মুখ্যপৃষ্ঠা » খবৰ

» অসম

»'বাজপেয়ী ভৱনৰ নাম সলাই ৰাজীৱ ভৱন কৰি দিয়ক' -হাঁহিৰ চলেৰে আৰ পি শৰ্মাই পৰামৰ্শ দিলে মুখ্যমন্ত্ৰীক

'বাজপেয়ী ভৱনৰ নাম সলাই ৰাজীৱ ভৱন কৰি দিয়ক' -হাঁহিৰ চলেৰে আৰ পি শৰ্মাই পৰামৰ্শ দিলে মুখ্যমন্ত্ৰীক

News18 Assam | News18-Assam
Updated:August 26, 2021, 4:52 PM IST
'বাজপেয়ী ভৱনৰ নাম সলাই ৰাজীৱ ভৱন কৰি দিয়ক' -হাঁহিৰ চলেৰে আৰ পি শৰ্মাই পৰামৰ্শ দিলে মুখ্যমন্ত্ৰীক
কিছুদিন পূৰ্বে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰি কথাৰ প্ৰসংগত এই পৰামৰ্শ আগবঢ়াইছে কংগ্ৰেছী নেতা আৰ পি শৰ্মাই ৷

কিছুদিন পূৰ্বে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰি কথাৰ প্ৰসংগত এই পৰামৰ্শ আগবঢ়াইছে কংগ্ৰেছী নেতা আৰ পি শৰ্মাই ৷

  • Share this:
তেজপুৰৰ প্ৰাক্তন বিজেপি সাংসদ তথা বৰ্তমানৰ কংগ্ৰেছী নেতা আৰ পি শৰ্মাই মুখ্যমন্ত্ৰীক দিছে এটা পৰামৰ্শ ৷ পৰামৰ্শটো হৈছে, সলাব লাগে হেনো বাজপেয়ী ভৱনৰ নাম! বাজপেয়ী ভৱনৰ ঠাইত লিখিব লাগে ৰাজীৱ ভৱন ৷ য'ত ব্ৰেকেটৰ ভিতৰতহে থাকিব বাজপেয়ী ভৱন।

কিছুদিন পূৰ্বে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰি কথাৰ প্ৰসংগত এই পৰামৰ্শ আগবঢ়াইছে কংগ্ৰেছী নেতা আৰ পি শৰ্মাই ৷ বিজেপিত বৰ্তমান কিমান প্ৰকৃত বিজেপি আছে বুলি প্ৰশ্ন তুলি বাজপেয়ী ভৱন সম্প্ৰতি কংগ্ৰেছীৰ দখলত বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য প্ৰাক্তন সাংসদগৰাকীৰ ৷ এই গতিতে যদি কংগ্ৰেছৰ পৰা বিজেপি গমন চলি থাকে তেতিয়াহ'লে বাজপেয়ী ভৱনৰ নাম সলোৱাই ভাল হ'ব বুলি কয় কংগ্ৰেছী নেতা শৰ্মাই৷

"আপুনি মন্ত্ৰীসভা খনকে চাওকচোন! কেইজন প্ৰকৃত বিজেপি আছে? পৰিমল শুক্লবৈদ্যক বাদ দি কোনজন প্ৰকৃত বিজেপি আছে অসম মন্ত্ৰীসভাত? বিজেপি কাৰ্যালয়টো একপ্ৰকাৰ এতিয়া আমাৰ দখলত ৷ সিদিনা গোৰ্খা সম্প্ৰদায়ৰ হৈ মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰোতে সেয়ে হাঁহি হাঁহি কৈয়েই দিলো হিমন্তক ৷ হিমন্ত মোৰ ভাইৰ দৰে, তেওঁক ক'ব পাৰি ৷ মই কৈছো বাজপেয়ী ভৱন আমি দখল কৰিলোৱেই গতিকে বাজপেয়ী ভৱনটো ব্ৰেকেটত ৰাখি ৰাজীৱ ভৱন কৰি দিব লাগে কাৰ্যালয়টোৰ নাম ৷"

ইফালে নিৰ্বাচনত জয়ী হৈও কংগ্ৰেছৰ পৰা তথা বিধায়ক পদৰ পৰাও পদত্যাগ কৰি বিজেপিলৈ যোৱা থাওৰা আৰু মৰিয়নিৰ সদ্য প্ৰাক্তন বিধায়ক সুশান্ত বুৰাগোহাঁই আৰু ৰূপজ্যোতি কুৰ্মীক কঠোৰ সমালোচনা কৰে আৰ পি শৰ্মাই ৷ "সুশান্ত,ৰূপজ্যোতি বিশ্বাসঘাতক ৷ মন্ত্ৰী হ'বলৈকে কংগ্ৰেছৰ টকা, কংগ্ৰেছৰ বেনাৰ, কংগ্ৰেছৰ ভোট লৈ জিকি আহিও দলত্যাগ কৰা সুশান্ত, ৰূপজ্যোতিয়ে নিজৰ ধনেৰে খেলক নিৰ্বাচন ৷ কিয় জনতাই দিয়া 'কৰ'ৰ টকা অপব্যয় হ'ব? উচ্চতম ন্যায়ালয়,নিৰ্বাচন আয়োগে লওক ব্যৱস্থা ৷"— এই দাবী আৰ পি শৰ্মাৰ

বহু দিনৰ পিছত NEWS18ৰ আগত মুখ খুলি বাজপেয়ী ভৱনৰ নাম সলাবলৈ পৰামৰ্শ দিয়া আৰ পি শৰ্মাক বাজপেয়ী ভৱনে কি প্ৰত্যুত্তৰ দিয়ে সেয়াহে হ'ব লক্ষণীয় ৷
Published by: Himangshu Bhuyan
First published: August 26, 2021, 4:52 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি