অৱশেষত ভংগ হ’ল বিজেপি-বিপিএফৰ মিত্ৰতা, আনুষ্ঠানিক ঘোষণা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

News18 Assam | News18-Assam
Updated:November 19, 2020, 9:51 PM IST
অৱশেষত ভংগ হ’ল বিজেপি-বিপিএফৰ মিত্ৰতা, আনুষ্ঠানিক ঘোষণা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ
ইফালে বিজেপি বিপিএফৰ মিত্ৰতাৰ সন্দৰ্ভত দিল্লীতো কোনো ধৰণৰ আলোচনা নহয় বুলি স্পষ্টকৈ জনাই দিয়ে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

ইফালে বিজেপি বিপিএফৰ মিত্ৰতাৰ সন্দৰ্ভত দিল্লীতো কোনো ধৰণৰ আলোচনা নহয় বুলি স্পষ্টকৈ জনাই দিয়ে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

  • Share this:
বিটিচি নিৰ্বাচনী প্ৰচাৰ সভাত এতিয়া হিমন্ত বিশ্ব শৰ্মাই প্ৰায়েই আক্ৰমণৰ লক্ষ্য কৰি লৈছে বিপিএফ দলৰ লগতে হাগ্ৰামা মহিলাৰীক। আৰু তেতিয়াৰ পৰাই অনুমান কৰা হৈছিল যে, আহিবলগীয়া সময়ত হয়টো নাথাকিব বিজেপি আৰু বিপিএফৰ মিত্ৰতা। আৰু অৱশেষত সেয়াই সঁচা প্ৰমাণিত হ’ল। বৃহস্পতিবাৰে সংবাদমেল সম্বোধন কৰি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিজেপি-বিপিএফৰ মিত্ৰতা ভংগৰ আনুষ্ঠানিক ঘোষণা কৰে।

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, ‘২০১৬ৰ বিধানসভা নিৰ্বাচনৰ পৰা পাঁচ বছৰৰ বাবে বিপিএফৰ সৈতে মিত্ৰতা আছিল বিজেপি দলৰ। এই পাঁচ বছৰ সম্পূৰ্ণ হোৱাৰ পিছত আকৌ কোনো ধৰণৰ নতুনকৈ মিত্ৰতা নহয় বিপিএফৰ সৈতে।’ ২০২১ চনৰ বিধানসভা নিৰ্বাচনত বিটিএডি অঞ্চলৰ বিধানসভা সমষ্টিত বিজেপিয়ে অকলে প্ৰতিদ্বন্দিতা কৰিব বুলিও জনাই মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।’

ইফালে বিজেপি বিপিএফৰ মিত্ৰতাৰ সন্দৰ্ভত দিল্লীতো কোনো ধৰণৰ আলোচনা নহয় বুলি স্পষ্টকৈ জনাই দিয়ে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
Published by: Himangshu Bhuyan
First published: November 19, 2020, 9:50 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading