জ্যোতিষীয়ে দিয়া সময়ত শনিবাৰে পত্নী-কন্যাক লগত লৈ ভোট দিলে ভৱানীপুৰৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণী তালুকদাৰে ৷ ভোটদান সমাপ্তিৰ পিছতে ক'লে- ''২ মে'ত মই নাচিব পৰা নাছিলোঁ ৷ কোভিড প্ৰট'কলৰ বাবে নচাৰ সুযোগ পোৱা নাছিলোঁ ৷ এইবাৰ মই নাচিম ৷'' পিছে ফণীধৰ তালুকদাৰে নাচোঁতে কোনে বজাব ঢোল?
তেওঁ কয়– ''বিধায়ক জয়ন্ত মল্ল বৰুৱাই মোৰ বাবে বহু কষ্ট কৰিছে এইবাৰ ৷ গতিকে জয়ন্ত মল্ল বৰুৱাই ঢোল বাদন কৰিব আৰু ৰাতুল শৰ্মাই বজাব পেঁপা৷"
ভোটগ্ৰহণ সমাপ্ত হোৱাৰ পিছতে বিজেপি নেতাৰ সদম্ভ ঘোষণা, জয়ী হ'ব পাঁচোটা সমষ্টিতে বিজেপি মিত্ৰজোঁট ৷ বিজেপি সভাপতি ভৱেশ কলিতাই ভোটগ্ৰহণৰ পিছতে ভৱানীপুৰত ক'লে, " ভোটাৰ ৰাইজক আন্তৰিক ধন্যবাদ ৷ সেৱা যাচিছোঁ গণতন্ত্ৰক সন্মান জনোৱা পাঁচোটা সমষ্টিৰ ভোটাৰক ৷ আমি পাঁচ গ'ল দিলোঁৱেই ৷ আমি নিৰ্বাচনটোত গলকীপাৰ, ডিফেণ্ডাৰ নেদেখিলোঁৱেই ৷ থাওৰা, মৰিয়নি, ভৱানীপুৰত বিজেপি প্ৰাৰ্থী আৰু গোসাঁইগাঁও, তামুলপুৰত আমাৰ মিত্ৰদল UPPL বৃহৎ ব্যৱধানত জয়ী হ'ব ৷"
ভৱানীপুৰ সমষ্টিৰ তত্ত্বাৱধায়ক হিচাপে থকা নলবাৰীৰ বিধায়ক জয়ন্ত মল্ল বৰুৱাৰো প্ৰবল আত্মবিশ্বাস ৷ বৰুৱাই আনকি কৈয়েই পেলালে কোন সমষ্টিত কিমান ভোটৰ ব্যৱধানত জয়ী হ'ব বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী—"ত্ৰিশ হাজাৰৰ অধিক ভোটৰ ব্যৱধানত থাওৰা, মৰিয়নি, ভৱানীপুৰ, তামুলপুৰত জয়ী হ'ব আমাৰ প্ৰাৰ্থী৷ গোসাঁইগাঁৱত আমি ১০ হাজাৰমান ভোটত জিকিম।''
ইফালে, মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব জয়ন্ত মল্ল বৰুৱাৰ মতে অখিল গগৈ, লুৰিণজ্যোতি গগৈক হেনো সংবাদ মাধ্যমেহে জীয়াই ৰাখিছে ৷ বিজেপিৰ বাবে হেনো ফেক্টৰ নহয় অখিল, লুৰিণ৷ আনকি লুৰিণজ্যোতি গগৈৰ দৰে দুটা সমষ্টিত নিৰ্বাচন খেলি হৰা মানুহ জয়ন্ত মল্ল বৰুৱা নহয় বুলিও কটাক্ষ অজাপৰ সভাপতিক৷
সময় এতিয়া এটা দিনৰ অপেক্ষাৰ৷ বিজেপিৰ এই আত্মবিশ্বাস ইভিএমৰ ৰিজাল্টত থাকেনে নাথাকে ২ নৱেম্বৰত হ'ব স্পষ্ট ৷
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|