"শিৱসাগৰ জিলাৰ তিনিওটা পৰিষদীয় সমষ্টিত বিজেপি-অগপ মিত্ৰজোঁটেই জয়ী হ'ব। এইবাৰ দেউৰী ৰাইজে অসমৰ ২২টা সমষ্টিৰ ২২টাতে জয়ী কৰাব বিজেপি-অগপ মিত্ৰজোঁটক।" -এই মন্তব্য জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ।
দেউৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনী প্ৰচাৰ তুংগত চলি থকাৰ সময়তে আজি শিৱসাগৰত উপস্থিত হৈ জয়ন্ত মল্ল বৰুৱাই আৰু কয়- "আজিৰ তাৰিখত যি নিৰ্বাচনেই নহওক কিয় , অসমৰ খিলঞ্জীয়া মানুহৰ ওচৰত বিজেপি-অগপ মিত্ৰদলৰ বাহিৰে আন কোনো দল যাব পৰা পৰিৱেশ নাই। অসমৰ খিলঞ্জীয়া মানুহৰ ওচৰত কেৱল বিজেপি আছে। যেতিয়া অসমত মিঞা মিউজিয়াম নিৰ্মাণ হয়, তেতিয়া কংগ্ৰেছে ,এ আই ইউ ডি এফে সমৰ্থন জনায়। খিলঞ্জীয়াৰ ওচৰত যোৱাৰ সাহস কংগ্ৰেছে হেৰুৱাই পেলাইছে। কংগ্ৰেছ আৰু কংগ্ৰেছৰ লগত থকা দলসমূহে বৰ্তমান খিলঞ্জীয়া মানুহৰ ওচৰত থিয় দিব নোৱাৰে। মিঞা অধ্যুষিত এলেকাতহে সেয়ে ঘূৰি ফুৰিছে কংগ্ৰেছ। লোকসভা নিৰ্বাচনতো এনে পৰিৱেশেই দেখিবলৈ পাব। কংগ্ৰেছ কেৱল মিঞা অধ্যুষিত এলেকাতে ঘূৰি ফুৰিব।"
ইপিনে কংগ্ৰেছৰ ভাৰত জোৰো যাত্ৰা কাৰ্যসূচীকো কটাক্ষ কৰে জয়ন্ত মল্ল বৰুৱাই। তেওঁ কয়– "স্বাধীনতাৰ ৭৫ বছৰে কংগ্ৰেছে ভাৰত জোৰো কৰিব নোৱাৰিলে। এতিয়া কি কৰিব ! কাক জোৰো কৰিবলৈ আহিছে নাজানো। যদি মিঞাক জোৰো কৰিবলৈ অসমত আহিছে কৰি থাকক। আমাৰ দল মিঞাৰ লগত নাই।"
ইপিনে এই আই ইউ ডি এফ আৰু বিজেপিৰ গোপন মিত্ৰতা চলি থকা বুলি কংগ্ৰেছ বিধায়কে উত্থাপন কৰা অভিযোগ সন্দৰ্ভতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰে জয়ন্ত মল্ল বৰুৱাই।
তেওঁ কয়– "কংগ্ৰেছৰ ঔৰসতে এই আই ইউ ডি এফৰ জন্ম। গতিকে কংগ্ৰেছৰ লগত মিত্ৰতা নকৰি কাৰ লগত কৰিব। কংগ্ৰেছ এই আই ইউ ডি এফ একেটা মুদ্ৰাৰে ইপিঠি সিপিঠি।"
জয়ন্ত মল্ল বৰুৱাই শিৱসাগৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰ প্ৰেক্ষাগৃহতো প্ৰশাসনৰ সৈতে এখন গুৰুত্বপূৰ্ণ বৈঠকত অংশগ্ৰহণ কৰে। জয়ন্ত মল্ল বৰুৱাই জিলা প্ৰশাসন , জনস্বাস্থ্য কাৰিকৰী বিভাগ সৈতে মূলতঃ জলজীৱন মিছন আঁচনি আৰু পৰ্যটন ক্ষেত্ৰ সন্দৰ্ভত আলোচনা কৰে। জলজীৱন মিছনৰ কাম খৰতকীয়া কৰাৰ নিৰ্দেশ দিয়ে মন্ত্ৰীগৰাকীয়ে।বৰুৱাই কয় যে ২০২৪ ৰ ভিতৰত প্ৰতিঘৰ মানুহলৈ পানী দিব লাগিব। এই মাহৰ পৰাই আত্মসহায়ক গোটসমূহে ঘৰে ঘৰে গৈ পানীৰ টেপ, পাইপ আদি নিৰীক্ষণ কৰিব। এটা এপৰ জৰিয়তে নিদিষ্ট স্থানৰ পৰা ফটো ভিডিঅ' প্ৰেৰণ কৰিব। এই কথা সদৰী কৰিলে মন্ত্ৰীগৰাকীয়ে। আনহাতে ক'ভিড ১৯ৰ সময়ত ৰোগীৰ সেৱাত নিয়োজিত হৈ থাকোঁতে মৃত্যু হোৱা বহু কৰ্মচাৰীয়ে এই পৰ্যন্ত চৰকাৰে পূৰ্বতে ঘোষণা কৰা ৫০ লাখ টকাৰ ক্ষতিপূৰণ কিয় দিয়া নাই বুলি সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত তেওঁ কয় - যদি কোনোবাই নাই পোৱা তথ্য প্ৰমাণসহ স্পষ্টকৈ অৱগত কৰক চৰকাৰক । নিশ্চয় চৰকাৰে পদক্ষেপ ল'ব।উক্ত বৈঠকত ৰাজহ মন্ত্ৰী যোগেন মহন, থাউৰা সমষ্টিৰ বিধায়ক সুশান্ত বৰগোহাঁয়ো উপস্থিত থাকে।
Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|