உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • 'বিধানসভাত BJP,AGP, UPPL আৰু BPF একেলগে বহিব'-মুখ্যমন্ত্ৰীৰ মন্তব্যৰ পিছতে কি ক'লে প্ৰমোদ বড়োৱে?

    'বিধানসভাত BJP,AGP, UPPL আৰু BPF একেলগে বহিব'-মুখ্যমন্ত্ৰীৰ মন্তব্যৰ পিছতে কি ক'লে প্ৰমোদ বড়োৱে?

    বিজেপিৰ সৈতে বিপিএফৰ মিত্ৰতাকলৈ ৰাজ্যজুৰি চলি আছে চৰ্চা। এতিয়া এই সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিছে গুৰুত্বপূৰ্ণ মন্তব্য।

    বিজেপিৰ সৈতে বিপিএফৰ মিত্ৰতাকলৈ ৰাজ্যজুৰি চলি আছে চৰ্চা। এতিয়া এই সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিছে গুৰুত্বপূৰ্ণ মন্তব্য।

    বিজেপিৰ সৈতে বিপিএফৰ মিত্ৰতাকলৈ ৰাজ্যজুৰি চলি আছে চৰ্চা। এতিয়া এই সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিছে গুৰুত্বপূৰ্ণ মন্তব্য।

    • Share this:
    বিজেপিৰ সৈতে বিপিএফৰ মিত্ৰতাকলৈ ৰাজ্যজুৰি চলি আছে চৰ্চা। এতিয়া এই সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিছে গুৰুত্বপূৰ্ণ মন্তব্য। মুখ্যমন্ত্ৰীয়ে স্পষ্ট কৰি দিছে যে, বিপিএফ আৰু বিজেপিৰ মাজত নাই কোনো ৰাজনৈতিক মিত্ৰতা।

    ইফালে বিধানসভাৰ মজিয়াত বিজেপিৰ সৈতে বিপিএফ দলৰ মিত্ৰতা আলোচনাৰ মাধ্যমেৰে হৈছে বুলি মত প্ৰকাশ কৰিছে  বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য তথা ইউপিপিএল দলৰ সভাপতি প্ৰমোদ বড়োৱে। সোমবাৰে কোকৰাঝাৰত সাংবাদিকৰ আগত এই কথা সদৰি কৰি বড়োৱে কয় যে, 'ইয়াৰ বাবে দলৰ লগতো আলোচনা কৰা হৈছে।' ৰাইজে কৈ থকা কথাবোৰ ৰাজনৈতিক প্ৰেক্ষাপটত চলি থকা সাধাৰণ কথা বুলি উল্লেখ কৰি ৰাজনীতিত উত্থান পতন এইবোৰ চলি থাকে বুলি মন্তব্য কৰি সময়ত সকলো নিৰ্ণয় হ'ব বুলি মন্তব্য কৰে বিটিআৰৰ মুৰব্বীগৰাকীয়ে।

    বড়োৰ ভাষ্য,  'আমি সদায় একেলগে থাকিব বিচাৰো। ইয়াত কিবা অশুভ অশান্তি হ‌ওক আমি কেতিয়াও নিবিচাৰো। ইয়াত বড়োৱেই হ‌ওক বা অবড়োই হ‌ওক সকলোৱে বহুত দীঘলীয়া সময় কষ্টত ভূগিছে। গতিকে এতিয়া সকলোৱে শান্তি বিচাৰে, উন্নয়ন বিচাৰে।'

    আনহাতে সাম্প্ৰতিক সময়ত বিপিএফ দল ইউপিপিএল দলৰ মাজত একত্ৰিত কৰণৰ কোনো ধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰা হোৱা নাই বা আগন্তুক সময়ত তেনেধৰণৰ পৰিস্থিতি আহিলে তেতিয়া চিন্তা কৰিব বুলি জানিব দিয়ে প্ৰমোদ বড়োৱে।

    আনহাতে বিপিএফ দলৰ সৈতে আমাৰ মিত্ৰতা ৰাজনৈতিক নহয় বুলি মন্তব্য প্ৰদান কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীয়ে স্পষ্ট কৰি দিছে যে,  কেৱল বিধানসভাৰ মজিয়াৰ বাবেহে এই মিত্ৰতা হৈছে ৷ বিধানসভাৰ মজিয়াত বিজেপি অগপ ইউপিপিএল আৰু বিপিএফ চৰকাৰী পক্ষত বহিব। একমাত্ৰ ফ্লৰ কোৰ্ডিনেচনৰ বাবে এই মিত্ৰতা বুলি স্পষ্ট কৰি দিয়ে মুখ্যমন্ত্ৰী শৰ্মাই।
    Published by:Himangshu Bhuyan
    First published: