• Home
  • »
  • News
  • »
  • assam
  • »
  • 'ঘাতক হ'ল বেদখলকাৰীসকল, বাংলাদেশীমূলৰ শ্বেৰমান আলী ঘাতকৰ চৰ্দাৰ'- শ্বহীদ দয়ানাথ শৰ্মাক ঘাতক আখ্যা দিয়া কংগ্ৰেছী শ্বেৰমানক তুলাধুনা ৰাজ্যিক বিজেপিৰ

'ঘাতক হ'ল বেদখলকাৰীসকল, বাংলাদেশীমূলৰ শ্বেৰমান আলী ঘাতকৰ চৰ্দাৰ'- শ্বহীদ দয়ানাথ শৰ্মাক ঘাতক আখ্যা দিয়া কংগ্ৰেছী শ্বেৰমানক তুলাধুনা ৰাজ্যিক বিজেপিৰ

অসমৰ জাতীয় জীৱনক উপলুঙা কৰা শ্বেৰমানক অসমৰ বৰঘৰত সোমাবলৈ নিদিবলৈ অসমৰ ৰাইজক অনুৰোধ বিজেপি মুখপাত্ৰ ৰঞ্জীৱ কুমাৰ শৰ্মাৰ।

অসমৰ জাতীয় জীৱনক উপলুঙা কৰা শ্বেৰমানক অসমৰ বৰঘৰত সোমাবলৈ নিদিবলৈ অসমৰ ৰাইজক অনুৰোধ বিজেপি মুখপাত্ৰ ৰঞ্জীৱ কুমাৰ শৰ্মাৰ।

অসমৰ জাতীয় জীৱনক উপলুঙা কৰা শ্বেৰমানক অসমৰ বৰঘৰত সোমাবলৈ নিদিবলৈ অসমৰ ৰাইজক অনুৰোধ বিজেপি মুখপাত্ৰ ৰঞ্জীৱ কুমাৰ শৰ্মাৰ।

  • Share this:
বিধায়ক শ্বেৰমান আলীৰ মন্তব্যক লৈ উত্তাল অসমৰ ৰাজনীতি। শ্বেৰমান আলীক এইবাৰ উভতি ধৰিলে বিজেপিয়ে ৷ ১৯৮৩ৰ অসম আন্দোলনৰ শ্বহীদ দয়ানাথ শৰ্মাক ঘাতক আখ্যা দিছিল বাঘবৰৰ কংগ্ৰেছী বিধায়ক শ্বেৰমান আলীয়ে ৷ শ্বেৰমান আলীৰ মন্তব্যত গৰিহণা দি বৃহস্পতিবাৰে সংবাদমেল সম্বোধন কৰিলে বিজেপি মুখপাত্ৰ ৰঞ্জীৱ কুমাৰ শৰ্মাই ৷

ৰঞ্জীৱ কুমাৰ শৰ্মাই সংবাদমেলত ক'লে,"দয়ানাথ শৰ্মাক ৰাইজে শ্বহীদ হিচাপে ঘোষণা কৰিছিল। ৮৩ৰ আন্দোলনত গৰুখুঁটিত প্ৰাণ দিছিল দয়ানাথ শৰ্মাই ৷ সেই দয়ানাথ শৰ্মাক লৈ কটু মন্তব্য কৰা শ্বেৰমান আলী ভাৰতীয় হয় নে নহয় সন্দেহ আছে। বাংলাদেশী মূলৰ শ্বেৰমান আলীয়ে শ্বহীদ দয়ানাথ শৰ্মাক অপমান কৰি ঘাটক বুলি কৈছে ৷ কংগ্ৰেছ দল যাতে অসমৰ বৰঘৰত পুনৰ বহিব নোৱাৰে তাৰ প্ৰতি ৰাইজ সজাগ হ'ব লাগিব ৷ কংগ্ৰেছ দলে আজি মিঞাৰ বাদে আন কাৰো কাম নকৰে। সেই কাৰণে শ্বেৰমান আলীয়ে এনেদৰে ক'বলৈ সাহস কৰিছে ৷ ঘাতক হ'ল প্ৰকৃততে বেদখলকাৰীসকল। শ্বেৰমান আলী হ'ল ঘাতকৰ চৰ্দাৰ ৷"

ৰঞ্জীৱ কুমাৰ শৰ্মাই লগতে ক'লে, "২০৫০ চনত অসমক মুছলিম ৰাজ্য হিচাপে গঢ়ি তোলাৰ এটা পৰিকল্পনা চলি আছে। তাৰে এটা অংশ হ'ল শ্বেৰমান আলী ৷ ভাৰতীয় জনতা পাৰ্টিয়ে অসমীয়াৰ অস্তিত্ব ৰক্ষাৰ বাবে প্ৰতিটো মুহুৰ্তত যুঁজ দি যাব। মুছলিমৰ আগ্ৰাসন , বাংলাদেশৰ আগ্ৰাসন অসমত এটা ডিজাইনত চলি আছে। ইয়াৰ মূল ভূমিকা লৈছে কংগ্ৰেছ, আমছু আৰু নতুনকৈ PFI য়ে। শ্বেৰমান আলীৰ নিচিনা মানুহক নেতা বনাই কংগ্ৰেছ দলে এই কাম কৰিছে। ট্ৰাইবেল বেল্ট ব্লকত বাংলাদেশী মূলৰ মানুহৰ সংখ্যা বৃদ্ধি পাইছে। কিন্তু তেতিয়া কংগ্ৰেছৰ সভাপতিয়ে চোলা ফলা নাই ৷ কলাক্ষেত্ৰত হোৱা আক্ৰমণৰ সময়তো ফলা নাছিল চোলা ৷ কংগ্ৰেছ দল আজি শ্বেৰমানৰ পৃষ্ঠপোষকতাত  চলিছে ৷ অসমৰ জাতীয় জীৱনক উপলুঙা কৰা শ্বেৰমানক অসমৰ বৰঘৰত সোমাবলৈ নিদিবলৈ অসমৰ ৰাইজক অনুৰোধ জনালো ৷ প্ৰাক্তন মন্ত্ৰী জয়নাথ শৰ্মাক ইয়াৰ প্ৰতিবাদ কৰিবলৈ ৰাজপথলৈ ওলাই আহিবলৈ অনুৰোধ কৰিছো ৷"
Published by:Himangshu Bhuyan
First published: