• Home
  • »
  • News
  • »
  • assam
  • »
  •  ৯৯ বছৰ বয়সত অৱসৰ গ্ৰহণ কৰিলে চৰকাৰী গাওঁবুঢ়া গংগাৰাম বৰুৱাই, ব্ৰিটিছৰ বিৰুদ্ধে আন্দোলন কৰি জে'ললৈও গৈছিল বৰুৱা

 ৯৯ বছৰ বয়সত অৱসৰ গ্ৰহণ কৰিলে চৰকাৰী গাওঁবুঢ়া গংগাৰাম বৰুৱাই, ব্ৰিটিছৰ বিৰুদ্ধে আন্দোলন কৰি জে'ললৈও গৈছিল বৰুৱা

বিশ্বনাথত ১৬ গৰাকী গাওবুঢ়াক অৱসৰ প্ৰদান কৰিলে প্ৰশাসনে।

বিশ্বনাথত ১৬ গৰাকী গাওবুঢ়াক অৱসৰ প্ৰদান কৰিলে প্ৰশাসনে।

বিশ্বনাথত ১৬ গৰাকী গাওবুঢ়াক অৱসৰ প্ৰদান কৰিলে প্ৰশাসনে।

  • Share this:
৯৯ বছৰ বয়সত  অৱসৰ গ্ৰহণ কৰিলে চৰকাৰী গাওবুঢ়া গংগাৰাম বৰুৱাই ৷ ১৯৭৭ চনতে অসম চৰকাৰে বিহালীৰ বটিয়ামাৰী গাঁৱৰ গাওঁবুঢ়া হিচাপে নিযুক্তি দিয়া গংগাৰাম বৰুৱাই ভৰি দিলে ৯৯ বছৰ বয়সত৷

হেলেম ৰাজহচক্ৰ বিষয়াৰ কাৰ্যালয়ৰ জৰিয়তে গাওঁবুঢ়া হিচাপে নিযুক্তি লাভ কৰিছিল গংগাৰাম বৰুৱাই ৷ সুদীৰ্ঘ কাল গাওঁবুঢ়া হিচাপে সেৱা আগবঢ়োৱা ১৯৪২ চনৰ আন্দোলনৰ সেনানী গংগাৰাম বৰুৱাক জীৱনৰ বিয়লি বেলাত অৱসৰ প্ৰদান কৰিলে বিশ্বনাথ জিলা প্ৰশাসনে ৷

৪৫ বছৰ ধৰি গাওবুঢ়া হিচাপে সেৱা আগবঢ়াই অৱসৰ গ্ৰহণ কৰা গংগাৰাম বৰুৱাই সাংবাদিকৰ সন্মুখত পুৰণি স্মৃতি সোঁৱৰি আবেগিক হৈ পৰিল ৷ সোঁৱৰিলে ১৯৪২ চনৰ আন্দোলনৰ লগতে অসম চৰকাৰে গাওঁবুঢ়া হিচাপে নিযুক্তি দিয়া বহু কথা৷ শান্তি সেনা মৃত্যু বাহিনীত যোগদান কৰি এসময়ত জেল খাবলগীয়া হৈছিল বৰুৱাই ৷

উল্লেখ্য যে, শেহতীয়াকৈ অসম চৰকাৰে গাওঁবুঢ়াসকলক গাওপ্ৰধান হিচাপে স্বীকৃতি প্ৰদান কৰাৰ লগতে ৬৫ বছৰ বয়সত গাওবুঢ়াসকলক অৱসৰ দিয়াৰ নিৰ্দেশনা জাৰি কৰাৰ পিছতেই জিলাই জিলাই গাওঁবুঢ়া সকলক অৱসৰ দিয়াৰ ব্যৱস্থা কৰিছে প্ৰশাসনে৷ লগতে অসম চৰকাৰে অৱসৰপ্ৰাপ্ত প্ৰতিগৰাকী গাঁও প্ৰধানক ২ লাখ টকাকৈ দিয়াৰ কথা ইতিমধ্যে ঘোষণা কৰিছে ৷

বিশ্বনাথ জিলাৰ অৱসৰ প্ৰদান কৰা ১৬ জন গাওঁবুঢ়াক বিশ্বনাথ জিলা গাওপ্ৰধান সন্থাই জনালে বিদায় সম্বৰ্দ্ধনা৷ দীৰ্ঘদিন ৰাইজৰ হকে আগবঢ়োৱা সেৱাৰ প্ৰতিদান স্বৰূপে ফুলাম গামোছা, মানপত্ৰ আদিৰ জৰিয়তে বিদায় সম্বৰ্ধনা জনোৱা হয় অৱসৰ লাভ কৰা ১৬ গৰাকীগাওঁবুঢ়াক ৷
Published by:Himangshu Bhuyan
First published:

শেহতীয়া বাতৰি