মুখ্যপৃষ্ঠা » খবৰ

» অসম

»মৰিয়নিত বিজেপিৰ যোগদান সমাৰোহ, ক'ভিড প্ৰট'কল ভংগৰ অভিযোগ। তীব্ৰ প্ৰতিক্ৰিয়া! 

মৰিয়নিত বিজেপিৰ যোগদান সমাৰোহ, ক'ভিড প্ৰট'কল ভংগৰ অভিযোগ। তীব্ৰ প্ৰতিক্ৰিয়া! 

News18 Assam | News18-Assam
Updated:July 4, 2021, 6:42 PM IST
মৰিয়নিত বিজেপিৰ যোগদান সমাৰোহ, ক'ভিড প্ৰট'কল ভংগৰ অভিযোগ। তীব্ৰ প্ৰতিক্ৰিয়া! 
মৰিয়নিত কংগ্ৰেছৰ দখলত থকা দুখন জিলা পৰিষদ আৰু পাঁচখন পঞ্চায়তৰ প্ৰতিনিধি সকলে আনুষ্ঠানিক ভাৱে বিজেপিত যোগদান কৰে।

মৰিয়নিত কংগ্ৰেছৰ দখলত থকা দুখন জিলা পৰিষদ আৰু পাঁচখন পঞ্চায়তৰ প্ৰতিনিধি সকলে আনুষ্ঠানিক ভাৱে বিজেপিত যোগদান কৰে।

  • Share this:
যোৰহাট জিলাত ক'ভিডৰ সংক্ৰমণ ক্ৰমাৎ বৃদ্ধি পোৱাৰ বাবে জিলাখনত সকলোধৰণৰ ৰাজহুৱা সভা সমিতিত কঠোৰভাবে নিষেধাজ্ঞা আৰোপ কৰা হৈছে।জিলা খনত ক'ভিডৰ সংক্ৰমণ ৰোধ নোহোৱাত লকডাউন ঘোষণা কৰাৰ চিন্তা চৰ্চা কৰিছে জিলা প্ৰশাসনে। এনে এক জটিল সময়ত খোদ শাসকীয় চৰকাৰৰ মন্ত্ৰী-বিধায়কে মৰিয়নিত অনুষ্ঠিত কৰিলে বিজেপিৰ যোগদান সমাৰোহ।

এই যোগদান সমাৰোহত মৰিয়নিত কংগ্ৰেছৰ দখলত থকা দুখন জিলা পৰিষদ আৰু পাঁচখন পঞ্চায়তৰ প্ৰতিনিধি সকলে আনুষ্ঠানিক ভাৱে বিজেপিত যোগদান কৰে। ইয়াৰ উপৰি মৰিয়নিৰ বহুকেইগৰাকী যুৱ কংগ্ৰেছীয়েও আজি গেৰুৱা বসন পিন্ধে।

কিন্তু এই যোগদান সমাৰোহ আয়োজন কৰি সমালোচনাৰো সন্মুখীন হৈছে বিজেপি।  বিজেপিয়ে ক'ভিড বিধি উলংঘা কৰাৰ অভিযোগ কৰিছে বিভিন্নজনে। ছচিয়েল মিডিয়াতো ব্যাপক সমালোচনা কৰা দেখা গৈছে শাসকীয় বিজেপি দলক।

উল্লেখ্য যে কেবিনেট মন্ত্ৰী পীয়ুষ হাজৰিকা, শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণ, যোৰহাটৰ সাংসদ তপন কুমাৰ গগৈ, তেজপুৰৰ সাংসদ পল্লৱলোচন দাস, সৰুপথাৰৰ বিধায়ক বিশ্বজিৎ ফুকন, সোণাৰিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ, বিজেপিৰ অসম প্ৰদেশৰ মুখপত্ৰ সুৰঞ্জন দত্ত, বিজেপি যোৰহাট জিলা সভাপতি কামাখ্যা মোহন দাসকে প্ৰমুখ্য কৰি জিলা আৰু মৰিয়নি সমষ্টিৰ  দুয়োটা ব্লকৰ নেতা আৰু কৰ্মী আজি যোগদান সমাৰোহত উবুৰি খাই পৰে।

উল্লেখ্য যে আজিৰ এই বিজেপি দলে আয়োজন কৰা যোগদান সমাৰোহৰ বাবে জিলা প্ৰশাসনে লিখিত ভাৱে কোনো ধৰণৰ অনুমতি প্ৰদান কৰা নাছিল বুলিও জানিব পৰা গৈছে।
Published by: Manjumoni Borah
First published: July 4, 2021, 6:42 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি