ডিভৰ্চ এতিয়াই নহয়! বিপিএফৰে মিত্ৰতা ভংগৰ কাৰণে বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বৰ এটা বিশেষ চৰ্ত!

News18 Assam | News18-Assam
Updated:November 20, 2020, 11:41 PM IST
ডিভৰ্চ এতিয়াই নহয়! বিপিএফৰে মিত্ৰতা ভংগৰ কাৰণে বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বৰ এটা বিশেষ চৰ্ত!
অসম বিজেপি আৰু বিপিএফৰ মাজৰ বাকযুদ্ধ তুংগত উঠাৰ পাছতো কিন্তু কেন্দ্ৰীয় নেতৃত্বই তাৎক্ষণিক ভাৱে ভংগ নকৰিলে মিত্ৰতা

অসম বিজেপি আৰু বিপিএফৰ মাজৰ বাকযুদ্ধ তুংগত উঠাৰ পাছতো কিন্তু কেন্দ্ৰীয় নেতৃত্বই তাৎক্ষণিক ভাৱে ভংগ নকৰিলে মিত্ৰতা

  • News18 Assam
  • Last Updated: November 20, 2020, 11:41 PM IST
  • Share this:
অসম বিজেপি আৰু বিপিএফৰ মাজৰ বাকযুদ্ধ তুংগত উঠাৰ পাছতো কিন্তু কেন্দ্ৰীয় নেতৃত্বই তাৎক্ষণিক ভাৱে ভংগ নকৰিলে মিত্ৰতা। অৱশেষত কোকৰাঝাৰৰ সাংসদ নৱ শৰনীয়াৰ, ‘এইয়া স্বামী-স্ত্ৰীৰ ঘৰুৱা কন্দল; যি বিবাহ বিচ্ছেদৰ স্তৰ নাপায় বুলি কৰা মন্তব্যই সঁচা প্ৰমাণিত হ’ল।

দিল্লীত শুকুৰবাৰে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জেপি নাড্ডাৰ বাসগৃহত ৰাষ্ট্ৰীয় সভাপতি গৰাকীক আৰু গৃহমন্ত্ৰী অমিত শ্বাহক অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপস্থিতিত ৰাজ্যিক সভাপতি ৰঞ্জিত দাস আৰু NEDAৰ আহ্বায়ক হিমন্ত বিশ্ব শৰ্মাই বিপিএফৰ গণভিত্তি নাই বুলি যুক্তি দৰ্শাই মিত্ৰতা ভংগৰ প্রস্তাৱ প্ৰদান কৰিলে। ইতিমধ্যে শৰ্মাই বিপিএফৰে ২০২১ চনৰ বিধান সভা নিৰ্বাচনত নিৰ্বাচনী মিত্ৰতা নাথাকে বুলি গুৱাহাটীত আনুষ্ঠানিক ঘোষণা কৰি মুখ্যমন্ত্ৰীৰ লগত চাৰ্টাৰ্ড বিমানৰে বৃহস্পতিবাৰে দিল্লীলৈ উৰা মাৰিছিল। লগত আহিল ৰাজ্যিক সভাপতিগৰাকী, সাধাৰণ সম্পাদক দিলীপ শইকীয়া ইত্যাদি।

কিন্তু কেন্দ্ৰীয় নেতৃত্বই শুকুৰবাৰে তিনি ঘণ্টাৰ মাৰাথন বৈঠকৰ পাছতো তাৎক্ষণিক ভাৱে মিত্ৰতা ভংগ কৰিবলৈ অনুমোদন প্ৰদান নকৰিলে। উল্লেখযোগ্য যে, শুকুৰবাৰৰ বৈঠকত অসম বিজেপিৰ নৱনিযুক্ত প্ৰভাৰী বৈজয়ন্ত পাণ্ডাও উপস্থিত আহিল ।

বৈঠকৰ অন্তত ৰঞ্জিত দাসে ক’লে, ‘ৰাজ্যিক বিজেপিয়ে নিজৰ কথা অৱগত কৰিলে আৰু এতিয়া কেন্দ্ৰীয় নেতৃত্বই সিদ্ধান্ত ল’ব মিত্ৰতা থাকে নে নাথাকে।’ তেওঁ লগতে কয়, ‘BTR নিৰ্বাচনত বিজেপিৰ বিপুল জয় আৰু বিপিএফৰ পৰাজয়ৰ পিছত কেন্দ্ৰীয় নেতৃত্বই নিজে উপলব্ধি কৰিব অসম বিজেপি কিমান শক্তিশালী আৰু বিপিএফ কিমান ভিত্তিহীন। তেওঁ লগতে কয়, ‘সমষ্টি সাপেক্ষে তেওঁ অগপৰ লগতো মিত্ৰতা ভংগ কৰাৰ প্ৰস্তাৱো আগবঢ়াইছে কেন্দ্ৰীয় নেতৃত্বক।’

আনহাতে হিমন্ত বিশ্ব শৰ্মাই বৈঠকত বিপিএফৰে মিত্ৰতা ভংগৰ সন্দৰ্ভত আলোচনা কৰাৰ কথাই অস্বীকাৰ কৰে। তেওঁ কয় – বিশ্বজিত দৈমাৰীয়ে বিজেপিত যোগদান কৰাৰ সন্দৰ্ভতহে অনুমোদন ল’বলৈ কেন্দ্ৰীয় নেতৃত্বক সাক্ষাৎ কৰিছিল তেওঁলোকে । অৱশ্যে তেওঁ BTR নিৰ্বাচন মিত্ৰতা ৰখা বা ভংগ কৰাৰ যে অগ্নি পৰীক্ষা সেই কথা স্বীকাৰ কৰে।

আনহাতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বিজেপি-বিপিএফ মিত্ৰতাৰ বিষয়টো সম্পূৰ্ণৰূপে এৰাই চলে । তেওঁ কয় – তেওঁ কেন্দ্ৰীয় নেতৃত্বক চৰকাৰৰ কামৰ খতিয়ান দিবলৈহে আহিছিল ।
Published by: Himangshu Bhuyan
First published: November 20, 2020, 11:41 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading