মুখ্যপৃষ্ঠা » খবৰ

» অসম

»Assam Bjp: বিজেপিয়ে ঘোষণা কৰিলে ৭টা মৰ্চাৰ পূৰ্ণাংগ সমিতি, স্থান লাভ বহু নতুন মুখৰ

Assam Bjp: বিজেপিয়ে ঘোষণা কৰিলে ৭টা মৰ্চাৰ পূৰ্ণাংগ সমিতি, স্থান লাভ বহু নতুন মুখৰ

News18 Assam | News18-Assam
Updated:September 7, 2021, 10:45 PM IST
Assam Bjp: বিজেপিয়ে ঘোষণা কৰিলে ৭টা মৰ্চাৰ পূৰ্ণাংগ সমিতি, স্থান লাভ বহু নতুন মুখৰ
কাক কাক দিলে মৰ্চাত স্থান, কোন বাদ পৰিল সমিতিৰ পৰা? 

কাক কাক দিলে মৰ্চাত স্থান, কোন বাদ পৰিল সমিতিৰ পৰা? 

  • News18 Assam
  • Last Updated: September 7, 2021, 10:45 PM IST
  • Share this:

ভাৰতীয় জনতা পার্টীৰ অসম ৰাজ্যিক নেতৃত্বই মঙলবাৰে দলৰ বিভিন্ন মৰ্চাৰ পূৰ্ণাংগ সমিতি ঘােষণা কৰিলে ৷ ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ অনুমােদন সাপেক্ষে ঘােষণা কৰা মৰ্চাৰ পূৰ্ণাংগ সমিতিসমূহ হ’ল– ৰাজ্যিক মহিলা মৰ্চা, ৰাজ্যিক কিষাণ মৰ্চা, ৰাজ্যিক অনুসূচিত জাতি মৰ্চা, ৰাজ্যিক সংখ্যালঘু মৰ্চা, ৰাজ্যিক অন্যান্য পিছপৰা শ্ৰেণী মৰ্চা, ৰাজ্যিক অনুসূচিত জনজাতি মৰ্চা আৰু ৰাজ্যিক যুৱ মৰ্চা।


ৰাজ্যিক বিজেপিৰ হেঙেৰাবাৰীস্থিত কার্যালয়ত অনুষ্ঠিত হােৱা সংবাদ মেলত পূর্ণাংগ সমিতিসমূহ ঘােষণা কৰে নেতৃত্বই৷  ৰাজ্যিক বিজেপিৰ সংবাদ কোষৰ আহ্বায়ক দেৱান ধ্ৰুৱজ্যোতি মৰলে আঁত ধৰা সংবাদ মেলত হিমাংশু শেখৰ বৈশ্য আৰু ৰক্তিম খাটনিয়াৰক যুৱ মৰ্চাৰ সাধাৰণ সম্পাদক, নিবাৰণ লহকৰ আৰু ইন্দ্রানী তহবিলদাৰক কিষাণ মৰ্চাৰ সাধাৰণ সম্পাদক, তিলোত্তমা হাছনু আৰু দিগন্ত পাদুনক অনুসূচিত জনজাতি মৰ্চাৰ সাধাৰণ সম্পাদক, হিমাশ্রী দেৱী আৰু পূৰবী ৰয়ক মহিলা মৰ্চাৰ সাধাৰণ সম্পাদিকা, সীমান্ত দাস আৰু অৰ্জুন মজুমদাৰক অনুসূচিত জাতি মৰ্চাৰ সাধাৰণ সম্পাদক, ছাহিদুল ইছলাম আৰু মােস্তাক উদ্দিন আহমেদক সংখ্যালঘু মৰ্চাৰ সাধাৰণ সম্পাদক, নিপন চেতিয়া আৰু সৌৰভ কুমাৰ নাথক অন্যান্য পিছপৰা শ্রেণী মৰ্চাৰ সাধাৰণ সম্পাদক পদত দায়িত্ব অর্পণ কৰাৰ কথা ঘােষণা কৰে।


সভাপতি ভৱেশ কলিতাই নৱ গঠিত মৰ্চাৰ নেতৃবর্গই সমাজৰ সকলাে স্তৰতে ভাৰতীয় জনতা পার্টীক সর্বব্যাপী আৰু সর্বস্পর্শী কৰি তুলিব বুলি আশা প্রকাশ কৰে। উল্লেখযােগ্য যে চাহ জনজাতি মৰ্চাৰ সভাপতি দিগন্ত ঘাটোৱাৰৰ পৰিয়ালৰ লােক ক’ভিডত আক্রান্ত হৈ চিকিৎসাধীন হৈ থকাৰ বাবে আজি মৰ্চাৰ পূৰ্ণাংগ ৰাজ্যিক সমিতি ঘােষণা কৰিব পৰা নগ’ল বুলি সংবাদ মেলত ঘােষণা কৰে দলীয় নেতৃত্বই ৷



এটা কথা ঠিক যে মঙলবাৰে ঘোষিত ৭টাকৈ মৰ্চাৰ পূৰ্ণাঙ্গ সমিতিত দেখা গ'ল বহু নতুন মুখ। পূৰ্বৰ সমিতিত থকা বহুতকে সদ্যঘোষিত মৰ্চাৰ পূৰ্ণাঙ্গ সমিতিৰ পৰা আঁতৰাই ৰখা হৈছে ৷ সংখ্যালঘু মৰ্চা, যুৱ মৰ্চাত এইবাৰ ঘটিছে ব্যাপক পৰিৱৰ্তন ৷ সকলোৰে দৃষ্টি নিবদ্ধ হৈ থকা বিজেপি যুৱ মৰ্চাৰ সভাপতি সিদ্ধাৰ্থ অংকুৰ বৰুৱাৰ টীমত স্থান লাভ কৰিছে বহুকেইখন নতুন মুখে ৷


অৱশ্যে যুৱ মৰ্চাৰ প্ৰাক্তন সাধাৰণ সম্পাদিকা হিমাশ্ৰী দেৱীয়ে মহিলা মৰ্চাতো সাধাৰণ সম্পাদিকাৰ দায়িত্ব লাভ কৰি সভানেত্ৰী আঙুৰলতা ডেকাৰ সৈতে কাম কৰাৰ সুযোগ লাভ কৰিছে ৷ মঙলবাৰে ঘোষিত মৰ্চাসমূহত পূৰ্বতে গুৰুত্বপূৰ্ণ পদবীত কাৰ্যনিৰ্বাহ কৰাসকল হয়তো এতিয়া নিগম নিকায়ত স্থান লাভৰ আশাত বন্দী ৷ আশা কৰা মতে নিগম নিকায়তো স্থান লাভ নকৰিলে একাংশই যে অসন্তুষ্টি প্ৰকাশ কৰিব সেয়া নিশ্চিত ৷

Published by: Gautam Barman
First published: September 7, 2021, 10:45 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি