• Home
  • »
  • News
  • »
  • assam
  • »
  • ৰংজুলিত খুকুৰিৰে ঘপিয়াই হত্যা বিজেপিৰ বুথ কমিটীৰ সভাপতিক, হত্যাকাৰীক গ্ৰেপ্তাৰ

ৰংজুলিত খুকুৰিৰে ঘপিয়াই হত্যা বিজেপিৰ বুথ কমিটীৰ সভাপতিক, হত্যাকাৰীক গ্ৰেপ্তাৰ

অলী কছাৰী নামৰ এজন যুৱকে চোকা অস্ত্ৰৰে আক্ৰমণ কৰি হত্যা কৰিলে বিজেপিৰ বুথ কমিটীৰ সভাপতি তথা বাদ্যযন্ত্ৰ শিল্পী মনোজ মাছাৰীক।

অলী কছাৰী নামৰ এজন যুৱকে চোকা অস্ত্ৰৰে আক্ৰমণ কৰি হত্যা কৰিলে বিজেপিৰ বুথ কমিটীৰ সভাপতি তথা বাদ্যযন্ত্ৰ শিল্পী মনোজ মাছাৰীক।

অলী কছাৰী নামৰ এজন যুৱকে চোকা অস্ত্ৰৰে আক্ৰমণ কৰি হত্যা কৰিলে বিজেপিৰ বুথ কমিটীৰ সভাপতি তথা বাদ্যযন্ত্ৰ শিল্পী মনোজ মাছাৰীক।

  • Share this:
গোৱালপাৰা জিলাৰ ৰংজুলিত নৃশংস হত্যাকাণ্ড। খুকুৰিৰে হানি-খুচি হত্যা মনোজ মাছাৰী নামৰ এজন লোকক। হত্যাকাৰী সম্প্ৰতি আৰক্ষীৰ জালত। ৰংজুলিৰ ৰৌমাৰীত নিশা অলী কছাৰী নামৰ এজন যুৱকে চোকা অস্ত্ৰৰে আক্ৰমণ কৰি হত্যা কৰিলে বিজেপিৰ বুথ কমিটীৰ সভাপতি তথা বাদ্যযন্ত্ৰ শিল্পী মনোজ মাছাৰীক।

নিশা মনোজ মাছাৰীৰ ঘৰৰ বাহিৰত অলী কছাৰীয়ে খাপ পিতি ৰৈ আছিল, মনোজে বাহিৰলৈ ওলোৱাত প্ৰথমে ডিঙিত চেপি ধৰে, মনোজে চিঞৰ–বাখৰ কৰাত ঘৰৰ মানুহে বাহিৰলৈ ওলাই অহাত অলী কছাৰী নামৰ যুৱকজনে মনোজক এৰি দিয়ে যদিও লগে লগে পুনৰ খুকুৰি উলিয়াই মনোজক উপৰ্যুপৰি আক্ৰমণ কৰে। অলীৰ খুকুৰিৰ ঘাপে মূৰ আৰু মুখমণ্ডলত বেয়াকৈ আঘাত কৰে মনোজক।

আক্ৰমণ কৰিয়ে অলীয়ে সেই স্থানৰ পৰা পলায়ন কৰে৷ গুৰুতৰভাৱে আহত মনোজ মাছাৰীক পৰিয়ালৰ লোকে ততাতৈয়াকৈ চিকিৎসালয়লৈ নিয়ে যদিও আদবাটতে মনোজ মাছাৰীয়ে কৰুণ মৃত্যুক আকোঁৱালি লয়৷ ইফালে এই বিষয়ে আৰক্ষীক খবৰ দিয়াত আৰক্ষীয়ে হত্যাকাৰীৰ সন্ধানত তীব্ৰ অভিযান আৰম্ভ কৰে আৰু অৱশেষত দৰংগিৰিৰ কাচাদলৰ পৰা হত্যাকাৰী অলী কছাৰীক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয়৷

এই হত্যাকাণ্ডৰ পিছতে সমগ্ৰ ৰংজুলিতে চাঞ্চল্যৰ সৃষ্টি হৈছে যদিও হত্যাকাণ্ডৰ প্ৰকৃত কাৰণ কোনেও ভালদৰে ক’ব পৰা নাই৷ এইক্ষেত্ৰত আৰক্ষীয়েও সংবাদমাধ্যমক একো জনোৱা নাই ৷ কিন্তু এক সূত্ৰৰ মতে, মনোজ মাছাৰী অলী কছাৰীৰ সম্পৰ্কীয় আছিল৷ দীৰ্ঘদিনৰ পৰাই দুয়োৰে মাজত ভূমি সংক্ৰান্তীয় সংঘাত চলি আছিল৷

সন্দেহ কৰা হৈছে ভূমি সংক্ৰান্তীয় কাৰণতে এই হত্যাকাণ্ড সংঘটিত হৈছে৷ কিন্তু আৰক্ষীৰ তদন্তৰ শেষতহে হত্যাকাণ্ডৰ প্ৰকৃত কাৰণ পোহৰলৈ আহিব৷ ইফালে হত্যাকাৰী অলী কছাৰীক ৰংজুলি আৰক্ষী থানাত মাৰাথন জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে৷
Published by:Sanjay Kumar Das
First published: