মুখ্যমন্ত্ৰীয়ে অসাংবিধানভাৱে মাটি এৰি দিছে মেঘালয়কঃ দেৱব্ৰত শইকীয়া
মুখ্যমন্ত্ৰীয়ে অসাংবিধানভাৱে মাটি এৰি দিছে মেঘালয়কঃ দেৱব্ৰত শইকীয়া
চুবুৰীয়া মেঘালয়ক আলোচনাৰ ভিত্তিত কিছু মাটি এৰি দিবলৈ আগবঢ়াক লৈ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু বিৰোধী কংগ্ৰেছৰ মাজত তুংগত উঠিছে বাকযুদ্ধ ৷ মুখ্যমন্ত্ৰী ড° শৰ্মাই (CM Himanta Biswa Sarma) কংগ্ৰেছে ৰাজধানী শ্বিলঙেই এৰি দি দিছপুৰলৈ আহিছিল বুলি দেওবাৰে অভিযোগ কৰাৰ পিছত বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই (Debabrata Saikia) উভতি ধৰিছে মুখ্যমন্ত্ৰীক ৷
মুঠ বাৰটা বিবদমান অঞ্চলৰ ভিতৰত ছয়টাৰ সীমা বিবাদ নিষ্পত্তিৰ বাবে ইতিমধ্যে অসম আৰু মেঘালয় চৰকাৰে চূড়ান্ত প্ৰতিবেদন দাখিল কৰিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ হাতত ৷ ইয়াৰ পূৰ্বে উভয় ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে সৰ্বদলীয় বৈঠকত মিলিত হৈছিল ৷ কিন্তু মেঘালয়ক অসমৰ কিছু ভূমি এৰি দিবলৈ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই লোৱা সিদ্ধান্তক মানি ল'ব বিচৰা নাই বিৰোধী কংগ্ৰেছে (hand over land to neighbouring Meghalaya) ৷ কংগ্ৰেছৰ দাবী বিধানসভাৰ মজিয়াত এই সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে আলোচনা কৰক ।
বিৰোধী কংগ্ৰেছৰ এই দাবী প্ৰসংগত দেওবাৰে মুখ্যমন্ত্ৰী ড° শৰ্মাই কংগ্ৰেছৰ বিৰুদ্ধে আনিলে গুৰুতৰ অভিযোগ ৷ মুখ্যমন্ত্ৰীৰ দাবী- “কংগ্ৰেছে এসময়ত ৰাজধানী শ্বিলঙেই এৰি দিছিল ৷ ৰাজধানী এৰি দিছপুৰলৈ আহিছিল কংগ্ৰেছ ৷ মেঘালয়, নাগালেণ্ড আদিক এৰি দিছিল কংগ্ৰেছে ৷”
উত্তৰ-পূবক কংগ্ৰেছে সদায় দুৰ্বল কৰি ৰাখিবলৈ চেষ্টা কৰি আহিছে ৷ এই দাবী তুলি মুখ্যমন্ত্ৰীয়ে ক'লে- “আগতেই যদি চুবুৰীয়া ৰাজ্যৰে সীমা নিৰ্ধাৰণ কৰিলেহেঁতেন কংগ্ৰেছে, তেন্তে আজি চুবুৰীয়া ৰাজ্যৰে সংঘাতেই নহ'লহেঁতেন ৷ এতিয়া সেই কংগ্ৰেছে আমাক সমালোচনা কৰাৰ নৈতিক অধিকাৰ নাই ৷”
মুখ্যমন্ত্ৰীৰ এই দাবীক সোমবাৰে খণ্ডন কৰি বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই ক'লে- “সাংবিধানিকভাৱে চুবুৰীয়া ৰাজ্যসমূহ গঠন হৈছিল ৷ এতিয়া মুখ্যমন্ত্ৰীয়ে অসাংবিধানিকভাৱে মাটি এৰি দিব ওলাইছে ৷”
উল্লেখযোগ্য যে চুবুৰীয়া মেঘালয়, নাগালেণ্ড, অৰুণাচল আৰু মিজোৰামৰ সৈতে চলি থকা অসমৰ দশক দশক পুৰণি সীমা বিবাদ নিষ্পত্তিৰ বাবে বিশেষ উদ্যোগ গ্ৰহণ কৰিছে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৷ এইক্ষেত্ৰত চুবুৰীয়া ৰাজ্যসমূহেও সহযোগ আগবঢ়াইছে ৷
Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|