও চুড়ান্ত পৰ্যায়ত উপনীত হ'ব পৰা নাই বিজেপিৰ নেতৃত্ব। বুধবাৰে আসন বাটোৱাৰকলৈ নতুন দিল্লীস্থিত গৃহমন্ত্ৰী অমিত শ্বাহৰ বৈঠকত অনুষ্ঠিত হৈছে বৈঠক। বৈঠকত উপস্থিত আছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসৰ লগতে কেইবাজনো শীৰ্ষস্থানীয় নেতা। বৈঠকত উপস্থিত আছে মিত্ৰদল অসম গণ পৰিষদ আৰু ইউ পি পি এলৰো প্ৰতিনিধি। আজিৰ বৈঠকতে বিজেপিয়ে প্ৰতিদ্বন্দিতা কৰিবলগীয়া সমষ্টি চুড়ান্ত হ'ব বুলি আশা কৰা হৈছে।

আনহাতে অহা ৪ আৰু ৫ মার্চত অনুষ্ঠিত হ’ব বিজেপিৰ নিৰ্বাচন কমিটীৰ বৈঠক।  ৪ মাৰ্চত সন্ধিয়া ৬ বজাত বৈঠক অনুষ্ঠিত হোৱাৰ বিপৰীতে  ৫ মাৰ্চৰ দিনা দুপৰীয়া ১ বজাত পুনৰ এই বৈঠক অনুষ্ঠিত হ'ব। দিল্লীৰ বিজেপিৰ মুখ্য কাৰ্যালয়ত হ’ব এই বৈঠক। দুয়োখন বৈঠকতে উপস্থিত থাকিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। আৰু এই বৈঠকতে অসমৰ প্ৰাৰ্থীৰ তালিকা ঘোষণা হ'ব।

আমাৰ হাতত আহি পৰা তথ্যৰ মতে, ৰাজ্যৰ বিশেষ কেইটামান সমষ্টিকলৈ এতিয়া নিমিলা অংক অগপ আৰু বিজেপিৰ মাজত। এইবাৰ অগপৰ পৰিৱৰ্তে কমলপুৰ, নাহৰকটীয়া, তেজপুৰ, টীয়ক আৰু দেৰগাঁও সমষ্টিত বিজেপিয়ে কৰিব পাৰে প্ৰতিদ্বন্দিতা। আনহাতে বিজেপিৰ হাতত থকা ছিপাঝাৰ, হাজো  সমষ্টি অগপক এৰি দিব পাৰে।
Published by:Himangshu Bhuyan
First published:

শেহতীয়া বাতৰি