২৪ ঘণ্টা নহওতেই খোল খালে বিশ্বনাথৰ বিশাল মেগা মাৰ্ট। কোভিড প্ৰটকল ভংগ কৰাৰ অভিযোগত বিশ্বনাথ জিলা উপায়ুক্তৰ নিৰ্দেশনা অনুসৰি ছিল কৰা হৈছিল বিশাল মেগামাৰ্ট৷ কিন্তু বিশ্বনাথ ৰাজহচক্ৰ বিষয়াৰ মৌখিক অনুমতিলৈ পুনৰ খোলা হ'ল বিশাল মেগামাৰ্ট ।
বিশালৰ ষ্টোৰ মেনেজাৰ জনে জনোৱা অনুসৰি তেওঁলোকক দিয়া নাই কোনো লিখিত অনুমতি ৷ কেৱল ৰাজহ চক্ৰ বিষয়াই দিছে মৌখিক অনুমতি ৷ অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা আইন ২০০৫ ৰ u/s ৩০ ৰ অধীনত বন্ধ কৰা হৈছিল বিশ্বনাথ চাৰিআলিৰ বিশাল মেগা মাৰ্ট ৷
উল্লেখ্য যে, সোমবাৰে নিশা বিশ্বনাথ জিলা প্ৰশাসনে ছিল কৰিছিল বিশালৰ বিশ্বনাথ চাৰিআলিৰ বিপনী ৷ দিনৰ ভাগত অত্যাধিক ভিৰ হোৱা বিশাল মাৰ্কেট বন্ধ কৰি তলা লগাই দিছিল আৰক্ষীয়ে ৷ কভিড প্ৰট'কল নমনাকৈ ব্যৱসায় প্ৰতিষ্ঠানখনৰ ব্যৱসায়িক কাম কাজ চলাই থকাৰ সময়তে আৰক্ষীয়ে আহি বন্ধ কৰি দিয়ে ব্যৱসায় প্ৰতিষ্ঠানখন ৷ একে সময়তে বহুলোকৰ সমাগম হোৱাৰ লগতে মুখত মাস্ক পৰিধান নকৰাৰ বাবেই বন্ধ কৰি দিয়া হ'ল শ্বপিং মাৰ্কেটখন ৷
আনহাতে নিশাৰ ভাগত জিলা উপায়ুক্তৰ নিৰ্দেশৰ ভিত্তিত দণ্ডাধীশৰ উপস্থিতিত অনিৰ্দিষ্টকাললৈকে ছিল কৰা হৈছিল বিশাল মেগা মাৰ্ট ৷ কিন্তু উপায়ুক্তৰ নিৰ্দেশনাৰ পিছতো ৰাজহচক্ৰ বিষয়াই শ্বপিং মলটো খুলিবলৈ কেনেকৈ মৌখিক অনুমতি প্ৰদান কৰিলে তাক লৈ প্ৰশ্ন উঠিছে ৷