உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • Assam By Poll Results: সকলো দলৰে চকু আছিল থাওৰাত, কিন্তু থাওৰাই ঠাই দিলে বিজেপিক, ৰেকৰ্ড গঢ়িলে জয়েৰে

    Assam By Poll Results: সকলো দলৰে চকু আছিল থাওৰাত, কিন্তু থাওৰাই ঠাই দিলে বিজেপিক, ৰেকৰ্ড গঢ়িলে জয়েৰে

    জয়ী হোৱাৰ পিছতে সুশান্ত বৰগোহাঁয়ে পত্নীক লগত লৈ ভোট গণনা কেন্দ্ৰৰ চৌহদতে ছাগলী মাংসৰে তৃপ্তিৰে খালে এসাঁজ ভাত।

    জয়ী হোৱাৰ পিছতে সুশান্ত বৰগোহাঁয়ে পত্নীক লগত লৈ ভোট গণনা কেন্দ্ৰৰ চৌহদতে ছাগলী মাংসৰে তৃপ্তিৰে খালে এসাঁজ ভাত।

    জয়ী হোৱাৰ পিছতে সুশান্ত বৰগোহাঁয়ে পত্নীক লগত লৈ ভোট গণনা কেন্দ্ৰৰ চৌহদতে ছাগলী মাংসৰে তৃপ্তিৰে খালে এসাঁজ ভাত।

    • Share this:

    বহু জল্পনা-কল্পনাৰ অন্তত ১০৭নং থাওৰা বিধানসভা সমষ্টিৰ উপ–নিৰ্বাচনত শেষ হাঁহি মাৰিলে বিজেপি প্ৰাৰ্থী সুশান্ত বৰগোহাঁয়ে। সুশান্ত বৰগোহাঁয়ে ৩০,৫৬১ টা ভোটৰ ব্যৱধানত জয় লাভ কৰে। বিজেপি প্ৰাৰ্থী সুশান্ত বৰগোহাঁয়ে মুঠ ৫৪,৯৫৬টা ভোট লাভ কৰে। নিকটতম প্ৰতিদ্বন্দ্বী তথা ৰাইজৰ দলৰ প্ৰাৰ্থী ধৈৰ্য কোঁৱৰে লাভ কৰে ২৪,৩৯৫টা ভোট ।


    ইপিনে কংগ্ৰেছ দলৰ প্ৰাৰ্থী মনোৰঞ্জন কোঁৱৰে মাত্ৰ ৫৮৯২টা ভোট, চি পি আইৰ প্ৰাৰ্থী কৃষ্ণ গগৈয়ে ১৯৮৫টা ভোট আৰু নিৰ্দলীয় লোহিত গোৱালাই লাভ কৰে মাত্ৰ ৭০৩টা ভোট। ইয়াত ন'টা ভোটৰ সংখ্যা ৭২৬ টা।


    বৃহৎ ভোটৰ ব্যৱধানত জয়ী হৈ ইতিহাস ৰচনা কৰা সুশান্ত বৰগোহাঁয়ে প্ৰথম প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়– "থাওৰাবাসীক যি প্ৰতিশ্ৰুতি দি উপ–নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিলোঁ, সেই প্ৰতিশ্ৰুতি পূৰণ কৰা হ'ব। ৰাইজে যি আস্থা প্ৰকাশ কৰিলে তাৰ বাবে চিৰ কৃতজ্ঞ হৈ ৰ'ম। যিকেইগৰাকীয়ে পৰাজয়বৰণ কৰিছে তেওঁলোককো ধন্যবাদ জ্ঞাপন কৰিছোঁ।"


    ইয়াৰ উপৰি তেওঁৰ জয়ে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ হাত শক্তিশালী কৰিলে বুলি সদৰী কৰে। সুশান্ত বৰগোহাঁয়ে কয়– "ৰাইজৈ উন্নয়ন বিচাৰিছে। এতিয়া উন্নয়ন হ'ব । যি সকলে বিশ্বাসঘাতকতা বুলি প্ৰচাৰ কৰিছিল, তেওঁলোকৰ কথা ৰাইজে মানি যে লোৱা নাই সেয়া স্পষ্ট হ'ল ।"


    আনহাতে তেওঁৰ সহধৰ্মিণী অংকিতা চাংমায়েও সমষ্টিবাসীৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰিছে । যি সকলে বিগত সময়ছোৱাত সুশান্ত বৰগোহাঁইৰ হৈ সহযোগিতা আগবঢ়ালে, সেইসকলৰ ওচৰত ঋণী হৈ থাকিব বুলিও মন্তব্য কৰে তেওঁ।


    ইপিনে জয়ী হোৱাৰ পিছতে সুশান্ত বৰগোহাঁয়ে পত্নীক লগত লৈ ভোট গণনা কেন্দ্ৰৰ চৌহদতে ছাগলী মাংসৰে তৃপ্তিৰে খালে এসাঁজ ভাত।


    তদুপৰি ভোট গণনা কেন্দ্ৰৰ বাহিৰত বহুসংখ্যক বিজেপি সমৰ্থকে বিহু গীত গাই আনন্দ উছাহ প্ৰকাশ কৰাৰ লগতে সুশান্ত বৰগোহাঁইক ফুলাম গামোচাৰে অভিনন্দন জনায়।


    লক্ষণীয় যে সমষ্টিটোত তীব্ৰ প্ৰতিদ্বন্দ্বিতা হ'ব পাৰে বুলি ৰাজনৈতিক দলত চৰ্চা চলিছিল যদিও তেনে হোৱা দেখা নগ'ল। বিশেষকৈ কংগ্ৰেছৰ একালৰ দুৰ্গস্বৰূপ থাওৰা সমষ্টিত বাৰুকৈয়ে এইবাৰ মুখথেকেচা খালে দলটোৰ প্ৰাৰ্থী মনোৰঞ্জন কোঁৱৰে । যোৱা মাৰ্চত অনুষ্ঠিত বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ দখললৈ গৈছিল সমষ্টিটো। সেই সময়ত সুশান্ত বৰগোহাঁয়ে কংগ্ৰেছৰ হৈ প্ৰতিদ্বন্দ্বিতা আগবঢ়াই ২০০৬টা ভোটত জয়ী হৈছিল।


    ২০১৬ চনৰ বিধানসভা নিৰ্বাচনত সমষ্টিটোত সেই সময়ৰ বিজেপি প্ৰাৰ্থী কুশল দুৱৰীয়ে মাত্ৰ ১২২৬ টা ভোটত জয়ী হৈছিল। কিন্তু আজি উপ নিৰ্বাচনৰ ফলাফলত ৩০,৫৬১ টা ভোটত জয়ী হৈ ইতিহাস ৰচনা কৰিলে সুশান্ত বৰগোহাঁয়ে। কাৰণ স্বাধীনতাৰ কালৰ পৰা সমষ্টিটোত কোনো প্ৰাৰ্থীয়ে ইমান বৃহৎ সংখ্যক ভোটৰ ব্যৱধানত জয়ী হোৱা নাছিল।

    Published by:Gautam Barman
    First published: