உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • Majuli Constituency Bypoll: মাজুলীৰ উপ নিৰ্বাচন, বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী ভুবন গামৰ মনোনয়ন দাখিল, সংগ দিলে মুখ্যমন্ত্ৰীয়ে

    Majuli Constituency Bypoll: মাজুলীৰ উপ নিৰ্বাচন, বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী ভুবন গামৰ মনোনয়ন দাখিল, সংগ দিলে মুখ্যমন্ত্ৰীয়ে

    • Share this:
    মাজুলীৰ উপনিৰ্বাচনক লৈ ইতিমধ্যে আৰম্ভ হৈছে ৰাজনৈতিক কুচকাৱাজ। ৭ মাৰ্চত অনুষ্ঠিত হ'বলগীয়া মাজুলী সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী ভুবন গামে বুধবাৰে মনোনয়ন পত্ৰ দাখিল কৰে (BJP alliance candidate filed nomination)৷ তেওঁক সংগ দিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকে ধৰি বহুকেইগৰাকী মন্ত্ৰী তথা নেতাই।

    প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সমষ্টি ৰূপে মাজুলীৰ উপনিৰ্বাচনৰ গুৰুত্ব স্বাভাৱিকতে ওপৰত। সেয়ে ভুবন গামৰ মনোনয়ন পত্ৰ দাখিল পৰ্বই বিশেষ গুৰুত্ব লাভ কৰা দেখা যায়। উল্লেখ্য, মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই (CM Himanta Biswa Sarma) মনোনয়ন দাখিল পৰ্বত অংশ লোৱাৰ পূৰ্বে এখন সভা সম্বোধন কৰে। তেওঁ মাজুলী উন্নয়নৰ প্ৰসংগত বহু গুৰুত্বপূৰ্ণ আঁচনিৰ কথা উল্লেখ কৰে।





    তেওঁ লগতে মাজুলীত অভিলেখ সংখ্যক ভোটত ভুবন গাম জয়ী হোৱাৰ কথা ব্যক্ত কৰে। ইফালে, মাজুলী উপ-নিৰ্বাচনত বিজেপিৰ ভুবন গামৰ প্ৰতিদ্বন্দ্বী ৰূপে থিয় হ’ব অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী চিত্তৰঞ্জন বসুমতাৰী। অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী চিত্তৰঞ্জন বসুমতাৰীক কংগ্ৰেছ আৰু ৰাইজৰ দলেও সমৰ্থন দিছে।
    Published by:Gautam Barman
    First published: