বিজেপিক জেণ্টলমেন এগ্ৰীমেণ্টৰ কথা মনত পেলালে অগপই

লোকসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিৰ সৈতে হৈছিল জেণ্টলমেন এগ্ৰিমেণ্ট, সেয়া ভংগ হ’ব নোৱাৰেঃৰমেন্দ্ৰ নাৰায়ণ কলিতা

news18assam
Updated:May 6, 2019, 6:15 PM IST
বিজেপিক জেণ্টলমেন এগ্ৰীমেণ্টৰ কথা মনত পেলালে অগপই
লোকসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিৰ সৈতে হৈছিল জেণ্টলমেন এগ্ৰিমেণ্ট, সেয়া ভংগ হ’ব নোৱাৰেঃৰমেন্দ্ৰ নাৰায়ণ কলিতা
news18assam
Updated: May 6, 2019, 6:15 PM IST
অনিত প্ৰতীম বৰুৱাঃ ১৪ জুনত ৰাজ্যসভাৰ দুখন আসন খালি হব। মিত্ৰজোঁটৰ ধৰ্ম ৰক্ষা কৰি বিজেপিয়ে অগপক এখন আসন এৰি দিবনে? নে BJPয়ে মাৰিব U–Turn? অগপ বিজেপিৰ মাজত আসনক লৈ টনাটনি ৰম্ভ হোৱাৰ সময়তে এই নিৰ্বাচনত যে কংগ্ৰেছেও মুখথেকাছা খাবলৈ গৈ আছে সেয়া স্পষ্ট হৈ পৰিছে। ৰাজ্যসভাত  কংগ্ৰেছ-AIUDF যে শক্তিহীন হ’ব সেই কথা স্পষ্ট হৈ পৰিছে।
কাৰণ ৰাজ্যসভাত কংগ্ৰেছে কোনো সদস্যক নিৰ্বাচিত কৰিব নোৱাৰিব। ৰাজ্যসভা নিৰ্বাচনত ১জন প্ৰাৰ্থী জয়ী হবলৈ ৪৩গৰাকী সদস্যৰ সমৰ্থন লাগে, কিন্তু কংগ্ৰেছৰ বৰ্তমান বিধায়কৰ সংখ্যা মাত্ৰ ২৫জন। একেদৰে অসম বিধানসভাত ১৩গৰাকী সদস্য আছে AIUDFৰ। যদিহে দুয়োটা দলে মিত্ৰতাও কৰে তেনেহ’লেও  কংগ্ৰেছৰ ২৫জন + AIUDF ১৩জন = ৩৮জন বিধায়কহে হয়।
আনহাতে ৰাজ্যসভাৰ দুয়োখন আসনত BJP প্ৰাৰ্থী জয়ী কৰাবলৈ গেৰুৱা দলটোক প্ৰয়োজন হ’ব ৮৬ গৰাকী সদস্যৰ সমৰ্থন। অগপ–বিজেপি আৰু বিপিএফ মিত্ৰজোঁটৰ শক্তি হৈছে ৮৮জন বিধায়ক। BJPৰ বৰ্তমানৰ বিধায়ক আছে ৬১ গৰাকী। BPFৰ ১২ জন আৰু নিৰ্দলীয় আছে ১ গৰাকী। গতিকে BJP ৬১ + BPF ১২ + নিৰ্দলীয় ১ = ৭৪ । সেইমতে ৰাজ্যসভাৰ দুয়োখন আসন পাবলৈ বাবে গেৰুৱা দলটিক প্ৰয়োজন হব অসম গণ পৰিষদৰ ১৪ বিধায়কৰো সমৰ্থন।

BJP ৬১ + অগপ ১৪ + BPF ১২ + নিৰ্দলীয় ১ = ৮৮। এই সমীকৰণতহে মিত্ৰজোঁটৰ দুজন প্ৰাৰ্থী জয়ী হোৱাটো সম্ভৱ। উল্লেখযোগ্য যে বিজেপি শিলাদিত্য দেৱ আৰু নোমল মমিনে অগপক এখন আসন এৰি দিয়াৰ প্ৰসংগ অস্বীকাৰ কৰিছিল। প্ৰত্যুত্তৰত অগপই মনত পেলাই দিয়ে 'জেণ্টলমেন চুক্তি’ৰ প্ৰসংগ।

লোকসভা নিৰ্বাচনৰ পূৰ্বে আমাৰ কেন্দ্ৰীয় নেতৃত্ব আৰু ৰাজ্যিক নেতৃত্বৰ লগত বুজা বুজি হৈছিল। আমাক লোকসভাত ৩খন আসন আৰু ৰাজ্যসভাত ১খন আসন দিব বুলি তেওঁলোকে কৈছিল।BJPৰ কেন্দ্ৰীয় নেতৃত্বই সেই প্ৰতিশ্ৰুতি ৰক্ষা কৰিব বুলি আমি বিশ্বাস কৰোঁ। নোমল মমিন হয়তো এই বিষয়ে অৱগত নহয়, সেইকাৰণে তেনেকৈ কৈছে, আমাৰ 'Gentlemen Agreement'হৈছে BJPৰ লগত গতিকে ৰাজ্যসভাত আসন এৰি নিদিয়াৰ প্ৰশ্নই উঠিব নোৱাৰে।


 
আৰু চাওক পৰৱৰ্তী বাতৰি