ৰহা পৌৰসভা নিৰ্বাচনৰ বাবে মঙলবাৰে বিভিন্ন দলৰ ২১গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰে।মনোনয়ন দাখিলৰ অন্তিম দিনা ৰহা পৌৰসভাৰ ১ নং ৱাৰ্ডত বিনাপ্ৰতিদ্বন্দ্বিতাৰে জয়ী হয় বিজেপি দলৰ প্ৰাৰ্থী প্ৰীতি বৰদলৈ।
অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত ৱাৰ্ডটোত অসম জাতীয় পৰিষদৰ (AJP) পৰা বনশ্ৰী লৰে প্ৰাৰ্থিত্ব লাভ কৰিছিল যদিও শাৰীৰিক অসুস্থতাৰ বাবে শেষ মুহুৰ্তলৈ প্ৰাৰ্থীগৰাকীয়ে মনোনয়ন দাখিল কৰা স্থানত উপস্থিত নোহোৱাত তেওঁৰ প্ৰাৰ্থিত্ব নাকচ হয়। ইপিনে অসম জাতীয় পৰিষদৰ লগত মিত্ৰটা হোৱাৰ বাবে কংগ্ৰেছ দলেও ৱাৰ্ডটোত প্ৰাৰ্থিত্ব নিদিয়াত বিজেপিৰ (BJP) প্ৰাৰ্থী প্ৰীতি বৰদলৈ বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী হয় (Raha municipal election)।
উল্লেখ্য, ৰহা আৰু কামপুৰত ১০ টাকৈ ৱাৰ্ড আছে ৷ ১০টা ৱাৰ্ডৰ ভিতৰত ৰহা আৰু কামপুৰত ভাৰতীয় জনতা পাৰ্টীয়ে ৭টা ৱাৰ্ডত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱাৰ উপৰি ৩খনকৈ আসন বুজাবুজিৰ মাজেৰে এৰি দিয়ে মিত্ৰজোঁটৰ অগপ দলৰ প্ৰাৰ্থীক। ৰহাত বিজেপি দলে ১ নংত প্ৰীতি বৰদলৈক প্ৰাৰ্থিত্ব দিছিল আৰু তেওঁ বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়লাভ কৰে।
Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|