NRCক লৈ বিপৰীত স্থিতিত বিজেপি আৰু কেন্দ্ৰীয় চৰকাৰ!

News18-Assam
Updated:May 18, 2019, 1:40 PM IST
NRCক লৈ বিপৰীত স্থিতিত বিজেপি আৰু কেন্দ্ৰীয় চৰকাৰ!
পুনৰ শাসনলৈ আহিলে বিজেপিয়ে সমগ্র দেশতে NRC কাৰ্যকৰী কৰা হ’ব বুলি কৰা ঘোষণাৰ বিপৰীতে কেন্দ্ৰই অসমৰ বাদে আন ৰাজ্যত NRCৰ প্ৰয়োজনীয়তা নুই কৰিছে।

পুনৰ শাসনলৈ আহিলে বিজেপিয়ে সমগ্র দেশতে NRC কাৰ্যকৰী কৰা হ’ব বুলি কৰা ঘোষণাৰ বিপৰীতে কেন্দ্ৰই অসমৰ বাদে আন ৰাজ্যত NRCৰ প্ৰয়োজনীয়তা নুই কৰিছে।

  • Share this:
NRCক লৈ বিজেপি আৰু কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰিছে বিপৰীতমুখী স্থিতি। পুনৰ শাসনলৈ আহিলে বিজেপিয়ে সমগ্র দেশতে NRC কাৰ্যকৰী কৰা হ’ব বুলি কৰা ঘোষণাৰ বিপৰীতে কেন্দ্ৰই অসমৰ বাদে আন ৰাজ্যত NRCৰ প্ৰয়োজনীয়তা নুই কৰিছে। ত্ৰিপুৰাত NRC কাৰ্যকৰী কৰাৰ আবেদনৰ ওপৰত উচ্চতম ন্যায়ালয়ত চলি থকা এক গোচৰৰ সন্দৰ্ভত শপতনামা দাখিল কৰি কেন্দ্ৰই সমগ্ৰ দেশত NRC প্ৰস্তুত কৰাৰ বিপক্ষে স্থিতি গ্ৰহণ কৰিছে।

কেন্দ্ৰই উক্ত শপতনামাত ত্ৰিপুৰাতো NRCৰ কোনো প্ৰয়োজন নাই বুলি স্পষ্ট কৰিছে। চলিত আইন অবৈধ বিদেশীক চিনাক্ত কৰি বিতাড়ন কৰাত সক্ষম বুলিও উল্লেখ কৰা হৈছে শপতনামাত।

বিগত বৰ্ষৰ অক্টোবৰত ত্ৰিপুৰা পিপুলছ ফ্ৰণ্ট নামৰ এটা ৰাজনৈতিক সংগঠনে সীমান্ত ৰাজ্যখনত NRC বিচাৰি উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল। সংগঠনটোৱে ১৯৪৮ চনৰ ১৯ জুলাইক কাট–অফ্ তাৰিখ হিচাপে লৈ NRC প্ৰস্তুতৰ আৰ্জি দিছিল সৰ্বোচ্চ ন্যায়ালয়ত। ন্যায়ালয়ে উক্ত আৰ্জিৰ শুনানি গ্ৰহণ কৰি কেন্দ্ৰলৈ প্ৰেৰণ কৰিছিল জাননী।

আনহাতে, কেন্দ্ৰৰ এই স্থিতিৰ বিপৰীতে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহে পশ্চিম বংগৰ এক নিৰ্বাচনী সভাত বিজেপি পুনৰ ক্ষমতালৈ আহিলে সমগ্ৰ দেশতে NRC প্ৰৱৰ্তনৰ কথা ঘোষণা কৰিছিল। অমিত শ্বাহৰ এই স্থিতিৰ বিৰোধিতা কৰি ইতিমধ্যে অসম আন্দোলন সংগ্ৰামী মঞ্চই শ্বাহৰ বিৰুদ্ধে আদালত অৱমাননাৰ গোচৰ ৰুজু কৰিবলৈ উচ্চতম ন্যায়ালয়ক আবেদন জনাইছে।

নাম প্রকাশত অনিচ্ছুক কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ এজন বিষয়াই NEWS18ৰে হোৱা এক টেলিফোন বাৰ্তালাপতো সমগ্ৰ দেশত NRCৰ প্ৰয়োজনীয়তা খণ্ডন কৰে। তেওঁৰ মতে, নাগৰিকত্ব আইন, বিদেশী আইন আৰু পাৰপত্ৰ আইন বিদেশীক চিনাক্ত কৰি বিতাড়ন কৰিবলৈ যথেষ্ট।
আৰু চাওক
পৰৱৰ্তী বাতৰি