உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • চূড়ান্ত হ'ল বিজেপি মিত্ৰজোঁটৰ আসন ভাগ-বটোৱাৰা! অগপক দিলে মাত্ৰ ২৬ খন, UPPLক দিলে ৮ খন!

    চূড়ান্ত হ'ল বিজেপি মিত্ৰজোঁটৰ আসন ভাগ-বটোৱাৰা! অগপক দিলে মাত্ৰ ২৬ খন, UPPLক দিলে ৮ খন!

    কাইলৈ আনুষ্ঠানিক ঘোষণাৰ সম্ভাৱনা

    কাইলৈ আনুষ্ঠানিক ঘোষণাৰ সম্ভাৱনা

    কাইলৈ আনুষ্ঠানিক ঘোষণাৰ সম্ভাৱনা

    • Share this:
    কোন কেইটা সমষ্টিত কৰিব প্ৰতিদ্বন্দিতা? কোনে পাব প্ৰাৰ্থীত্ব? এইলৈ এতিয়া ঘনে ঘনে বৈঠকত বহিছে বিজেপিৰ শীৰ্ষ নেতৃত্ব। তাৰ মাজতে বৃহস্পতিবাৰে অনুষ্ঠিত হ'ল বিজেপিৰ কেন্দ্ৰীয় নিৰ্বাচন কমিটীৰ বৈঠক। আৰু বৈঠকতে অসমৰ সমাগত বিধানসভা নিৰ্বাচনৰ বাবে আসন ভাগ বটৰোৱা চূড়ান্ত কৰা হয়।

    আমাৰ হাতত আহি পৰা তথ্য মতে,  আগন্তুক নিৰ্বাচনত বিজেপিয়ে অসম গণ পৰিষদলৈ এৰি দিলে মাত্ৰ ২৬ খন আসন। তাৰ বিপৰীতে অন্য এটা মিত্ৰ দল UPPLক দিলে ৮খন আসন। আৰু বাকী থকা ৯২ খন আসনত প্ৰতিদ্বন্দিতা আগবঢ়াব বিজেপিয়ে। কাইলৈ এই সন্দৰ্ভত আনুষ্ঠানিক ঘোষণা কৰাৰ লগতে কোনে কোন সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰিব সেয়াও ঘোষণা কৰা হ'ব বুলি জানিব পৰা গৈছে।

    আজি সন্ধিয়া  ৭বজাৰ পৰা বিজেপিৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হৈছিল কেন্দ্ৰীয় নিৰ্বাচন কমিটীৰ বৈঠক। প্ৰধানমন্ত্ৰী নৰেন্দ্র মোদী, গৃহমন্ত্ৰী অমিত শ্বাহ, ৰাষ্ট্ৰীয় সভাপতি জেপি নাড্ডা উপস্থিত আছিল বৈঠকত । মুখ্যমন্ত্ৰী সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাইয়ো অংশ লৈছিল বৈঠকত।
    Published by:Himangshu Bhuyan
    First published: