হিন্দু জনসংখ্যাৰ বিপৰীতে অসমত দহ বছৰত তিনিগুণ বাঢ়িল মুছলমানৰ জনসংখ্যা। ৰাষ্ট্ৰীয় সংবাদমাধ্যমৰ বাতৰিক প্ৰত্যাহ্বান বিজেপিৰ।

News18 Assam | News18-Assam
Updated:June 14, 2021, 6:37 PM IST
হিন্দু জনসংখ্যাৰ বিপৰীতে অসমত দহ বছৰত তিনিগুণ বাঢ়িল মুছলমানৰ জনসংখ্যা। ৰাষ্ট্ৰীয় সংবাদমাধ্যমৰ বাতৰিক প্ৰত্যাহ্বান বিজেপিৰ।
file image/representative image

"মুছলিম মহিলাই অধিক হাৰত সন্তান জন্ম দি ৰাজ্যৰ জনগাঁথনিলৈ কঢ়িয়াইছে ভাবুকি ৷ চৰকাৰে এখন কঠোৰ জনসংখ্যা নিয়ন্ত্ৰণ আইন অচিৰেই আনিব।"

  • Share this:
ৰাষ্ট্ৰীয় সংবাদ মাধ্যম টাইমছ অৱ ইণ্ডিয়া(TOI)ৰ এক বাতৰিত নেচনেল ফেমিলী হেল্থ ছাৰ্ভে (NFHS-5) ৫-ৰ তথ্যৰ আধাৰত অসমত মুছলমানৰ জনসংখ্যা হ্ৰাস পোৱা বুলি প্ৰচাৰিত বাতৰিক তথ্যসহকাৰে প্ৰত্যাহ্বান জনালে বিজেপিয়ে ৷ সোমবাৰে ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত এক সংবাদমেলত দুই মুখপাত্ৰ জয়ন্ত মল্ল বৰুৱা আৰু পবিত্ৰ মাৰ্ঘেৰিটাই লোকপিয়লৰ তথ্যৰে টাইমছ অৱ ইণ্ডিয়াৰ বাতৰিক প্ৰত্যাহ্বান জনায়।

লোকপিয়লৰ তথ্য অনুসৰি ১৯৯১-২০০১ চনৰ সময়ছোৱাত অসমত হিন্দু জনসংখ্যা বৃদ্ধিৰ হাৰ ১৪.৯% হোৱাৰ বিপৰীতে মুছলিম জনসংখ্যা বৃদ্ধিৰ হাৰ আছিল ২৯.৩% ৷ সেই দহ বছৰত হিন্দু জনসংখ্যাৰ বৃদ্ধিৰ দুুগুণ হাৰত বৃদ্ধি পাইছিল মুছলমানৰ জনসংখ্যা ৷ ২০০১-১১চনৰ দশকত ৰাজ্যত হিন্দু জনসংখ্যা বৃদ্ধিৰ হাৰ ১০.৯%লৈ হ্ৰাস পোৱাৰ বিপৰীতে মুছলিম জনসংখ্যা বৃদ্ধিৰ হাৰ ২৯.৬%লৈ বাঢ়িছে ৷

১৯৭১আৰু ২০১১ৰ লোকপিয়লৰ তথ্য উল্লেখ কৰি জয়ন্ত মল্ল বৰুৱাই কয়, "১৯৭১ত অসমৰ মুঠ জনসংখ্যাৰ ৭২.৫১% হিন্দু হোৱাৰ বিপৰীতে মুছলিম জনসংখ্যাৰ  হাৰ আছিল ২৪.৫৬% ৷ কিন্তু ২০১১ত ৰাজ্যত হিন্দু জনসংখ্যা ৬১.৪৬% লৈ হ্ৰাস পোৱাৰ বিপৰীতে মুছলিম জনসংখ্যা বৃদ্ধি হয় ৩৪.২২%লৈ ৷" মুখপাত্ৰ জয়ন্ত মল্ল বৰুৱাই সংযোগ কৰিলে আন এক তথ্য— "১৯৭১ত অসমত মুছলিম সংখ্যাগৰিষ্ঠ দুখন জিলা থকাৰ বিপৰীতে ২০১১ত মুছলিম সংখ্যাগৰিষ্ঠ জিলা হ'ল ১০খন ৷"

সন্তান জন্ম হাৰক লৈ দুয়োগৰাকী মুখপাত্ৰৰ মত, "মুছলিম মহিলাই অধিক হাৰত সন্তান জন্ম দি ৰাজ্যৰ জনগাঁথনিলৈ কঢ়িয়াইছে ভাবুকি ৷"

জয়ন্ত মল্ল বৰুৱাই কয়, "চৰকাৰে এখন কঠোৰ জনসংখ্যা নিয়ন্ত্ৰণ আইন অচিৰেই আনিব।"  আনহাতে পবিত্ৰ মাৰ্ঘেৰিটাই কয়, "জনসংখ্যা নিয়ন্ত্ৰণ নহ'লে ২০৩৭ চনত অসমত  হিন্দু সংখ্যালঘু হ'ব ৷ যদি হ'ব নালাগে প্ৰত্যেকৰ সহযোগ লাগিব ৷"
Published by: Manjumoni Borah
First published: June 14, 2021, 6:37 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি