২০১৯ চনৰ ডিচেম্বৰ মাহত নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতাৰে হোৱা আন্দোলনত সংঘটিত হিংসাত্মক ঘটনাৰ বাবে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা অখিল গগৈ, ধৈয্য কোৱঁৰকে ধৰি গ্ৰেপ্তাৰ হৈছিল ছাত্ৰ মুক্তিৰ বিতু সোণোৱাল আৰু মানস কোৱঁৰ ৷ প্ৰায় ৬ মাহ কাৰাবন্দী হৈ থকাৰ পিছত জামিন লাভ কৰিছিল মানস কোৱঁৰে ৷
আজি NIA এ আদালতে জামিন মঞ্জুৰ কৰে বিতু সোণোৱালৰ ৷ চানমাৰী আৰক্ষী থানাই অখিল গগৈকে ধৰি কৃষক মুক্তিৰ সদস্যই মাওবাদীৰ সৈতে মিলি ‘কা’ আন্দোলনত হিংসাত্মক ঘটনা ঘটোৱাৰ অভিযোগ আনি গোচৰ ৰুজু কৰিছিল ৷
চানমাৰীত থানাৰ গোচৰকে পিছত NIA লৈ হস্তান্তৰ কৰা হয় তদন্তৰ বাবে ৷ NIA গোচৰটোৰ তদন্তৰ দায়িত্ব লৈ ডিচেম্বৰ মাহত গ্ৰেপ্তাৰ কৰিছিল অখিল গগৈক ৷ সমান্তৰালকৈ গ্ৰেপ্তাৰ কৰিছিল ধৈয্য কোৱঁৰ ,বিতু সোণোৱাল, আৰু মানস কোৱঁৰক ৷ বৰ্তমান ক’ভিডত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে অখিল গগৈ, ধৈয্য কোৱঁৰ আৰু বিতু সোণোৱাল ৷
আনহাতে ১৬ জুলাইত NIA ৰ বিশেষ আদালতে শুনানী ল’ব অখিল গগৈৰ জামিন আবেদনৰ আৰু ১৭ জুলাইত শুনানি হ’ব ধৈয্য কোৱঁৰৰ জামিন আবেদনৰ ৷
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|