মুখ্যপৃষ্ঠা »খবৰ »অসম »Paramananda Rajbongshi: ‘পত্নী–কন্যাৰ সৈতে অন্যায় কৰা দুমুখীয়া চৰিত্ৰৰ পৰমানন্দ ৰাজবংশীৰ পৰা সাৱধান’–ছিপাঝাৰৰ বিজেপি প্ৰাৰ্থীৰ বিৰুদ্ধে পত্নীৰ ভয়ংকৰ অভিযোগ

Paramananda Rajbongshi: ‘পত্নী–কন্যাৰ সৈতে অন্যায় কৰা দুমুখীয়া চৰিত্ৰৰ পৰমানন্দ ৰাজবংশীৰ পৰা সাৱধান’–ছিপাঝাৰৰ বিজেপি প্ৰাৰ্থীৰ বিৰুদ্ধে পত্নীৰ ভয়ংকৰ অভিযোগ

ফাই‍ল–গুগল

ফাই‍ল–গুগল

কুইন দাসে জনপ্ৰতিনিধি নিৰ্বাচনত সাৱধান হবলৈ আহ্বান কৰে ছিপাঝাৰবাসীক।

  • Share this:
বিতৰ্কই লগ এৰা নাই মাজত সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা ছিপাঝাৰৰ BJPৰ প্ৰাৰ্থী পৰমানন্দ ৰাজবংশীক। ৰাজবংশীৰ প্ৰথমা পত্নী কুইন দাসে সংবাদমেলত ৰাজবংশীৰ বিৰুদ্ধে আনে বহুকেইটা গুৰুতৰ অভিযোগ। কামাখ্যাস্থিত নিজ বাসগৃহত আয়োজন কৰা সংবাদমেলত কুইন দাসে BJP প্ৰাৰ্থীগৰাকীৰ বিৰুদ্ধে মিথ্যাচাৰৰ আশ্ৰয় লোৱাৰ অভিযোগ উত্থাপন কৰে।

পৰমানন্দ ৰাজবংশীয়ে পত্নীৰ সৈতে ১০-১২ বছৰৰ আগত সকলো গোচৰ নিষ্পত্তি হোৱা বুলি মিছা কথা কোৱাৰ অভিযোগ কৰে কুইন দাসে। কুইন দাসে জনায় দুয়োৰে মাজত এতিয়াও অব্যাহত আছে BIGAMY-ৰ গোচৰ।

কুইন দাসে জনপ্ৰতিনিধি নিৰ্বাচনত সাৱধান হবলৈ আহ্বান কৰে ছিপাঝাৰবাসীক। ৰাজবংশীক দুমুখীয়া চৰিত্ৰৰ ব্যক্তি বুলি বিস্ফোৰক অভিযোগ কুইন দাসৰ। পত্নী-কন্যাৰ প্ৰতি অন্যায়-অবিচাৰ কৰা এনে ব্যক্তিক সহজতে বিশ্বাসত নল'বলৈ আহ্বান কুইন দাসৰ।

শেহতীয়া বাতৰি