ভাৰতীয় জনতা যুৱ মৰ্চা, অসম প্ৰদেশৰ উদ্যোগত বৃহস্পতিবাৰে গুৱাহাটী মাছখোৱাস্থিত আই টি এ প্ৰকল্পত স্বামী বিবেকানন্দৰ জয়ন্তী তথা ৰাষ্ট্ৰীয় যুৱ দিৱসৰ সৈতে সংগতি ৰাখি 'যুগদৃষ্টি' শীৰ্ষক এক অনুষ্ঠান আয়োজিত হৈ যায়। অনুষ্ঠানত ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা, মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, ভাৰতীয় জনতা যুৱ মৰ্চা অসম প্ৰদেশৰ সভাপতি সিদ্ধাংকু অংকুৰ বৰুৱা, কেবিনেট মন্ত্ৰীত্ৰয় ৰঞ্জিত কুমাৰ দাস, পীযূষ হাজৰিকা, পৰিমল শুক্লবৈদ্য, সাংসদত্ৰয় দিলীপ শইকীয়া, পল্লৱ লোচন দাস আৰু পৱিত্ৰ মাৰ্ঘেৰিটা, ৰাজ্যিক যুৱ মৰ্চাৰ প্ৰভাৰী তথা দলৰ সাধাৰণ সম্পাদক দিপ্লু ৰঞ্জন শৰ্মাকে ধৰি আন ব্যক্তিসকল উপস্থিত থাকে।
অনুষ্ঠানত উপস্থিত থাকি বিবেকানন্দৰ প্ৰতি শ্ৰদ্ধা নিবেদন জনাই ৰাজ্যিক সভাপতি ভৱেশ কলিতাই কয়, "দেশৰ যুৱ শক্তি সবল আৰু সুসংগঠিত হ'লেহে দেশৰ সকলো দিশৰে উন্নয়ন হ'ব। সমাজৰ প্রতিগৰাকী যুৱক-যুৱতীয়ে স্বামী বিবেকানন্দৰ দূৰদৰ্শী চিন্তা আৰু আদৰ্শৰে অনুপ্ৰাণিত হৈ সমৰ্পিত মনোভাৱেৰে ৰাষ্ট্ৰ নিৰ্মাণৰ বাটত স্ব-প্ৰতিভা আৰু দায়িত্ববোধেৰে অগ্ৰসৰ হোৱাৰ সময় সমাগত৷"
অনুষ্ঠানত উপস্থিত থাকি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয়, "স্বামী বিবেকানন্দ আছিল ভাৰতীয় নৱজাগৰণৰ প্ৰতিমূৰ্তি যিয়ে বিশ্বক হিন্দু ধৰ্মৰ সাৰমৰ্ম দেখুৱাইছিল। আজিৰ এই পৱিত্ৰ ক্ষণত এইগৰাকী মহান মনীষীৰ প্ৰতি মোৰ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। চিকাগোত অনুষ্ঠিত বিশ্ব ধৰ্ম মহাসভাত স্বামী বিবেকানন্দৰ ভাষণ আছিল আমাৰ প্ৰজ্ঞাৰ দিশত যাত্ৰাৰ বাবে এক সংজ্ঞায়িত মুহূৰ্ত।"
অনুষ্ঠানৰ প্ৰাক মুহূৰ্তত অনুষ্ঠানটিৰ লগতে সাংবাদিকে সোধা এক প্ৰশ্নৰ যুৱ মৰ্চাৰ অসমৰ সভাপতি সিদ্ধাংকু অংকুৰ বৰুৱাই ২০২৪ৰ নিৰ্বাচনত যুৱ শক্তিয়েই বিজেপিৰ মূল চালিকা শক্তি হ'ব বুলি প্ৰত্যয়েৰে মন্তব্য আগবঢ়ায় ৷ সভাপতি সিদ্ধাংকুৱে কয় প্ৰধানমন্ত্ৰী মোদী, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰতিটো সময়তে যুৱ শক্তিৰ ওপৰত আস্থা আৰু বিশ্বাস ৰাখি প্ৰগতিৰ চিন্তা কৰে ৷
উক্ত অনুষ্ঠানত সমগ্ৰ অসমৰ নিজ নিজ কৰ্মৰাজি তথা সুপ্ত প্ৰতিভাৰে সাংস্কৃতিক, ক্ৰীড়া,সামাজিক বিভিন্ন ক্ষেত্ৰত সফলতাৰে আৰোহণ কৰা ২১ গৰাকী যুৱ প্ৰতিভাধৰক সম্বৰ্ধনা জনোৱাৰ লগতে অসমৰ ৪০ খন মহাবিদ্যালয়ৰ পৰা ছাত্ৰ নেতাক সন্মানিত কৰা হয়। অনুষ্ঠানত অসমৰ ভিন্ন প্ৰান্তৰ প্ৰায় ২০০০ যুৱক-যুৱতী উপস্থিত আছিল৷
Published by: Gautam Barman
FIRST PUBLISHED : January 12, 2023, 22:54 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।