உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • সঁচাকৈ অসমলৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহিব নেকি ছানী লিয়নী?

    সঁচাকৈ অসমলৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহিব নেকি ছানী লিয়নী?

    ৰূপজ্যোতি কুৰ্মীৰ মন্তব্য যে বিজেপি চৰকাৰৰ মৰিয়নী সমষ্টিৰ প্ৰতি কোনো সদিচ্ছা নাই।

    ৰূপজ্যোতি কুৰ্মীৰ মন্তব্য যে বিজেপি চৰকাৰৰ মৰিয়নী সমষ্টিৰ প্ৰতি কোনো সদিচ্ছা নাই।

    ৰূপজ্যোতি কুৰ্মীৰ মন্তব্য যে বিজেপি চৰকাৰৰ মৰিয়নী সমষ্টিৰ প্ৰতি কোনো সদিচ্ছা নাই।

    • Share this:
    মোহময়ী অভিনেত্ৰী ছানী লিয়নীয়ে অসমলৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহিব নেকি? স্মৃতি ইৰাণীয়ে অসমলৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ অহাৰ পিছৰে পৰা চৰ্চালৈ আহিছে এই কথা। চুঙা চাই সোপা দিয়া কাৰ্যত ওস্তাদ মৰিয়নীৰ বিধায়ক তথা কংগ্ৰেছ প্ৰাৰ্থী ৰূপজ্যোতি কুৰ্মীয়ে শেহতীয়াকৈ ৰাজ্যৰ ৰাজনীতিলৈ আনিছে ছানী লিয়নীৰ প্ৰসংগ। বিধায়কগৰাকীৰ মতে আন অভিনেত্ৰীসকলৰ কথা বাদ দি মৰিয়নীলৈ ছানী লিয়নী আহিলেও তেওঁৰ ভেটিত কোনো ক্ষতি কৰিব নোৱাৰে।

    ৰূপজ্যোতি কুৰ্মীয়ে নিৰ্বাচনী প্ৰচাৰৰ মাজলৈ ছানী লিয়নীৰ প্ৰসংগ অনাৰ পিছৰে পৰা এই প্ৰসংগই বিশেষ জনপ্ৰিয়তা অৰ্জন কৰিছে সমষ্টিটোত। ছচিয়েল মিডিয়াতো বিশেষ চৰ্চা চলিছে ৰূপজ্যোতি কুৰ্মীৰ চানী লিয়নী প্ৰসংগক লৈ।

    শনিবাৰে মৰিয়নীৰ মাইবেলিয়াত অনুষ্ঠিত কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীৰ নিৰ্বাচনী প্ৰচাৰ সভাত আশানুৰূপভাৱে মানুহ নোহোৱাৰ অন্তৰালত তেওঁৰ আৰু একাংশ বিজেপি নেতা-কৰ্মীৰ ভূমিকা আছে বুলি জানিবলৈ দিয়ে ৰূপজ্যোতি কুৰ্মীয়ে ।

    "মই নাম উল্লেখ কৰিব বিচৰা নাই। কিন্তু বিজেপিৰ একাংশ নেতা-কৰ্মীয়ে মোক বহুত সহায় কৰিছে। স্মৃতি ইৰাণীৰ সভাত যাতে বহুত মানুহ নহয় তাৰ পৰিকল্পনা আমি কৰিছিলো। আৰু সফলো হ’লো।", ৰূপজ্যোতি কুৰ্মীয়ে এনেদৰে কয়।

    স্মৃতি ইৰাণী আৰু কামাখ্যা প্ৰসাদ তাছাই মৰিয়নীত প্ৰচাৰ চলোৱা বক্তব্যৰ আঁত ধৰিয়েই ৰূপজ্যোতি কুৰ্মীয়ে ৰাইজৰ মাজত নিজৰ প্ৰচাৰ চলোৱা আৰম্ভ কৰিছে। স্মৃতি ইৰাণী আৰু সাংসদ কামাখ্যা প্ৰসাদ তাছাই কৈছিল যে মৰিয়নীৰ বৰ্তমানৰ বিধায়কগৰাকীৰ কাৰ্যকালত সমষ্টিটোত উন্নয়নমূলক কাম স্তব্ধ হৈ পৰিছে। সমষ্টিটোত বিশেষ কোনো কাম হোৱা নাই। কিন্তু ইয়াৰ পিছতে ৰূপজ্যোতি কুৰ্মীৰ মন্তব্য যে বিজেপি চৰকাৰৰ মৰিয়নী সমষ্টিৰ প্ৰতি কোনো সদিচ্ছা নাই। কেন্দ্ৰ আৰু ৰাজ্য উভয়তে বিজেপি চৰকাৰ আছে যদিও চৰকাৰে ধন দিব পৰা নাই বাবে বহু কাম কৰিব পৰা নাই বুলি ৰূপজ্যোতি কুৰ্মীয়ে ৰাইজৰ ওচৰত বক্তব্য ৰাখিছে।

    "বিধায়ক হিচাবে মোৰ নিজ সামৰ্থৰে ৰাইজক যি সহায় কৰিব লাগে মই কৰিছো। সেয়া ৰাইজে দেখিছে। কিন্তু উন্ননয়মূলক কামৰ বাবে বিজেপি চৰকাৰে টকা দিব নোৱাৰিলে মই কি কৰিম!", ৰূপজ্যোতি কুৰ্মীৰ প্ৰশ্ন।

    দৰাচলতে ৰূপজ্যোতি কুৰ্মীয়ে জানে ক'ত কেনেদৰে প্ৰচাৰ চলাব লাগে। সেয়েহে ৰূপজ্যোতি কুৰ্মীৰ ৰাইজলৈ আহ্বান, "মই চতুৰ্থ বাৰলৈ মৰিয়নীৰ বিধায়ক হোৱাটো খাটাং। মোৰ লগত এতিয়া যিসকল লোক থাকিব মই বিধায়ক হোৱাৰ পিছত সেইসকল লোকক সহায় কৰিম। কাৰোবাৰ চাকৰি, বিভিন্ন চৰকাৰী আঁচনি, ঠিকাৰ কাম, আৰক্ষী থানা আদি বিভিন্ন কামত বিধায়কজনৰ সহায়ৰ প্ৰয়োজন হয়। গতিকে এতিয়া মোক সহায় কৰিলে পুনৰ বিধায়ক হোৱাৰ পিছত মই তেওঁলোককো সহায় কৰিম।"

    আনহাতে, ৰূপজ্যোতি কুৰ্মীয়ে এইবাৰ সমষ্টিত নিজকে বিধায়ক ৰূপে প্ৰক্ষেপ কৰি প্ৰচাৰ চলোৱা নাই। ৰূপজ্যোতিয়ে চতুৰ্থ বাৰলৈ জয়ী হ’লে আগন্তুক চৰকাৰত মৰিয়নীবাসীয়ে এজন কেবিনেট মন্ত্ৰী লাভ কৰিব বুলি প্ৰচাৰ চলাইছে।
    Published by:Sanjay Kumar Das
    First published: