உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • কমকৈ বোনাছ প্ৰদান কৰাকলৈ বিশ্বনাথৰ বাঘমাৰী চাহ বাগিছাত উত্তেজনাময় পৰিস্থিতি, ক্ষোব্ধ শ্ৰমিকে ঘেৰাও কৰিলে পৰিচালকক

    কমকৈ বোনাছ প্ৰদান কৰাকলৈ বিশ্বনাথৰ বাঘমাৰী চাহ বাগিছাত উত্তেজনাময় পৰিস্থিতি, ক্ষোব্ধ শ্ৰমিকে ঘেৰাও কৰিলে পৰিচালকক

    পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষী আৰু অৰ্ধ সামৰিক বাহিনী নিয়োগ ৷ 

    পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষী আৰু অৰ্ধ সামৰিক বাহিনী নিয়োগ ৷ 

    পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষী আৰু অৰ্ধ সামৰিক বাহিনী নিয়োগ ৷ 

    • Share this:
    বোনাছ দিয়াক কেন্দ্ৰ কৰি বিশ্বনাথৰ বাঘমাৰী চাহ বাগিছাত উত্তপ্ত পৰিবেশৰ সৃষ্টি হয় ৷ শ্ৰমিকে ঘেৰাও কৰিলে বাগিছাৰ কলঘৰ ৷ প্ৰতিবছৰেই কালীপুজাৰ পূৰ্বে বাগিছাখনত বোনাছ প্ৰদান কৰা হয় যদিও এইবাৰ শ্ৰমিকে নল'লে বোনাছ ৷ কমকৈ বোনাছ দিয়াৰ বাবে গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰে শ্ৰমিকে ৷

    নিয়ম অনুসৰি ২০ শতাংশ বোনাছ দিব লাগে যদিও কম পৰিমাণে বোনাছ দিয়াত ক্ষোভত ফাটি পৰে শ্ৰমিক সকল ৷ ক্ষোভিত শ্ৰমিকসকলে পৰিচালকক কাৰ্যালয়ত ঘেৰাও কৰি উত্তাল কৰি তোলে পৰিবেশ ৷ পৰিস্থিতি ইমান উত্তেজনাময় হয়গৈ যে, আৰক্ষী আৰু অৰ্ধ সামৰিক বাহিনী মোতায়েন কৰিবলগীয়া হয় বাগিছাখনত ৷

    আনহাতে বোনাছ প্ৰদান কৰাৰ পূৰ্বে প্ৰতিবছৰেই জাননী দিয়া হয় যদিও এইবেলি জাননী নিদিয়াকৈ বোনছ দিয়াৰ ব্যৱস্থা কৰা হৈছিল ৷ কোভিডৰ বিভীষিকাময় পৰিবেশৰ বাবে লকডাউনৰ সময়ত চৰকাৰে প্ৰতিটো পৰিয়াললৈ প্ৰদান কৰা ১৫০০ টকাও বাগিছা কৰ্তৃপক্ষই বোনাছৰ পৰা কটাৰ অভিযোগ চাহ শ্ৰমিকসকলৰ ৷

    ইফালে যিসকল শ্ৰমিকে ইতিমধ্যে বোনাছ  গ্ৰহণ কৰিছিল সেইসকল শ্ৰমিকে বোনাছ ঘূৰাই দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ শ্ৰমিকক বোনাছ কমাই দি বাগিচাখনৰ একাংশ কৰ্মচাৰীৰ সৈতে মিলি পৰিচালকে ধন আত্মসাত কৰাৰ উঠিছে অভিযোগ ৷ ইফালে নিয়ম অনুসৰি বোনাছ নিদিলে কালীপূজাৰ পূৰ্বে শ্ৰমিকৰ সম্পূৰ্ণ দৰমহা বাগিছা কৰ্তৃপক্ষই আদায় দিব লাগিব বুলি শ্ৰমিক সকলে দাবী জনাইছে ৷
    Published by:Himangshu Bhuyan
    First published: