বিগত ১২ নৱেম্বৰৰ পৰা ১৪ নৱেম্বৰলৈ মুম্বাইত প্ৰশিক্ষণ দিয়াইছিল অসমৰ বিধায়ক-সাংসদসকলক মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই (CM Himanta Biswa Sarma) ৷ BJPৰ এই প্ৰশিক্ষণ শিবিৰৰ এমাহ পিছত কাইলৈৰ পৰা অৰ্থাৎ ১৫ ডিচেম্বৰৰ পৰা ১৭ ডিচেম্বৰলৈ বিৰোধী কংগ্ৰেছে আয়োজন কৰিছে প্ৰশিক্ষণ শিবিৰ ৷ শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰৰ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত তিনিদিনীয়াকৈ আয়োজন কৰা প্ৰশিক্ষণ শিবিৰত আৰম্ভণি দিনটোত AICCৰ সাধাৰণ সম্পাদক তথা অসমৰ তত্ত্বাৱধায়ক জিতেন্দ্ৰ সিং উপস্থিত থাকিব। দ্বিতীয় দিনটোত উপস্থিত থাকিব প্ৰাক্তন গৃহমন্ত্ৰী তথা বিত্তমন্ত্ৰী পি চিদাম্বৰম আৰু অন্তিম দিনটোত উপস্থিত থাকিব AICCৰ সাংগঠনিক সম্পাদক কে চি ভেনুগোপাল ৷
কংগ্ৰেছে আয়োজন কৰা এই তিনিদিনীয়া প্ৰশিক্ষণ শিবিৰক (training camp organized by the Congress) লৈ শাসকীয় BJPয়ে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷ BJPৰ বিধায়ক দিগন্ত কলিতাৰ দাবী- “কংগ্ৰেছে BJPক অনুসৰণ কৰিছে 'আদাক দেখি উঠিল গা, কেতুৰিয়ে বুলে মোকো খা'ৰ দৰে ৷ আমাক সমালোচনা কৰাৰ ভূপেন বৰাই আমাক অনুসৰণ কৰি প্ৰশিক্ষণ শিবিৰ পতাৰ বাবে ধন্যবাদ জনালোঁ ৷”
বিধায়ক দিগন্ত কলিতাৰ দাবী- “BJPয়ে প্ৰশিক্ষণ লৈ উত্তীৰ্ণ হৈ কামত লগাৰ পিছত এতিয়া কংগ্ৰেছে প্ৰশিক্ষণ ল'বহে ৷ বহু পিছত আছে কংগ্ৰেছ ৷ ২০২৩ত পঞ্চায়ত আৰু ২০২৪ত লোকসভাৰ বাবে আমি ফিল্ডত কাম আৰম্ভ কৰিলোঁৱে ৷ এতিয়া আমাৰ পিছে পিছে আহি থাকক কংগ্ৰেছ ৷”
পিছে বিৰোধী AIUDFয়ে শাসকীয় BJPক এৰি নিদিলে ৷ AIUDFৰ জেষ্ঠ বিধায়ক আমিনুল ইছলামে ক'লে- “অসমৰ বাহিৰত BJPৰ দৰে AIUDFয়ে প্ৰশিক্ষণ নলয় নাগপুৰীয়াৰ নিৰ্দেশত ৷ AIUDFয়ে অসমতে প্ৰতিদিনে লয় ৰাইজৰ পৰা প্ৰশিক্ষণ ৷ আমাক নাগপুৰীয়াৰ প্ৰশিক্ষণ নালাগে ৷”
Published by: Gautam Barman
FIRST PUBLISHED : December 14, 2021, 16:09 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।