মুখ্যপৃষ্ঠা » খবৰ

» অসম

»অন্তৰ্বাসৰ ভিতৰত লুকুৱাই আনিছিল ড্ৰাগছ, গুৱাহাটীৰ পৰা বান্দৰদেৱালৈ গৈ থাকোতে আৰক্ষীৰ জালত পৰিল মহিলাসহ চাৰিজন

অন্তৰ্বাসৰ ভিতৰত লুকুৱাই আনিছিল ড্ৰাগছ, গুৱাহাটীৰ পৰা বান্দৰদেৱালৈ গৈ থাকোতে আৰক্ষীৰ জালত পৰিল মহিলাসহ চাৰিজন

News18 Assam | News18-Assam
Updated:October 26, 2020, 8:08 PM IST
অন্তৰ্বাসৰ ভিতৰত লুকুৱাই আনিছিল ড্ৰাগছ, গুৱাহাটীৰ পৰা বান্দৰদেৱালৈ গৈ থাকোতে আৰক্ষীৰ জালত পৰিল মহিলাসহ চাৰিজন
দেওবাৰে আৰক্ষীৰ জালত পৰিল ড্ৰাগছ সৰবৰাহকাৰী চক্ৰ

দেওবাৰে আৰক্ষীৰ জালত পৰিল ড্ৰাগছ সৰবৰাহকাৰী চক্ৰ

  • Share this:
ড্ৰাগছ ব্যৱসায়ীয়ে এতিয়া প্ৰতিদিনে অৱলম্বন কৰিছে নতুন নতুন কৌশল। এইবাৰ মহিলাক লগত লৈ ড্ৰাগছ সৰবৰাহত নামিছে এটা বৃহত্‍ চক্ৰ। দেওবাৰে এনে এটা ড্ৰাগছ সৰবৰাহকাৰী চক্ৰ আৰক্ষীৰ জালত পৰিল।

পূৰ্বে লাভ কৰা তথ্যৰ ভিত্তিত বিশ্বনাথৰ উপ-আৰক্ষী অধীক্ষক মোজাফৰ হুছেইন আৰু জিনজিয়া আৰক্ষীৰ এটা দল পূৰ্বৰে পৰা ৰৈ আছিল দলটোক কৰায়ত্ত কৰিবলৈ ৷ আৰু অৱশেষত পুৱতি নিশা প্ৰায় ৩ বজাত আৰক্ষীৰ দলটোৰ জালত পৰে ড্ৰাগছ সৰবৰাহকাৰী চক্ৰটো ৷

বিশ্বনাথ চাৰিআলিৰ ওপৰ বাঘমৰা গাঁৱৰ সমীপত ড্ৰাগছসহ গ্ৰেপ্তাৰ হ'ল চাৰিজন ৷ গুৱাহাটীৰ পৰা অহা ‘AS 01LC 7080’ নম্বৰৰ চুইফ্ট ডিজায়াৰ গাড়ীখনৰ পৰা ৪৩টা প্লাষ্টিকৰ টেমাত উদ্ধাৰ হ'ল ড্ৰাগছসমূহ ৷ লগতে এটা চাবোনৰ বাকচতো  ভৰাই অনা হৈছিল ড্ৰাগছ ৷ জব্দ কৰা ড্ৰাগছ সমূহ হিৰোইন বুলি সন্দেহ কৰিছে আৰক্ষীয়ে ৷ অভিযান কালত চাবোনৰ বাকছত ১২ গ্ৰাম আৰু প্লাষ্টিকৰ বটলত ৪ গ্ৰাম ড্ৰাগছ উদ্ধাৰ হৈছে ৷

ড্ৰাগছ সৰবৰাহ কৰিবলৈ ব্যৱহাৰ কৰা চুইফ্ট ডিজায়াৰ গাড়ীখনত লগাই থোৱা আছে উবেৰ কোম্পানীৰ ষ্টিকাৰ। এতিয়া আৰক্ষীয়ে চাৰিওজন লোককে গ্ৰেপ্তাৰ কৰিছে। আটকাধীন সকলৰ ভিতৰত আছে এগৰাকী মহিলা ৷ মহিলাগৰাকীয়ে নিজৰ অন্তৰ্বাসৰ ভিতৰত লুকুৱাই আনিছিল ড্ৰাগছ ৷ অৱশ্যে অভিযানকালত মহিলা আৰক্ষী উপস্থিত থকাৰ বাবে তালাচী চলাই উদ্ধাৰ কৰিবলৈ সক্ষম হয় ড্ৰাগছ খিনি ৷

ড্ৰাগছ সৰবৰাহৰ লগত জড়িত চক্ৰটোৰ সদস্য সকল ক্ৰমে  নলবাৰীৰ ইক্ৰাজুল হক , মাজুলীৰ মীনা বৰি, মাজুলীৰ ৰহমান গাম আৰু বাইহাটা চাৰিআলিৰ মনোজ কুমাৰ দাস ৷ গাড়ীখনত লগতে উদ্ধাৰ হৈছে ৪২৭ টা খালী প্লাষ্টিকৰ টেমা ৷ এতিয়া ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে জেৰা কৰিছে ধৃত চাৰিগৰাকী লোকক।
Published by: Himangshu Bhuyan
First published: October 26, 2020, 8:08 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি