ByeElections2021: আটাইকেইটা সমষ্টিতে বিজেপি আৰু মিত্ৰদলৰ প্ৰাৰ্থী আগবাঢ়ি আছে।
ByeElections2021: আটাইকেইটা সমষ্টিতে বিজেপি আৰু মিত্ৰদলৰ প্ৰাৰ্থী আগবাঢ়ি আছে।
উপ নিৰ্বাচনত পাঁচোটা সমষ্টিতে বিজেপি মিত্ৰজোঁট আগবাঢ়িছে জয়ৰ দিশে।
আটাইকেইটা সমষ্টিতে বিজেপি আৰু মিত্ৰদলৰ প্ৰাৰ্থী আগবাঢ়ি আছে।
থাওৰাত বিজেপিৰ প্ৰাৰ্থী সুশান্ত বৰগোহাঁই আগবাঢ়ি আছে। অষ্টম ৰাউণ্ডৰ ভোটগণনাৰ অন্তত সুশান্ত বৰগোহাঁই ৰাইজৰ দলৰ ধৈৰ্য কোঁৱৰতকৈ ১৮৯৮৪টা ভোটত আগবাঢ়ি আছে।
আনহাতে গোসাঁইগাঁৱত সপ্তম ৰাউণ্ডৰ ভোটগণনাৰ অন্তত UPPL প্ৰাৰ্থী জিৰণ বসুমতাৰীয়ে ২০৪৮৪টা ভোটত আবাঢ়ি আছে।
ভৱানীপুৰত BJPৰ ফণীধৰ তালুকদাৰে অষ্টম ৰাউণ্ডৰ অন্তত অগ্ৰগতি লৈছে ৩৯৭৮৫টা ভোটত। কংগ্ৰেছৰ শৈলেন দাসে পািছে ১২৫৮২টা ভোট।
তামুলপুৰত তৃতীয় ৰাউণ্ডৰ অন্তত UPPLৰ জলেন দৈমাৰীয়ে ১৮৬৮১ টা ভোটত অগ্ৰগতি লাভ কৰিছে। কংগ্ৰেছৰ ভাস্কৰ দাহালে পাইছে ৩০১৩টা ভোট।
মৰিয়নীত আগবাঢ়ি আছে বিজেপিৰ প্ৰাৰ্থী ৰূপজ্যোতি কুৰ্মী।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|