মুখ্যপৃষ্ঠা »খবৰ »অসম »বিজেপিৰ প্ৰতীক চিহ্নত নিৰ্বাচন ! বীগ ব্ৰাডাৰৰ চৰ্ত মানিবলৈ ৰাজি নেকি বিপিএফ ?

বিজেপিৰ প্ৰতীক চিহ্নত নিৰ্বাচন ! বীগ ব্ৰাডাৰৰ চৰ্ত মানিবলৈ ৰাজি নেকি বিপিএফ ?

NDAত চামিল হোৱাই মূল লক্ষ্য নেকি হাগ্ৰামা বাহিনীৰ ? বিপিএফ-UPPLৰ সন্মুখত বিজেপিৰ চৰ্ত ৷ কোকৰাঝাৰত প্ৰাৰ্থী দিব পাৰিব কিন্তু প্ৰতীক চিহ্ন হ'ব বিজেপিৰহে ৷ এই চৰ্তক লৈ বৰ বেছি আপত্তি দৰ্শোৱাৰ লক্ষণ দেখুওৱা নাই হাগ্ৰামা বাহিনীয়ে ৷ হাগ্ৰামা মহিলাৰীৰ বিপিএফক এতিয়া যিকোনো প্ৰকাৰে লাগে ক্ষমতাৰ সোৱাদ ৷

  • Share this:
বিপিএফ-UPPLৰ সন্মুখত বিজেপিৰ চৰ্ত ৷ কোকৰাঝাৰত প্ৰাৰ্থী দিব পাৰিব কিন্তু প্ৰতীক চিহ্ন হ'ব বিজেপিৰহে ৷ এই চৰ্তক লৈ বৰ বেছি আপত্তি দৰ্শোৱাৰ লক্ষণ দেখুওৱা নাই হাগ্ৰামা বাহিনীয়ে ৷ হাগ্ৰামা মহিলাৰীৰ বিপিএফক এতিয়া যিকোনো প্ৰকাৰে লাগে ক্ষমতাৰ সোৱাদ ৷

দীৰ্ঘদিন অসমৰ ৰাজনীতিৰ অন্যতম ফেক্টৰ হোৱা বিপিএফৰ এতিয়া অৱস্থা পুতৌজনক ৷ চকুৰ সন্মুখতে দলটোৰ প্ৰতাপ দিছপুৰ, বিটিআৰ সকলোতে নোহোৱা হ'ল ৷ কংগ্ৰেছৰ সৈতে মহাজোঁট কৰি ২০২১ত চৰম ব্যৰ্থ হোৱা দলটো এতিয়া চামিল হ'ব বিচাৰিছে NDAত ৷ বিজেপি নেতৃত্বাধীন NATIONAL DEMOCRATIC ALLIANCEত চামিল হ'বলৈ প্ৰয়োজনত নিজৰ প্ৰতীক বাদ দি নিৰ্বাচনত নামিবলৈও ভ্ৰুক্ষেপ কৰা নাই হাগ্ৰামা মহিলাৰীৰ বিপিএফে ৷ বিজেপিয়ে যদি চৰ্ত দিয়ে পদুম ফুলৰ চিনতে নিৰ্বাচন খেলাৰ সেয়াও হেলাৰঙে মানি ল'ব দলটোৱে ৷ এই কথাৰ উমান পোৱা গ'ল কলাইগাঁৱৰ বিধায়ক দুৰ্গা দাস বড়োৰ মন্তব্যত ৷ বুধবাৰে কলাইগাঁৱৰ বিধায়ক গৰাকীক এই প্ৰশ্নটো কৰোঁতে বিধায়ক গৰাকীৰ উত্তৰ আছিল এনেকুৱা, "লোকসভা নিৰ্বাচনত কোনো দলৰ সৈতে মিত্ৰতা নহ'লে দুটা সমষ্টিত আমি প্ৰাৰ্থী দিম ৷ মঙলদৈ আৰু কোকৰাঝাৰ সমষ্টিত আমি প্ৰাৰ্থী দিব পাৰোঁ ৷ NDAৰ অংশীদাৰ হ'লে কথাটো অলপ সুকীয়া হ'ব ৷ এনে হ'লে  NDAৰ যি সিদ্ধান্ত হ'ব সেইমতেই নিৰ্বাচনত অৱতীৰ্ণ হ'ব আমাৰ দলটো ৷ বৰ্তমানেও হোৱা নাই আনুষ্ঠানিক সিদ্ধান্ত ৷ বিজেপিয়ে যদি BTCত সংগঠন শক্তিশালী কৰি তেওঁলোকৰ চিহ্নত কাৰোবাক নিৰ্বাচন খেলাব পাৰে, তেন্তে বিজেপি সফল হ'ব ৷ ইয়াত অৱশ্যেই আমাৰ ক'ব লগীয়া থাকিব ৷"

কথাখিনিৰ পৰা অনুমান কৰিব পাৰি যে, NDAত চামিল হ'ব বিচাৰিছে বিপিএফ ৷ অৰ্থাৎ ক্ষমতাৰ সোৱাদ লাগে এতিয়া বিপিএফক ৷ উল্লেখযোগ্য যে, বিপিএফে ২০১৯ৰ লোকসভা নিৰ্বাচনত কোকৰাঝাৰত প্ৰাৰ্থী দিছিল প্ৰমীলাৰাণী ব্ৰহ্মক ৷ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী আছিল ব্ৰহ্ম ৷ কিন্তু ২০২১ৰ বিধানসভা নিৰ্বাচন আৰু বড়োলেণ্ড পৰিষদীয় নিৰ্বাচনত বিজেপিৰ সৈতে মিত্ৰতা নোহোৱাৰ ফলত দিছপুৰ আৰু বিটিআৰৰ শাসনৰ পৰা আঁতৰি থাকিব লগীয়া হৈছে  বিপিএফ ৷ সেয়ে এই সময়চোৱাত বীগ ব্ৰাডাৰ বিজেপিয়ে যি কয় তাকেই শুনিবলৈ মান্তি হোৱাৰ বাদে গত্যন্তৰ নাই বিপিএফৰ ৷ হয়তো বিজেপিয়ে বিচৰা ধৰণে বা চৰ্ত আৰোপ কৰাৰ ধৰণে বিজেপিৰ চিহ্নতে নিৰ্বাচনো খেলিব পাৰে দলটোৱে ৷ হয়তো এই ত্যাগৰ বাবে বিপিএফে পাব পাৰে মন্ত্ৰিত্ব, কিম্বা ভৱিষ্যতে বিটিআৰত ৰাজত্বৰ সোৱাদো ৷

শেহতীয়া বাতৰি