কংগ্ৰেছৰ সৈতে মিত্ৰতা বিচাৰি বিচাৰি হায়ৰাণ হোৱা AIUDFক পুনৰ আক্ৰমণ কৰিলে কংগ্ৰেছে ৷ AIUDFক কোনো কাৰণত বিশ্বাস কৰিব নোৱাৰি বুলি কংগ্ৰেছে কৰা দাবীক AIUDF আৰু BJPয়েও প্ৰত্যাক্ৰমণ কৰিলে ৷
“AIUDFৰ সৈতে কংগ্ৰেছৰ কোনো লেনদেন নাই”— গুৱাহাটীলৈ আহি দুদিন পূৰ্বে এনেদৰেই কৈছিল অসম প্ৰদেশ কংগ্ৰেছৰ তত্বাবধায়ক তথা AICCৰ সাধাৰণ সম্পাদক জীতেন্দ্ৰ সিঙে ৷ ইয়াৰ পিছতে কংগ্ৰেছক এফালৰ পৰা আক্ৰমণ আৰম্ভ কৰি দিলে AIUDFৰ বিধায়ক সকলে ৷ ইয়াৰ মাজতে মংগলবাৰে কংগ্ৰেছৰ বিধায়ক আব্দুৰ ৰছিদ মণ্ডলে AIUDFক বিশ্বাস কৰিব নোৱাৰি বুলি কৈ মিত্ৰতাৰ প্ৰস্তাৱক পুনৰ নাকচ কৰিলে ৷
লগতে ৰছিদ মণ্ডলে ক'লে- “বদৰুদ্দিন আজমলৰ সকলো সংলাপ BJPৰ ফেক্টৰীত নিৰ্মিত ৷”
ইয়াৰ পিছতে জাঙুৰ খাই উঠিল AIUDFৰ সাধাৰণ সম্পাদক তথা বিধায়ক কৰিমউদ্দিন বৰভূঞা ৷ বিধায়ক কৰিমউদ্দিনে BJPক ৰোধ কৰিবলৈ বিৰোধী এক হ'ব লাগে বুলি দাবী কৰিলে ৷
কংগ্ৰেছ-AIUDFৰ এই মিত্ৰতা কেন্দ্ৰিক সংঘাতৰ মাজতে সাংবাদিকে প্ৰশ্ন কৰিলে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক ৷ সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰী ড° শৰ্মাই ক'লে— “মই ক'ব লাগিব নেকি কংগ্ৰেছ-AIUDFৰ কথা?”
জীতেন্দ্ৰ সিং কোন বুলিও মুখ্যমন্ত্ৰীয়ে প্ৰশ্ন কৰিলে মংগলবাৰে ৷
বহি নাথাকিল BJPৰ বিধায়ক দিগন্ত কলিতাও ৷ দিগন্তৰ মতে— “আজমল ভুপেন বৰাতকৈ ওপৰৰ মানুহ ৷ দল দুটাৰ মাজত মিত্ৰতা ৰাষ্ট্ৰীয় পৰ্যায়ত এতিয়াও আছে ৷”
Published by: Kokil Sarma
FIRST PUBLISHED : January 10, 2023, 20:51 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।