• Home
  • »
  • News
  • »
  • assam
  • »
  • Majuli By Election : ১ অক্টোবৰত চুড়ান্ত হ'ব BJPৰ মাজুলীৰ টিকট ! চৰ্চাৰ শীৰ্ষত কেইবাখনো নতুন মুখ, কোন হ'ব সোণোৱালৰ উত্তৰসুৰী?

Majuli By Election : ১ অক্টোবৰত চুড়ান্ত হ'ব BJPৰ মাজুলীৰ টিকট ! চৰ্চাৰ শীৰ্ষত কেইবাখনো নতুন মুখ, কোন হ'ব সোণোৱালৰ উত্তৰসুৰী?

Majuli By Election : মাজুলীত BJPৰ প্ৰাৰ্থী হ'ব পাৰে ভূৱন গাম, হেমচন্দ্ৰ দলে নাইবা নৃপেন কামান ! BJPৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়াই কোৱা মতে ১ অক্টোবৰত ৱিজেপিৰ নিৰ্বাচন সমিতিৰ বৈঠকত ঠিক হ'ব কোন সমষ্টিত কোনে পাব টিকট ৷

  • Share this:
নিৰ্বাচনৰ দিন ঘোষণা নহ'লেও মাজুলী (Majuli)ৰ উপ নিৰ্বাচন (By Election)ক লৈ সকলোৰে মাজত গুণাগথা আৰম্ভ হৈ গৈছে। মাজুলীৰ পৰা ২০২১ত জয়ী হৈ অহাৰ পিছতো মুখ্যমন্ত্ৰীৰ আসন হেৰুৱাব লগা হোৱা সৰ্বানন্দ সোণোৱালে (Sarbananda Sonowal) মঙলবাৰে পদত্যাগ কৰিলে মাজুলীৰ বিধায়ক পদ ৷ ইয়াৰ পিছতে প্ৰশ্ন উত্থাপন হৈছে কোন হ'ব এতিয়া মাজুলীত সৰ্বানন্দ সোণোৱালৰ উত্তৰসুৰী ৷ নিমাতী ঘাটৰ নাও দুৰ্ঘটনাৰ পিছত সজোৰে উত্থাপন হৈছে যোৰহা়ট-মাজুলী সংযোগী দলঙৰ কথা। এই মুহূৰ্তত মাজুলী আছে শিৰোনামত। এনে সময়ত আটাইকেইটা দলৰ মাজতে আৰম্ভ হৈছে জল্পনা-কল্পনা।

১৯৭৮ চনৰ পৰা কংগ্ৰেছে (Congress) তিনিবাৰ আৰু বিজেপি (Bjp)য়ে দুবাৰ দখল কৰিছে সমষ্টিটো ৷ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ সমষ্টিৰূপে স্বাভাৱিকতে মাজুলী অসমৰ অন্যতম হেভীৱেইট সমষ্টি ৷ ২০১৬ৰ পৰা  সৰ্বানন্দ সোণোৱালে প্ৰতিনিধিত্ব কৰিছিল মাজুলী বিধান সভা সমষ্টিক ৷ চৰ্চা হৈছিল সাংসদ প্ৰদান বৰুৱাক বিজেপিয়ে  মাজুলীত টিকট দিব পাৰে। এনে কৰিলে লখিমপুৰ লোকসভা (Loksabha) সমষ্টিত আন এক উপ-নিৰ্বাচন খেলিব নেকি বিজেপিয়ে !

বৰ্তমানৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma)ই প্ৰথমাৱস্থাত লখিমপুৰৰ সাংসদ প্ৰদান বৰুৱা (Pradan Baruah)ক প্ৰক্ষেপৰ চিন্তা চৰ্চা কৰিছিল যদিও কেন্দ্ৰই বিচৰা নাই আন এক উপ নিৰ্বাচন ৷ প্ৰদান বৰুৱা আৰু সৰ্বানন্দ সোণোৱালৰ বাবে লখিমপুৰ লোকসভা সমষ্টি আৰু ধেমাজি বিধানসভা সমষ্টিয়ে বাৰম্বাৰ সন্মুখীন হৈছে উপ নিৰ্বাচনৰ ৷ যদিহে মাজুলীত প্ৰদান বৰুৱাক টিকট প্ৰদান কৰে লখিমপুৰত পুনৰ অনুষ্ঠিত কৰিব লাগিব লোকসভাৰ  উপ নিৰ্বাচন ৷ গতিকে মাজুলীত প্ৰদান বৰুৱাক টিকট দি ভুল হয়তো নকৰে বিজেপিয়ে ৷

প্ৰদান বৰুৱাক বাদ দি বিজেপিৰ মাজুলীৰ প্ৰাৰ্থী হ'ব পাৰে ভূৱন গাম, হেমচন্দ্ৰ দলে বা নৃপেন কামান ৷ বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়া (Dilip Saikia)ই মাজুলী প্ৰসংগত ক'লে, "হ'ব পাৰে একে তাৰিখে সকলো সমষ্টিতে উপ নিৰ্বাচন ৷ ১ অক্টোবৰত আমাৰ নিৰ্বাচন সমিতিৰ বৈঠক আছে ৷ সেই বৈঠকতে ঠিক হ'ব কোন সমষ্টিত কোনে পাব টিকট ৷"

এতিয়া কথা হ'ল কাৰ জোৰ চলিব মাজুলীত? কোনে পাব মাজুলীত বিজেপিৰ টিকট ৷ মাজুলীৰ টিকটৰ ক্ষেত্ৰত সৰ্বানন্দ সোণোৱালেই যে ল'ব মূল সিদ্ধান্ত সেয়া নিশ্চিত ৷
Published by:Manjumoni Borah
First published: