পাঁচটা সমষ্টিৰ বিধানসভাৰ উপনিৰ্বাচনৰ সময়ৰ কথা ৷ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (Chief Minister Dr. Himanta Biswa Sharma)ই প্ৰায়বোৰ প্ৰচাৰ সভাতে কৈছিল শাসকীয় পক্ষক ঘাঁহ খুৱালে গাখীৰ বেছি দিব ৷ বিৰোধীক ঘাঁহ খুৱালে গাখীৰ কম পাব ৷ আৰু সেই সময়তে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই ভৱেশ কলিতা আৰু প্ৰমোদ বড়োলৈ অনলাইনযোগে পঠাইছিল উন্নতমানৰ ঘাঁহৰ বীজ ৷
সময় তেতিয়া উপ নিৰ্বাচনৰ ব্যাপক প্ৰচাৰৰ ৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উপ-নিৰ্বাচনৰ প্ৰচাৰৰ সময়ত কৈছিল- প্ৰমোদ বড়ো আৰু বিজেপিক ভালকৈ দানা খুৱালে ২৬ লিটাৰকৈ গাখীৰ দিব। মুখ্যমন্ত্ৰীৰ এই আহ্বানৰ প্ৰতি সঁহাৰি জনাই জ্যেষ্ঠ কংগ্ৰেছ নেতা তথা বিৰোধী দলপতি দেৱব্ৰত শইকীয়া (opposition leader Debabrata Saikia)ই উপ-নিৰ্বাচনৰ ভোটৰ প্ৰাকমুহূৰ্তত প্ৰমোদ বড়ো আৰু ভৱেশ কলিতালৈ অনলাইনত ৪ কিলোগ্ৰামকৈ ঘাঁহৰ বীজ প্ৰেৰণ কৰিছিল (Debabrata Saikia sent quality grass seeds)।
দুয়োজন নেতালৈ শইকীয়াই ব্যক্তিগতভাৱে পত্ৰও প্ৰেৰণ কৰিছিল ৷ আনকি শুভাকাংক্ষীসকলকো দুয়োজন নেতালৈ দানা প্ৰেৰণ কৰিবলৈ আহ্বান জনাইছিল বিৰোধী দলপতিগৰাকীয়ে ৷ ঘাঁহৰ বীজ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই বড়োলৈ তেওঁৰ গাঁৱৰ ঠিকনাত আৰু কলিতালৈ তেওঁৰ বিধায়ক আৱাসৰ ঠিকনাত প্ৰেৰণ কৰিছিল।
৫ নৱেম্বৰত প্ৰমোদ বড়ো (Pramod Boro)ৰ ঠিকনাত ডেলিভাৰ হ'ল ঘাঁহৰ বীজ আৰু ৬ নৱেম্বৰত ডেলিভাৰ হ'ল ভৱেশ কলিতাৰ ঠিকনাত ৷ দেৱব্ৰত শইকীয়াই তেতিয়াই দুয়োলৈকে লিখা পত্ৰত এইদৰে উল্লেখ কৰিছিল, "ইয়াৰ সদব্যৱহাৰ কৰি আপোনালোকৰ সদস্যসকলে দৈনিক ২৬ লিটাৰকৈ গাখীৰ দিব পাৰে আৰু প্ৰতিঘৰ পৰিয়ালে গাখীৰ খোৱাৰ উপৰি ৰাহি হোৱা গাখীৰ চৰকাৰে দিয়া চাউলৰ লগত ব্যৱহাৰ কৰি পায়স তৈয়াৰ কৰিব পাৰে।"
অসমৰ ৰাজনীতি এতিয়া কোন পৰ্যায়লৈ গৈছে এবাৰ আপুনিয়েই ভাবক ৷ কোনো কম নহয় সেয়া শাসকেই হওক বা বিৰোধী ৷
Assam News Today | News in Assamese | Latest News in Assamese
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|