বশিষ্ঠৰ বিজেপিৰ ৰাজ্যিক কাৰ্যালয়ত সাংসদ পৱিত্ৰ মার্ঘেৰিটাই সংবাদমেল সম্বোধন কৰি আগন্তুক দেউৰী স্বায়ত্তশাসিত পৰিষদৰ নির্বাচনত মুঠ ২২খন আসনতে বিজেপি মিত্ৰজোঁট বিজয়ী হ'ব বুলি উল্লেখ কৰে।
মাৰ্ঘেৰিটাই দেউৰী সমাজৰ সকলো সমস্যাৰ সমাধান বিজেপিয়ে কৰিব বুলি উল্লেখ কৰি স্বায়ত্তশাসিত পৰিষদখনত কংগ্ৰেছৰ স্থিতিক লৈও মন্তব্য কৰে। তেওঁ কয়– ভূপেন বৰাই নিজ সমষ্টিৰ দেউৰী নির্বাচন এৰি ভাৰত জোৰো অভিযানত অংশ লোৱাই প্ৰমাণ কৰে কংগ্ৰেছে কেইখন আসন পাব। পৱিত্ৰ মার্ঘেৰিটাই ৰাহুল গান্ধীকো সমালোচনা কৰে।
অসমত কংগ্ৰেছৰ ভাৰত জোৰো যাত্ৰা ইঞ্জিনবিহীন ৰে'লৰ দৰে চলিছে বুলিও কটাক্ষ মাৰ্ঘেৰিটাৰ। তেওঁ কয়– ধুবুৰীত ভাৰত জোৰো যাত্ৰাত অংশ লোৱা প্ৰায়বোৰ লোকে সন্দেহজনক লোক, মই ভাবিছিলোঁ মিঞা মিউজিয়ামৰ পৰাই আৰম্ভ হ'ব ভাৰত জোৰো অভিযান৷''
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|