ছাত্ৰীৰ ফটো আৰু ভিডিঅ’ ভাইৰেল কৰি ব্লেকমেইলিং, বিশ্বনাথ চাৰিআলি আৰক্ষীৰ জালত এজন যুৱক

News18 Assam | News18-Assam
Updated:October 21, 2020, 4:52 PM IST
ছাত্ৰীৰ ফটো আৰু ভিডিঅ’ ভাইৰেল কৰি ব্লেকমেইলিং, বিশ্বনাথ চাৰিআলি আৰক্ষীৰ জালত এজন যুৱক
ছাত্ৰীগৰাকীয়ে অভিযোগ কৰা মতে, একালৰ সহপাঠী  সংকল্পই আনকি অধ্যয়ন কৰা কালত সংগ্ৰহ কৰা ফটোৰে  ব্লেকমেইলিং আৰু ধনদাবীও কৰিছে।

ছাত্ৰীগৰাকীয়ে অভিযোগ কৰা মতে, একালৰ সহপাঠী  সংকল্পই আনকি অধ্যয়ন কৰা কালত সংগ্ৰহ কৰা ফটোৰে  ব্লেকমেইলিং আৰু ধনদাবীও কৰিছে।

  • Share this:
বিশ্বনাথৰ এগৰাকী ছাত্ৰীৰ ফটো আৰু ভিডিঅ’ ভাইৰেল কৰাৰ অভিযোগত বিশ্বনাথ চাৰিআলি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে এজন যুুৱকক। বিশ্বনাথৰ ছাত্ৰীগৰাকীৰ অভিযোগৰ ভিত্তিত মঙলবাৰে গ্ৰেপ্তাৰ কৰা যুৱকজন হৈছে কুুসুমটোলা অঞ্চলৰ সংকল্প কাশ্যপ বৰঠাকুৰ।

ছাত্ৰীগৰাকীয়ে অভিযোগ কৰা মতে, একালৰ সহপাঠী  সংকল্পই আনকি অধ্যয়ন কৰা কালত সংগ্ৰহ কৰা ফটোৰে  ব্লেকমেইলিং আৰু ধনদাবীও কৰিছে। ঘাইকৈ অশালীন মেচেজ আৰু ড্ৰাগছ ক্ৰয়ৰ বাবে ধনদাবী কৰি অতিষ্ঠ কৰা ছাত্ৰীগৰাকীয়ে অৱশেষত উপায়ন্তৰ হৈ আৰক্ষীৰ শৰণাপন্ন হয়।

ইতিমধ্যে বিশ্বনাথ চাৰিআলি থানাত দাখিল কৰা অভিযোগত ছাত্ৰীগৰাকীয়ে জনৈক পূৰ্ণ নামৰ ম’বাইল ফোন মেৰামতি কৰা যুৱক এজনৰ নামো উল্লেখ কৰিছে। অভিযোগ মতে ধনদাবীৰ ঘটনাত ম’বাইল মেৰামতি কৰা যুৱকনো জড়িত।

ইতিমধ্যে আৰক্ষীয়ে ২৯৩/২০ নম্বৰৰ গোচৰ ৰুজু কৰি ৩৮৪/৫০৭/৫০৯ ধাৰাৰ অধীনত সংকল্পক গ্ৰেপ্তাৰ কৰি আদালতত হাজিৰ কৰাৰ পিছত তিনি দিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰিছে। এই সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।
Published by: Sanjay Kumar Das
First published: October 21, 2020, 4:52 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading